নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক পথৰুঘাটত কৃষক শ্বহীদ দিৱসত মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ “পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহক অনুকৰণীয় আৰু যুগমীয়া কৰাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টাই গ্ৰহণ কৰিব।”- এই মন্তব্য ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ। আজি পথৰুঘাটৰ সাতকুৰি কৃষক শ্বহীদক শ্ৰদ্ধা জ্ঞাপন কৰি পথৰুঘাটৰ ঐতিহাসিক প্ৰেক্ষাপটক লৈ বৰ্তমানৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব। শৰ্মাই গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীও ঘোষণা কৰে। বিশেষকৈ বিগত সময়ত চৰকাৰে পথৰুঘাটক কেন্দ্ৰ কৰি কেইবাটাও অভিলাষী আচনি গ্ৰহণ কৰাৰ পিছত বৰ্তমানৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নতুনকৈ কেইবাটাও আচনি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ ভিতৰত পথৰুঘাটৰ শ্বহীদ বাকৰিত দুই কোটি টকা ব্যয় সাপেক্ষে এখন শ্বহীদ উদ্যান স্হাপন,পথৰুঘাটৰ ঐতিহাসিক বিদ্ৰোহক প্ৰতিফলিত কৰিব পৰাকৈ এখন তথ্য চিত্ৰ নিৰ্মাণৰ বাবে বিশ লক্ষ টকা অনুদান ,এখন উদ্যান শস্যৰ বাগিছা স্হাপন আৰু এপাৰ্টৰ জৰিয়তে পথৰুঘাটত এখন উন্নত মানৰ বজাৰ স্হাপন কৰা হব বুলিও প্ৰকাশ কৰে।পথৰুঘাটৰ সাতকুৰি কৃষক শ্বহীদ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণেৰে অমৰ শ্বহীদ সকলক শ্ৰদ্ধা নিবেদন কৰাৰ পিছত মন্ত্ৰী গৰাকীয়ে ৰাজহুৱা সভা এখনতো অংশ লয়।পথৰুঘাটক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী অতুল বৰাই প্ৰকৃত শ্বহীদৰ তালিকা শুদ্ধ ভাবে উদ্ধাৰ কৰাতো গুৰুত্ব দিবলৈ আহবান জনায়।

শাসনাধিষ্ঠিত চৰকাৰখনে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন আচনিৰ বিষয়ে উল্লেখ কৰি কৃষি মন্ত্ৰী অতুল বৰাই নতুন প্ৰজন্ম কৃষিৰ সৈতে জড়িত হবলৈ আগবাঢ়ি অহাটো চথকাৰৰ সফলতা বুলি উল্লেখ কৰে।তদুপৰি মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শীৰ্ষ পাচখন ৰাজ্যৰ ভিতৰত স্হান দিয়াৰ বাবে গ্ৰহণ কৰাৰ বাবে যি সপোন দেখিছে সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে সকলোৱে প্ৰচেষ্টা গ্ৰহণ কৰা হব বুলিও উল্লেখ কৰে।একেদৰে গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰসংগ উণ্থাপনেৰে কৃষি মন্ত্ৰী গৰাকীয়ে কৃষি ভিত্তিক এই প্ৰকল্প মুখ্য মন্ত্ৰীৰ সপোনৰ প্ৰকল্প বুলি উল্লেখ কৰি এই প্ৰকল্পটোৱে ইতিমধ্যে ৰাজ্যবাসীৰ সমাদৰ লাভ কৰা বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য কভিড পৰিস্থিতিৰ বাবে সীমিত কাৰ্যসূচীৰ মাজেৰে সম্পন্ন হোৱা মুকলি সভাৰ আদৰণি বক্তব্য ৰাখি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে ছাত্ৰ আন্দোলনত জড়িত হৈ থকাৰ পৰাই পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ লগত সংপৃক্ত হৈ থকাৰ প্ৰসংগ উণ্থাপনেৰ শ্বহীদ সকলক উপযুক্ত মৰ্যাদা দিয়াৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হব বুলি দৃঢ়তাৰে দোহাৰে। নিজকে পথৰুঘাটৰ কৃষক শ্বহীদৰ বংশ ধৰ বুলি উল্লেখ কৰি ড০ ৰাজবংশীয়ে ছাত্ৰ অৱস্হাতে পথৰুঘাটক লৈ দেখা সপোন বাস্তৱ কৰাৰ বাবে এটা সূযোগ লাভ কৰা বুলি কৈ এই সুযোগৰ সদব্যৱহাৰ কৰিব বুলি মন্তব্য কৰে।আনহাতে ইয়াৰ পূৰ্বে মুকলি সভা আনুষ্ঠানিক উদ্বোধন কৰি বিশিষ্ট গৱেষক তথা অৱসৰী অধ্যাপক ড০ নগেন্দ্ৰ নাথ শৰ্মাই পথৰুঘাটক লৈ চৰকাৰী নথি অতি সীমিত বুলি উল্লেখ কৰি সমসাময়িক সময়ৰ অসমীয়াইও পথৰুঘাটৰ বিদ্ৰোহক তুলি ধৰাৰ বাবে বিশেষ প্ৰচেষ্টাই কৰা নাছিল বুলি খেদ প্ৰকাশ কৰে। ড০ পৰমানন্দ ৰাজবংশীয়ে দৃশ্য শ্ৰব্য মাধ্যমৰ জৰিয়তে পথৰুঘাটক পোহৰলৈ অনাৰ প্ৰসংগ উল্লেখ কৰি এতিয়াও পথৰুঘাটৰ ওপৰত উপযুক্ত গৱেসণা আৰু তুলনামূলক অধ্যয়নৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে।

উল্লেখযোগ্য যে কৃষক বিদ্ৰোহৰ স্মৃতি গ্ৰন্থ খনি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই উন্মোচন কৰাৰ লগতে মন্ত্ৰী অতুল বৰাই এখন ইংৰাজী গ্ৰন্হ আৰু দৌৰংগ শীৰ্ষক বাৰ্তালোচনীৰো উন্মোচন কৰে‌।সভাত কৃষি বিমাগৰ বিষয়া কৰ্মচাৰী সমন্বিতে দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেণ চন্দ্ৰ মালাকাৰ,আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা আদি উপস্থিত থাকে।ইফালে পূৱা উপায়ুক্ত প্ৰণৱ শৰ্মাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু শ্বহীদ পৰিয়ালৰ মাণিক চন্দ্ৰ ডেকাই শ্বহীদ তৰ্পণ ,সমাজ কৰ্মী আবুল হুছেইন,অধ্যক্ষ লক্ষ্য কুমাৰ বৰুৱা আৰু জিলা কৃষি বিষয়া জ্যোতিষ চন্দ্ৰ নাথে গছপুলি ৰোপণ কৰে।অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্বহীদ পৰিয়ালক সম্বৰ্ধনা , সৰ্বধৰ্ম প্ৰাৰ্থনা আদি কাৰ্যসূচী অনুষ্ঠিত হয়।দৰং জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত আজিৰ কাৰ্যসূচীত পাথৰিঘাটৰ চক্ৰ বিষয়া দৰদী দেৱ ৰয়কে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলে অংশ লয়।

ইফালে বৰ্তমান পাথৰিঘাট হিচাপে পৰিচিত পথৰুঘাট নামটো পুনৰ “পথৰুঘাট “হিচাপে চৰকাৰী স্বীকৃতি প্ৰদানৰ দাবী তুলিছে পথৰু সমন্বয় গোষ্ঠীয়ে।আজি সমন্বয় গোষ্ঠীৰ হৈ মোস্তাক হুছেইনে কৃষি মন্ত্ৰী গৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰি এই দাবী দৃষ্টি গোচৰ কৰাৰ লগতে পথৰুঘাটৰ বিভিন্ন আৰ্থ সামাজিক সমস্যা সমাধানৰ দাবী জনাইছে।

আছুৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি:

ইফালে আজি পাথৰিঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগতো কেন্দ্রীয় কৃষক শ্বহীদ দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা সদৌ অসম ছাত্র সন্থাৰ ৰক্তিম পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সঞ্জীব ডেকাই। লগতে আছুৰ শ্বহীদ বেদীত শ্বহীদ তৰ্পন কৰে আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নুৰ আলমে। কৃষক শ্বহীদ বেদীত শ্বহীদ তৰ্পন কৰে সদৌ দৰং জিলা ছাত্র সন্থাৰ সভাপতি পৰাগ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলম, পংকজ কলিতা, মঙলদৈ মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ডেকা, উপ-সভাপতি অজয় শইকীয়াৰ লগতে আঞ্চলিকৰ নেতৃত্ববৃন্দ।

You might also like