নিয়মীয়া বাৰ্তা, ২ জুলাইঃ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ দলীয় প্ৰাৰ্থীত্ব প্ৰাপ্তিৰ অংকই ৰাজনৈতিক পৰিৱেশ ধূসৰ কৰি তোলাৰ সময়তে বিধায়ক ভাস্কৰ শৰ্মাক অন্ধকাৰত ৰাখি তেওঁৰে ব্যক্তিগত সহায়ক আৰু তেওঁৰ ঘনিষ্ঠ ঠিকাদাৰে সিন্ধি খন্দাৰ গুৰুতৰ অভিযোগ উঠিছে। উল্লেখ্য যে অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং- বৰডুমচা অধিৱেশনৰ কালতে অসম চৰকাৰৰ তৰফৰ পৰা এটা শতবৰ্ষীয় ভৱন আৰু পেঙেৰী- বৰডুমচা অঞ্চলৰ প্ৰৱেশ দ্বাৰত এখন স্মাৰক তোৰণ নিৰ্মাণৰ অনুমোদন জনোৱা হৈছিল। তাৰে ২০ লক্ষ টকা ব্যয় সাপেক্ষে বৰডুমচাৰ মাধৱপুৰত সাহিত্যসভা ভৱন নিৰ্মাণ কৰা হয় যদিও কম টকা আৱণ্টন, বিধায়কৰ নিৰ্লিপ্ততা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবে আজিও হৈ নুঠিল শতবৰ্ষীয় স্মাৰক তোৰণখন। উল্লেখ্য যে দীৰ্ঘদিনৰ পূৰ্বেই উক্ত তোৰণখনৰ বাবে ‘আনটাইড ফাণ্ড’ ৰ পৰা ১০ লাখ টকা মোকলাই দিয়া হৈছিল যদিও স্থানীয় বিধায়কক বাৰম্বাৰ আৱেদন- নিৱেদন কৰাৰ পাছতো সাহিত্য সভাৰ স্থানীয় গোটক নিৰ্মাণৰ দায়িত্ব নিদিলে। দীৰ্ঘদিন অতিক্ৰম কৰাৰ পাছত পলাশ চেতিয়া ওৰফে সোণটো নামৰ যুৱকজনে পেঙেৰী শাখা সাহিত্য সভাক খবৰ দিলে যে যথাসময়ত সাহিত্য সভাৰ তোৰণ নিৰ্মাণৰ কামটো কাৰ্যকৰী নোহোৱাৰ পৰিপ্ৰেক্ষিতত আঁচনিৰ ধন উভতি যায় যদিও তেওঁ কোনোমতে দিছপুৰৰ পৰা উভতাই আনে। তেনে কথাত পতিয়ন গৈ কৃতজ্ঞতাৰ চিন স্বৰূপে সভাই তেওঁৰ ওপৰতে তোৰণ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰি এক তদাৰক সমিতিও গঠন কৰি দিয়ে। কিন্তু অতি আশ্চৰ্যজনক কথা যে উক্ত ঠিকাদাৰজনে সাহিত্য সভা কিম্বা তদাৰক সমিতিৰ অজ্ঞাতে আৱণ্টিত ১০ লাখ টকাৰে ৫ লাখ টকা মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ পৰা উঠাই নিয়ে। দৰাচলতে চৰকাৰী আঁচনি সমূহ ৰূপায়ণৰ বেলিকা মুঠ আৱণ্টিত ধনৰ প্ৰাৰম্ভিক কিস্তি হিচাপে ১০ শতাংশহে প্ৰদান কৰা হয় যদিও এই ঠিকাদাৰজনে কি ভিত্তিত নিজাববীয়াকৈ ৫০ শতাংশ ধন উঠাই আনে সেয়াহে নুবুজা সাঁথৰ। ইফালে ইতিমধ্যে পেঙেৰী শাখা সাহিত্য সভাই স্থানীয় লোকৰ সহযোগত সৰ্বসন্মতিক্ৰমে পেঙেৰীৰ প্ৰৱেশ দ্বাৰ স্বৰূপ স্থান বুঢ়ীদিহিং কনিষ্ঠ মহাবিদ্যালয় তথা পেঙেৰী থানাৰ কাষত তোৰণ নিৰ্মাণৰ বাবে স্থান বাচনি কৰে। কিন্তু তাৰ কিছুদিনৰ পাছত ঠিকাদাৰ পলাশ চেতিয়াই মনমৰ্জি মতে স্থান নিৰ্বাচন কৰি পেঙেৰী চাৰি আলি সাৰ্বজনীন নামঘৰৰ কাষতে শাখা সাহিত্য সভা আৰু তদাৰক সমিতিৰ অজ্ঞাতেই তোৰণ নিৰ্মাণৰ বাবে ২৪ ফুট প্ৰস্থৰ ব্যৱধানত পথৰ দুকাষে গাঁত খান্দে। উত্তৰ- পূৱ পৰিষদৰ দ্বাৰা নিৰ্মিত ডিগবৈ- পেঙেৰী- বৰডুমচা পথটো ইতিমধ্যেই ৰাষ্ট্ৰীয় ঘাই পথ হিচাপে উন্নীতকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত মাত্ৰ (বৰ্তমানৰ পথটোৰ জোখত)২৪ ফুট বহলৰ অসম সাহিত্য সভাৰ শতবৰ্ষীয় ইতিহাস বিজড়িত তোৰণখন সভা আৰু সমিতিৰ অজ্ঞাতে অনিৰ্বাচিত স্থানত নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰাত ক্ষুণ্ণ হৈ পেঙেৰী শাখা সাহিত্য সভাই নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে। এই সন্দৰ্ভত সভাৰ এটা সঁজাতী দলে বিধায়ক ভাস্কৰ শৰ্মাক লগ ধৰিবলৈ গৈছিল যদিও তেওঁক লগ নোপোৱাত যোৱা ২৯ জুন তাৰিখে পেঙেৰীলৈ বিশেষ কাৰ্যসূচীৰ বাবে যাওঁতে বিধায়ক গৰাকীক পেঙেৰী শাখা সাহিত্য সভাই লগ ধৰে। কিন্তু বিধায়ক গৰাকীয়ে সেই সম্পৰ্কে কোনো কথা নাপাতি সভাৰ প্ৰতিনিধিক মাৰ্ঘেৰিটালৈ মাতি পঠোৱা হ’ব বুলি কয়। কিন্তু সকলোকে আচৰিত কৰি পাছদিনাখনেই চেতিয়া উপাধিৰ ঠিকাদাৰজনে নিজৰ খেয়াল খুচিমতে পুনৰ তোৰণ নিৰ্মাণৰ কাম আৰম্ভ কৰে।
ইফালে তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত পেঙেৰী অঞ্চলৰ কেতবোৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পেঙেৰী নিৱাসী পলাশ চেতিয়া ওৰফে সোণটো নামৰ ঠিকাদাৰজনৰ মইমতালিয়ে জনসাধাৰণক অতিষ্ঠ কৰি তোলাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে উক্ত যুৱ ঠিকাদাৰজনে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক অন্ধকাৰত ৰাখি তেওঁৰে ব্যক্তিগত সহায়ক দিচেন টিপমীয়াৰে মিলি অনায়াসে লাভ কৰে লাখ লাখ টকীয়া ঠিকা। অভিযোগ মতে উক্ত ঠকাদাৰজনে মাৰ্ঘেৰিটাৰ বিভিন্ন আঁচনিৰ কামৰ ফাইল দিছপুৰৰ পৰা পাছ কৰাই অনাৰ ক্ষমতাও আছে বুলি দম্ভালি বচন মাতে। এইজন ঠিকাদাৰে বিধায়কৰ ব্যক্তিগত সহায়ক টিপমীয়াৰ সহযোগত পেঙেৰী অঞ্চলৰ প্ৰায় প্ৰতিটো শকত অংকৰ আঁচনি ৰূপায়ণৰ ঠিকাই লাভ কৰে। ইতিমধ্যে তেওঁ পেঙেৰী চাৰি আলি সাৰ্বজনীন নামঘৰ নিৰ্মাণৰ বেলিকা মুঠ আৱণ্টিত ধনৰ এক তৃতীয়াংশতকৈও কম টকা খৰচ কৰাৰ অভিযোগ আছে। একেদৰে ৩০ লাখ টকা ব্যয় সাপেক্ষে পেঙেৰীত নিৰ্মিত চ্যুকাফা ভৱন আৰু প্ৰগতিশীল যুৱক সংঘ চৌহদৰ ২০ লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্যতো বিসঙ্গতি থকাৰ ৰাজহুৱা অভিযোগ আছে। শেহতীয়াকৈ এইজন অবিজেপি ঠিকাদাৰে একমাত্ৰ বিধায়কৰ ব্যক্তিগত সহায়কৰ সতে থকা মধুৰ সম্পৰ্কৰ বাবেই ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ পেঙেৰী চাৰি আলি সাৰ্বজনীন নামঘৰ, ইনথেম গাঁও পঞ্চায়তৰ ইনথেম চিংফৌ সাংস্কৃতিক কেন্দ্ৰ আৰু ইনথেম- নগাপথাৰ ৰাজহুৱা ৰঙ্গমঞ্চ আৰু বিজুলীবন গাঁও পঞ্চায়তৰ দুৱাৰমৰা বুদ্ধ বিহাৰৰ আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে আৱণ্টিত ক্ৰমে দহ, পঁচিছ, বিশ আৰু পঞ্চাছ লাখ টকাৰ ঠিকা লাভ কৰিছে। এই খবৰে দলীয় কৰ্মকৰ্তাসকলৰ মাজত ক্ষোভৰ অগনি জ্বলাই তুলিছে। এই ক্ষেত্ৰত বুঢ়ীদিহিং মণ্ডল কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা ভাদেশ্বৰ মৰাণৰ ভূমিকা কি হ’ব সেয়া সময়েহে প্ৰমাণ কৰিব।