নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাৰ সুবিদ্যা বিদ্যালয়ত “সুবিদ্যা এন্ট্ৰেন্স ফেষ্টিভেলেৰে” বিদ্যাৰম্ভ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ নতুন ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ সম্ভাষণ জনোৱাৰ লগতে নতুন বছৰৰ পাঠদানৰ আৰম্ভণিৰ উদ্দেশ্যে আগত ৰাখি ঘিলামৰাৰ সুবিদ্যা ৰেছিডেণ্টেল ইংলিছ মেডিয়াম স্কুলত আজি “Suvidya Antrance Festival “নামৰ এক আটকধুনীয়া আদৰণী অনুষ্ঠানৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাৰ্থনা, সম্ভাষণ গীত-নৃত্যৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ মূল সভাখনৰ সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি কবীন্দ্ৰ বৰুৱাই। অনুষ্ঠানত বিদ্যালয়লৈ অহা নতুন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সুদূৰ কেৰালা, শ্বিলং আৰু অৰুণাচলৰ পৰা অহা নতুন শিক্ষাগুৰুসকলকো বিভিন্ন উপহাৰেৰে আদৰণি জনোৱা হয়। অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিওটা মাধ্যমক সমানে গুৰুত্ব দি ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ বাবে অহৰহ চেষ্টা চলোৱা বিদ্যালয়খনৰ ন পুৰণি সকলো ছাত্ৰ ছাত্ৰীয়ে  আজিৰ সভাত “ধুমুহা আগচি আমি হ’ম sansation” লক্ষ্য আগত ৰাখি নিজৰ লগতে বিদ্যালয়ৰ সৰ্বাংগীণ উন্নতিৰ বাবে শপত বাক্য গ্ৰহণ কৰে। সভাত ঘিলামৰাৰ কেইবাজনো গণ্যমান্য শিক্ষাবিদ, অভিভাৱকৰ লগতে লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁয়েও অংশগ্ৰহণ কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like