নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিণ্টু গগৈক নিধন কৰা পাকিস্তানৰ পৰা গৌৰৱৰ পত্নীয়ে দৰমহা লোৱাটো মানি ল’ব নোৱাৰোঁ

🔹 যোৰহাটৰ সাংসদৰ বিৰুদ্ধে সৰৱ আটাছু

নিউজ ডেস্ক, ২৯ মে’ : অসম প্রদেশ কংগ্রেছ কমিটীৰ নৱনিযুক্ত সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কালি সৰৱ হৈ পৰে সদৌ টাই আহোম ছাত্র সন্থা (আটাছু)৷ পাকিস্তান ভ্রমণ সন্দর্ভত সাংসদ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উত্থাপন কৰা গুৰুতৰ অভিযোগৰ স্পষ্টীকৰণ বিচাৰে সংগঠনটোৱে৷ গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেলত আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে কয় যে কার্গিলৰ যুদ্ধৰ কথা সকলোৱে জানে৷ কার্গিলৰ যুদ্ধত কেপ্টেইন জিণ্টু গগৈ দেশৰ হকে শ্বহীদ হৈছিল৷ আহোম সম্প্রদায়ক প্রতিনিধিত্ব কৰা বীৰ শ্বহীদগৰাকীক পাকিস্তান চৰকাৰে নিধন কৰিছিল৷ জিণ্টু গগৈৰ দৰে বীৰ জোৱানক শ্বহীদ কৰা দেশৰ চৰকাৰৰ অধীনত চাকৰি কৰি সাংসদ গগৈৰ পত্নীয়ে দৰমহা লোৱাটো মানি ল’ব নোৱাৰি৷ গৌৰৱ গগৈ আৰু তেওঁৰ সহধর্মিণীয়ে এই সমগ্র বিষয় সন্দর্ভত নিজৰ স্থিতি স্পষ্ট কৰিব লাগে৷ সাংসদ গগৈয়ে ৰিপুণ বৰাৰ জৰিয়তে নহয়, নিজ মুখে সমগ্র অভিযোগ সন্দর্ভত স্থিতি স্পষ্ট কৰিব লাগে৷ তেওঁ লগতে কয়– ‘কংগ্রেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই সংবাদ মেলৰ জৰিয়তে উত্থাপিত অভিযোগসমূহৰ প্রত্যুত্তৰ দিছে৷ তেওঁ প্রকাশ কৰিছে যে সাংসদ গগৈৰ পত্নীয়ে বিধিসন্মতভাৱে পাকিস্তানত চাকৰি কৰিছিল ৷ কিন্তু কেনেকুৱা ধৰণৰ বিধিসন্মতভাৱে গগৈৰ পত্নীয়ে চাকৰি কৰিছে? আইএছআই হৈছে পাকিস্তান চৰকাৰে পুহি ৰখা এটা সংস্থা৷ আইএছআইৰ নির্দেশনাত মুম্বাইৰ দৰে ঘটনা সংঘটিত হৈছে৷ পেহেলগামৰ দৰে ঘটনাই মানুহক ঘৰত শান্তিৰে শুই–বহি থাকিব দিয়া নাই৷ বিয়াৰ পূর্বে গগৈৰ পত্নীয়ে ক’ৰবাত চাকৰি কৰিছিল সেই সন্দর্ভত কোনো কথা ক’বলগীয়া নাছিল৷ কিন্তু বর্তমান সাংসদগৰাকীৰ পত্নী অসমৰ জীয়াৰী৷ গতিকে পাকিস্তান চৰকাৰে পুহি ৰখা আইএছআইৰ দৰে সংস্থাৰ ওচৰত চাকৰি কৰাটো মানি ল’ব নোৱাৰোঁ৷’ আটাছুৰ সভাপতি বুঢ়াগোহাঁয়ে কয় যে চিৰবৈৰী এখন দেশৰ সৈতে যিকোনো বিষয় কোনো ব্যক্তিৰ সৈতে জড়িত হ’লে তৎকালীনভাৱে ইয়াৰ স্পষ্টীকৰণ দিয়া উচিত৷ কিন্তু দিনকদিনে গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণৰ বিষয়টো দীঘলীয়া হৈছে৷ ইপিনে, আটাছুৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি বৰগোহাঁয়ে কয় যে গৌৰৱ গগৈয়ে আহোম জাতিক প্রতিনিধিত্ব কৰিছে৷ সেয়েহে তেওঁ স্থিতি স্পষ্ট কৰাটো সকলোৱে বিচাৰিছে৷ দেশ সদায় প্রথম৷ দেশৰ নিৰাপত্তা বিঘ্ণিত কৰিব পৰা কাম কৰা ব্যক্তিয়ে শাস্তি লাভ কৰিব লাগে৷

You might also like