নিয়মীয়া বাৰ্তা ৩০ মেঃ লক ডাউনৰ মাজেত আজি অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মালেগড় নিকটৱৰ্তী চোট বৰজানাত বন বিভাগে এক অভিযান চলাই এটা অবৈধ কাঠৰ কল আৰু বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গোপন সূত্ৰৰ বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ প্ৰাধিকাৰীৰ নিৰ্দেশত বঙাইগাঁও বন সুৰক্ষা বাহিনী আৰু অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ ফৰেষ্টাৰ বিশ্বজিত চাকিৰ নেতৃত্বত বন কৰ্মীৰ দলে ছোট বৰাজানাত অভিযান চলায়। উক্ত অভিযানৰ খবৰ পাই ভ্ৰাম্যমান অবৈধ কাঠফলা কলটো চোৰাং ব্যৱসায়ী জনে আঁতৰাই নি এঘৰত লুকুৱাই ৰাখে। পিছত অভিযানকাৰী দলটোৱে বিভিন্ন স্থানত অভিযান চলাই অবৈধ কাঠফলা কলটো জব্দ কৰিবলৈ সক্ষম হয়। অভিযানকালত উক্ত কাঠফলা কলটোৰ লগতে প্ৰায় ৫০ হাজাৰমান টকাৰ অবৈধ কাঠৰ কুণ্ডাও জব্দ কৰে দলটোৱে। জব্দকৃত কলটো আৰু কাঠখিনি পিছত অভয়াপুৰীৰ কাৰ্যালয়লৈ আনে।