নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানৰ উচুপনি জ্বলিয়েই আছে জুই

অইলৰ অগ্নি নির্বাপক বাহিনীৰ সন্ধানহীন ২ কর্মচাৰীৰ মৃতদেহ জলাশয়ৰ পৰা উদ্ধাৰ

নিয়মীয়া বাৰ্তা ১১ জুনঃ বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ  সময়ৰে পৰা নিখোজ হৈ থকা দুজন কর্মচাৰীৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হয়৷ বাঘজান বিজিআৰ ৫নং তৈলখাদৰ কাষতে থকা এটা পুখুৰীত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনির্বাপণ বিভাগৰ সহকাৰী অপাৰেটৰ দুর্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হয়৷ সমগ্র ঘটনা সন্দর্ভত দুর্ঘটনাৰ সময়ত ঘটনাস্থলীত থকা এজন কর্মচাৰীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে দুপৰীয়া প্রায় ১.১০ বজাত তেওঁলোকে ভাত খাই আছিল৷ সেই সময়তে তৈলখাদটোত এক ভয়ংকৰ শব্দ হয়৷ মুহূর্তৰ ভিতৰতে জুইৰ শিখা আৰু ক’লা ধোঁৱাই সমগ্র অঞ্চল আগুৰি ধৰে৷ আতংকিত হৈ দুর্লভ, তীখেশ্বৰ, তেওঁ নিজে আৰু আন এজন অ’এনজিচিত কর্মৰত লোকে কাষতে থকা পুখুৰীটোৰ দিশে দৌৰি গৈ পানীত নামি পৰে৷ কিন্তু তাৰ পৰা অ’ এন জি চিৰ কর্মচাৰীজন অন্য দিশে যোৱা দেখি তেৱোঁ সেই লোকজনক অনুসৰণ কৰে৷ তেনে এক হুলস্থূলীয়া পৰিৱেশত দুর্লভ আৰু তীখেশ্বৰ কোন ফালে গ’ল, তাৰ একো উৱাদিহ নাপালে লগত থকা আন দুজন লোকে৷ তাৰ পিছত বুধবাৰে পুৱা পুখুৰীত উদ্ধাৰ হয় দুর্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁইৰ মৃতদেহ৷
উল্লেখ্য যে অইল ইণ্ডিয়া ফুটবল দলৰ এগৰাকী সুদক্ষ গ’লকীপাৰ ৰূপে পৰিচিত নামৰূপৰ দুর্লভ গগৈয়ে ২১ বছৰ অনূর্ধ্বৰ অসম ফুটবল দলকো প্রতিনিধিত্ব কৰিছিল৷ আনহাতে দুলীয়াজানৰ তীখেশ্বৰ গোহাঁয়ো এগৰাকী সাহসী কর্মী ৰূপে সকলোৰে মাজত পৰিচিত আছিল৷ ইপিনে, অগ্নিকাণ্ডৰ ফলত গেছৰ নির্গমন ৰোধ কৰিবলৈ ব্যৱহাৰ কৰি থকা কেইবাটাও জেনেৰেটৰ ছেট জ্বলি নষ্ট হৈ যোৱাৰ লগতে খাদটোত থকা অইলৰ কেইবাখনো বাহন জ্বলি ভস্মীভূত হয়৷ কেৱল আর্থিক লাভালাভৰ বাবে মানুহ আৰু প্রকৃতিক তিলমাত্রও গুৰুত্ব প্রদান নকৰা অইল ইণ্ডিয়া লিমিটেডৰ বাবে বুধবাৰে সর্বস্বান্ত হ’ল বাঘজান–কলিয়াপানী গাঁৱৰ বহুকেইটা পৰিয়াল৷ কালি দুপৰীয়াৰ পৰা নিশা পর্যন্ত কূপটোৰ কাষতে থকা প্রায় ১৪টা পৰিয়ালৰ সকলো সা–সম্পত্তি, সপোন ভয়ংকৰ জুইৰ লেলিহান শিখাই ছাই কৰি পেলায়৷
উল্লেখ্য যে ২৭ মে’ৰ পুৱাই কূপটোত ভয়ংকৰ শব্দৰে গেছ নির্গত হোৱাৰ পিছতে প্রাণৰ মমতাত সকলো সা–সম্পত্তি ঘৰতে এৰি আহি বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ৰ আশ্রয় শিবিৰত আন গাঁওবাসীৰ লগতে এই পৰিয়ালকেইটায়ো আশ্রয় লৈ আছিল৷ এতিয়া বিদ্যালয়–মহাবিদ্যালয় অধ্যয়নৰত ছাত্র–ছাত্রীসকলৰ সকলো শিক্ষাৰ সামগ্রী, সা–সম্পত্তি, নথিপত্র আদি এই জুইত জাহ যোৱাত মূৰতে সৰগ ভাগি পৰিছে৷ আনহাতে এইকেইটা পৰিয়ালে অতি কষ্টৰ মাজেৰে জীৱিকাৰ পথ ৰূপে গঢ়ি তোলা ক্ষুদ্র ক্ষুদ্র চাহ বাগিচা, বাঁহবাৰী, শাক–পাচলিৰ বাৰীৰ লগতে ঘৰতে এৰি থৈ অহা হাঁহ–কুকুৰা, গৰু–ছাগলী আদিও এই জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে৷ সম্প্রতি অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনির্বাপণ বাহিনীৰ গাড়ীয়ে খাদৰ চাৰিওফালৰ এলেকাত পানীৰে অগ্নি নির্বাপণৰ চেষ্টা চলাই আছে যদিও পৰিস্থিতি নিয়ন্ত্রণলৈ অহা নাই৷ আনহাতে বর্তমানৰ পৰিস্থিতিৰ মূল্যায়নৰ বাবে ছিংগাপুৰৰ মেছার্ছ এলার্ট ডিজেষ্টাৰ কণ্ড্র’লৰ বিশেষজ্ঞৰ দলে অইল আৰু অ’এনজিচি দলৰ সৈতে বুধবাৰে পুৱা খাদৰ ক্ষেত্র পৰিদর্শন কৰে আৰু সম্প্রতি পৰৱর্তী কার্যব্যৱস্থাৰ বাবে পথৰ মানচিত্র তৈয়াৰ কৰি থকাত ব্যস্ত হৈ আছে৷ ইফালে অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ সৈতে তিনিচুকীয়াত বুধবাৰে বিতং আলোচনাত মিলিত হয়৷ তিনিচুকীয়াৰ উপায়ুক্ত উপস্থিত থকা এই আলোচনাত মন্ত্রীগৰাকীয়ে ব্ল আউটৰ বর্তমানৰ স্থিতি সন্দর্ভত আৰু অইলে আৰম্ভ কৰা কার্যপ্রণালীৰো বুজ লয়৷ ইফালে কেন্দ্রীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ আৰু তীখা মন্ত্রীয়ে বুধবাৰে পুৱা তিনিচুকীয়া আৰু বাঘজানত অইলৰ দলৰ সৈতে জৰুৰীকালীন ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে বাঘজানস্থিত অইল দলৰ পৰা অগ্নি কাণ্ডৰ সামগ্রিক পৰিস্থিতিৰ বুজ লয়৷ মন্ত্রীগৰাকীয়ে অগ্নিকাণ্ডৰ পৰা প্রভাৱিত হোৱা লোকসকলৰ সকলো প্রয়োজনীয় সহায় প্রদানৰ ক্ষেত্রত তৎকালীন ব্যৱস্থা ল’বলৈ আৰু অগ্নি প্রসাৰণ নিয়ন্ত্রণ কৰিবলৈ সকলো পদক্ষেপ গ্রহণ কৰাৰ বাবে অইলক পৰামর্শ দিয়ে৷ এই ভিডিঅ কনফাৰেঞ্চৰ পিছতেই অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকে কাৰিকৰী, ব্যৱস্থা আৰু সুবিধা, সাহায্য–পুনৰ সংস্থাপন আৰু বর্তমানৰ সংকটজনক পৰিস্থিতিত উদ্ধাৰ পোৱাৰ উপায়সমূহৰ ফলপ্রসূ কার্যকৰীকৰণ সম্বন্ধীয় অন্যান্য বিষয়ৰ ওপৰত চাৰিটা দল গঠন কৰে৷ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী বুধবাৰে বাঘজানলৈ আহি তৈলখাদত হোৱা অগ্ণিকাণ্ডৰ পৰিস্থিতিৰ বুজ লয়৷ মন্ত্রীগৰাকীৰ সৈতে ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীও আছিল৷ মন্ত্রী পাটোৱাৰী আৰু সাংসদ তেলীয়ে আতংকিত ৰাইজে আশ্রয় লৈ থকা শিবিৰকেইটাও পৰিদর্শন কৰে৷ পিছত মন্ত্রীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে হঠাতে ঘটি যোৱা এই অগ্নিকাণ্ডৰ পিছত এতিয়া অইলক উচ্চ প্রযুক্তিৰ সহায় লাগিব৷ ইয়াৰ বাবে ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ দলৰ লগত আলোচনা কৰিছে৷ ইতিমধ্যে অইলে কৰা কামৰ অগ্রগতিত বিশেষজ্ঞ দলটো সন্তুষ্ট হৈছে৷ বতৰ বেছি বেয়া নহ’লে ২১ দিনৰ ভিতৰত এই জুই নির্বাপিত কৰিব পাৰিব বুলি বিশেষজ্ঞ দলটো আশাবাদী৷ অৱশ্যে ইয়াৰ বাবে জুই জ্বলা খাদটোৰ চাৰিওফালে অইলৰ মানুহক ২৪ ঘণ্টাই অহা–যোৱা কৰিবলৈ অনুমতি দিব লাগিব আৰু ইয়াৰ বাবে প্রয়োজন হোৱা মাটি কাটিবলৈও অনুমতি দিব লাগিব৷ অইলক ডিব্রু–ছৈখোৱাৰ আন ৭টা স্থানত খননৰ অনুমতি প্রদান কৰা বিষয়টো মন্ত্রীগৰাকীয়ে এৰাই চলি কয় যে এতিয়া প্রথম কাম খাদটোৰ জুই নুমুৱাব লাগে আৰু শিবিৰত থকা লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ ব্যৱস্থা কৰিব লাগে৷ আনহাতে উপায়ুক্তই ক্ষয়–ক্ষতিৰ জৰীপ কৰাৰ পিছত ক্ষতিগ্রস্ত সকলোৱেই ক্ষতিপূৰণ লাভ কৰিব বুলি মন্তব্য কৰে৷ বুধবাৰে বিয়লি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ঘটনাস্থলীৰ লগতে আশ্রয় শিবিৰসমূহ পৰিদর্শন কৰি এই জুই অতি সোনকালে নির্বাপণ কৰাৰ লগতে ক্ষতিগ্রস্তসকলক সুৰক্ষিতভাৱে ৰাখি উচিত ক্ষতিপূৰণ দিবলৈ অইল ইণ্ডিয়াক দাবী জনায়৷ আনহাতে কালি অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে জিলা প্রশাসন তথা অইল ইণ্ডিয়া কর্তৃপক্ষই বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ত আশ্রয় লৈ থকা লোকসকলৰ লগতে ঘটনাস্থলীৰ পৰা পাঁচ কিলোমিটাৰপর্যন্ত এলেকাৰ পৰা সকলো ৰাইজক আঁতৰি যাবলৈ কোৱাত যিয়ে যেনেদৰে আছিল সেইদৰেই ঘৰৰ পৰা ওলাই আহি অইল ইণ্ডিয়াই যোগান ধৰা বাছৰ লগতে বিভিন্ন বাহন আৰু বহুতে খোজকাঢ়ি আহি পূর্বৰে পৰা সাজু কৰি ৰখা বান্দৰখাটি হাইস্কুলত থিতাপি লোৱাৰ উপৰি বহুতো লোকে নিজা নিজা সম্বন্ধীয় লোকৰ ঘৰলৈ ঢ়াপলি মেলে৷ কিন্তু সন্ধিয়ালৈ উল্লেখিত বিদ্যালয়খনত আতংকিত ৰাইজৰ সমাগম অধিক হোৱাত তাৰ পৰা বাঘজান–কলিয়াপানী গাঁৱৰ লোকসকলক কর্দৈগুৰি হাইস্কুল আৰু কেছেৰুগুৰি প্রাথমিক বিদ্যালয়ত আশ্রয় ল’বলৈ ঠিক কৰি দিয়াৰ লগতে জকাই মধ্য ইংৰাজী বিদ্যালয়খন সাজু কৰি ৰাখে ৷ বুধবাৰে পৰা অইল ইণ্ডিয়া লিমিটেডে আশ্রয় শিবিৰ স্থাপন কৰা প্রতিখন ঠাইৰ স্থানীয় লোকসকলক লৈ একোটা দল গঠন কৰি দি শিবিৰবাসীক চোৱাচিতাৰ দায়িত্ব অর্পণ কৰিছে৷ ইয়াৰ উপৰি কেছেৰুগুৰি প্রাথমিক বিদ্যালয়ত আশ্রয় লৈ থকা ৰাইজলৈ মৰাণ ছাত্র সন্থাৰ লেকাং আঞ্চলিক সমিতিয়ে খাদ্য সামগ্রী যোগান ধৰিছে৷ কণ কণ শিশু, বৃদ্ধ–বৃদ্ধা তথা গর্ভৱতী মহিলাই আশ্রয় লৈ থকা আশ্রয় শিবিৰসমূহত আজি অইল ইণ্ডিয়া লিমিটেডৰ ভ্রাম্যমাণ স্বাস্থ্য সেৱাৰ চিকিৎসা কর্মীসকলে চিকিৎসা প্রদান কৰে৷ আনহাতে, অগ্নি কাণ্ডৰ ঘটনাৰ পৰিপ্রেক্ষিতত অইল ইণ্ডিয়াৰ মুখ্য অভিযন্তা পৱন দাস আৰু ডি আই চি দেৱজিৎ দাসক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ ইফালে, আজি সন্ধিয়াৰ পৰা বাঘজান সমীপৰ নতুন গাঁও দীঘলতৰং, কজৈগুৰি আদি অঞ্চলৰ ভূগর্ভ কঁপি থকা ঘটনাই ৰাইজৰ মাজত আন এক আতংকৰ সৃষ্টি কৰিছে৷

You might also like