নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ‘অগপ ধর্মনিৰপেক্ষ দল৷ শ্রীমন্ত শংকৰদেৱৰ ধর্মনিৰপেক্ষ, সমাজবাদ, সাম্যবাদৰ জৰিয়তে অগপ আগবাঢ়ি গৈছে৷ বিজেপিৰ লগত আগন্তুক দিনত অগপ শক্তিশালী মিত্র হিচাপে থাকিব৷ নতুন আঞ্চলিক দলে পানী ঘোলা কৰিব, কিন্তু মাছ ধৰিব নোৱাৰে৷ কংগ্রেছ, এ আই হউ ডি এফৰ অবৈধ প্রেম হৈছে৷ অবৈধ প্রেমৰ জৰিয়তে যদি সন্তান জন্ম হয়, সেহ সন্তানে গুৰু–গোসাঁহ নমনা হ’ব৷’ –দেওবাৰে বোকাখাতত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত এই মন্তব্য কৰে অগপৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই৷ ১০ সহস্রাধিক লোকৰ উপস্থিতিত বোকাখাত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত অগপৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তহ কয় যে ন–সাজেৰে, নতুন উদ্যমেৰে অগপ পুনৰ মূৰ দাঙি উঠিছে৷ ডিজিটেল পেজৰ জৰিয়তে অসম যুৱ পৰিষদ, অসম ছাত্র পৰিষদে দলটোক ৰাহজৰ কাষ চপাহ নিছে৷ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যহ নিজৰ ভাষণত কয় যে অগপ দুবাৰকৈ বিভাজিত হৈছে৷ আমাৰ পৰা প্রতীক চিহ্ণও কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল৷ অতুল বৰা আমাৰ সভাপতি, তেওঁক প্রতিটো সমষ্টিয়েহ বিচাৰিব৷ গতিকে বোকাখাতৰ সকলোৱেহ এজন এজন অতুল বৰা হ’ব লাগিব৷ অগপৰ সভাপতি, স্থানীয় বিধায়ক তথা মন্ত্রী অতুল বৰাহ জাতীয় ঐক্য সমাৰোহ সম্বোধন কৰি কয়– অগপৰ ভেটি বোকাখাতত মজবুত হৈছে৷ যোৱা সময়ত আমি সমষ্টিটোৰ মৌলিক সমস্যাসমূহ চিনাক্ত কৰি সমাধানৰ চেষ্টা কৰিছেছা৷ হয়াত এজন ৰজা আছিল৷ ৰজাৰ স্বেচ্ছাচাৰিতাৰ বাবে নিশা গাড়ী–মটৰ নোৰোৱা হ’ল৷ কংগ্রেছ এতিয়া শয্যাশায়ী৷ বদৰুদ্দিন আজমলৰ জৰা–ফুঁকা পানী খাহ কংগ্রেছ বাচিব নোৱাৰে৷ অহা নির্বাচনতো ‘হাতী মেৰা সাথি’৷ শাসনত কোন বহিব, সেয়া অগপৰ হাতীয়ে বাট দেখুৱাব৷ অগপৰ মিত্রতা সময়ৰ আহ্বান৷ মিত্রতা মানে আত্মসমর্পণ নহয়, মিত্রতা মানে লগত যোৱা৷ কংগ্রেছ–এ আই ইউ ডি এফ দলে ছদ্মবেশী আঞ্চলিক দলৰ জন্ম দিছে৷ অশ্বমেধ যজ্ঞৰ ঘোঁৰা আমি এৰি দিছেছা৷ যাক কোনেও ৰুধিব নোৱাৰে৷ সমাৰোহৰ পূর্বে কমাৰগাঁৱৰ পৰা এক বিশাল বাহক ৰেলী উলিওৱা হয়৷
বোকাখাত চাৰিআলিত বাহক ৰেলী শেষ হোৱাৰ পাছত এক সাংস্কৃতিক শোভাযাত্রাৰে অগপ নেতৃত্বক সমাৰোহস্থলীলৈ আদৰি আনে৷ সমাৰোহৰ পূর্বে সমৱেত সংগীত পৰিৱেশন কৰাৰ লগতে আদৰণী ভাষণ দিয়ে বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতাহ৷ সমাৰোহত ৰাজ্যৰ প্রতিখন জিলা সমিতি, মন্ত্রী ফণীভূষণ চৌধুৰী, অগপৰ সাধাৰণ সম্পাদক তথা খাদী ব’ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্য, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, বিধায়ক প্রদীপ হাজৰিকা, সত্যব্রত কলিতা, ভবেন্দ্রনাথ ভৰালী, নৰেন সোণোৱাল, ৰেণুপভা ৰাজখোৱা আদি নেতৃবৃন্দ উপস্থিত থাকে৷