নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগ্ৰীজুলি হাইস্কুলত ১০ কৃতী ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাৰ বঁটা প্ৰদান

 নিয়মীয়া বাৰ্তা, ৩১ মে : তামুলপুৰ জিলাৰ তামুলপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাগ্ৰীজুলি হাইস্কুলত আজি মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দহগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ আৰু বঁটা প্ৰদান কৰা হয় ৷ তদুপলক্ষে আজি নাগ্ৰীজুলি হাইস্কুল প্ৰাংগনত প্ৰধান শিক্ষক ভক্ত বাহাদুৰ চেত্ৰীৰ সঞ্চালনাত এখন শৈক্ষিক সভা অনুষ্ঠিত হয় ৷ সভাত শিক্ষানুষ্ঠানখনৰ সহকাৰী প্ৰধান শিক্ষক বশিষ্ঠ ৰাজবংশী প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল ৷ বিদ্যালয়খনৰ পৰা বিগত শৈক্ষিক বৰ্ষৰ অসম চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় দহ গৰাকীকৈ ছাত্ৰ -ছাত্ৰী৷ কীৰ্তিমান ছাত্ৰ ছাত্ৰী দহগৰাকী ক্ৰমে পল্লব কলিতা, পৰমেশ্বৰ বড়ো, পূজা দাস , চৰিতা তিমচীনা, সোনতলা সূত্ৰধৰ , চুমিত্রা বিশ্বাস , ববিতা সৰকাৰ , বিদ্যুৎ কলিতা , নবীন বড়ো আৰু ৰাজেন দাস। আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণসকলক অসম চৰকাৰে প্ৰেৰন কৰা প্ৰমান পত্ৰ আৰু বৃত্তিৰ ধনৰ ৬৫০৪/- টকাৰ এখনকৈ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৷ উক্ত অনুষ্ঠানত প্ৰধান শিক্ষক ভক্ত বাহাদুৰ চেত্ৰী সহকাৰী প্ৰধান শিক্ষক বশিষ্ঠ ৰাজবংশীয়ে ছাত্ৰ ছাত্ৰীক বৃত্তি পৰীক্ষা সম্পৰ্কে বহলাই কয় আৰু অনাগত দিনত আৰু অধিক ছাত্ৰ ছাত্ৰীয়ে যাতে নাগ্ৰীজুলি হাইস্কুলৰ পৰা মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈ বৃত্তি লাভ কৰিব পাৰে তাৰেই কামনা কৰে ৷ আজি বিদ্যালয়খনৰ দহ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে বৃত্তিৰ ধন লাভ কৰাত স্বাভাবিকতেই বিদ্যালয়খনৰ অধ্যয়নৰত ৫৭৫ গৰাকী ছাত্ৰ ছাত্ৰী উৎসাহিত হৈ পৰে ৷

প্ৰেৰৰ ৰজনী বৰ্মন

You might also like