নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ যোৱা ৩১ আগষ্ট তাৰিখে ব্ল’ আউট প্ৰিভেণ্টাৰ (বি অ’ পি) উঠোৱাৰ সময়ত বাগৰি পৰা অ’ এন জি চিৰ ‘এথে ৱেগন’খনৰ মেৰামতি চলি আছে দুলীয়াজানত। এই তথ্য অইলৰ মুখপাত্ৰ তথা চি এছ আৰ আৰু চি চি বিভাগৰ উপ মহাপ্ৰৱন্ধক ত্ৰিদীপ হাজৰিকাৰ। তেওঁৰ মতে মেৰামতিৰ বিকল্প নাই। কাৰণ দুই- এখনৰ বাদে তেনে বাহন দেশতেই বিৰল। তেওঁ জানিবলৈ দিয়ামতে এথে ৱেগন ইঞ্জিনযুক্ত কোনো বাহন নহয়, ই এটা যন্ত্ৰহে। এখন বুল্ডজাৰৰ সতে সংযোজন ঘটাই ইয়াক পূৰ্ণাংগ ৰূপ দিয়া হয়। বি অ’ পিৰ ওজনৰ সতে এথে ৱেগনৰ বহন ক্ষমতাৰ সামঞ্জস্য নাছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত হাজৰিকাই কয় যে এথে ৱেগন নামৰ যন্ত্ৰটোৰ বহন ক্ষমতা ১৫ টনৰ বিপৰীতে বি অ’ পিৰ ওজন মাত্ৰ ৯ টন। তেওঁৰ মতে অভিযান স্থলীৰ ওপৰিভাগ কোমল হৈ থকাৰ বাবেই প্ৰকৃততে সিদিনাৰ ঘটনাটো ঘটিবলৈ পালে। সম্প্ৰতি ছিংগাপুৰৰ মেছাৰ্ছ এলাৰ্ট ডিজেষ্টাৰ ক’ণ্ট্ৰ’লৰ প্ৰতিনিধিৰ তত্বাৱধানত অভিযানস্থলীৰ মাটি টান কৰাৰ কাম (চিভিল ৱৰ্ক)ৰ লগতে দুলীয়াজানৰ ৱৰ্কশ্বপত এথে ৱেগনৰ মেৰামতিৰ কাম চলি আছে। ৱেল হেডত বি অ’ পি স্থাপনৰ পাছত কিমান শতাংশ কাম বাকী থাকিব পাৰে বুলি প্ৰশ্ন কৰাত কৰ্তৃত্বশীল বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে বি অ’ পি স্থাপন কৰা মানেই ৭০ শতাংশ কাম সম্পন্ন কৰা। তাৰ পাছত বিশেষ ৰসায়নিক পদাৰ্থযুক্ত দ্ৰব্যৰে ব্ল’ আউট কিলিং কৰা হয়, যিটো অইল ইণ্ডিয়াৰ বাবে স্বাভাৱিক কৰ্ম। পূৰ্বতে ডিকম (২০০৫) আৰু দেওহালৰ (২০১১)ৰ ব্ল’ আউট কেপিঙৰ কাম আমেৰিকা যুক্তৰাষ্ট্ৰীয় কোম্পানী বূটছ এণ্ড কূটছৰ দ্বাৰা সম্পন্ন কৰা হৈছিল, কিন্তু বি জি আৰ ৫ ৰ ক্ষেত্ৰত উক্ত কোম্পানীটোক পচন্দ নকৰাৰ কাৰণ কি বুলি সোধা প্ৰশ্নৰ উত্তৰত অইলৰ মুখপাত্ৰগৰাকীয়ে কয় যে মূলত ৱাইল্ড ৱেল ক’ণ্ট্ৰ’ল, বূটছ এণ্ড কূটছ আৰু এলাৰ্ট ডিজেষ্টাৰ ক’ণ্ট্ৰ’ল নামৰ তিনিটা সমকক্ষ কোম্পানীৰ সতে যোগাযোগ কৰা হৈছিল যদিও প্ৰথম দুটা ইউ এছ বেছড কোম্পানী। সেইখিনি সময়ত ইউ এছ এত ক’ৰনা মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰিছিল। গতিকে তাৎক্ষণিকভাৱে অসমলৈ অহাত অপাৰগতা প্ৰকাশ কৰাৰ বাবেই ভাৰতৰ নিকটৱৰ্তী ছিংগাপুৰৰ মেছাৰ্ছ এলাৰ্টৰে চুক্তিবদ্ধ নিশ্চিত কৰা হয়। সেই সূত্ৰেই যোৱা ৭ জুনত সিবিলাকৰ তিনিজনীয়া দল এটা আহি উপস্থিত হ’লহি। তেওঁৰ মতে কোম্পানী নহয়, কোম্পানীত জড়িত বিশেষজ্ঞসকলৰ ওপৰতহে নিৰ্ভৰ কৰে কামৰ সফলতা- বিফলতা। বিশ্বত এই ধৰণৰ বিশেষজ্ঞৰ সংখ্যা মাত্ৰ ৩০/ ৪০ জন। তেওঁলোকে যিকোনো কোম্পানীৰ হৈ কাম কৰিব পাৰে। এলাৰ্টৰ অসম কিম্বা ভাৰতৰ কোনো ঠাইত শাখা কাৰ্যালয় আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ত্ৰিদীপ হাজৰিকাই কয় যে তেওঁলোকৰ কোনো কাৰ্যালয় নাই। গুৱাহাটীত বাহৰ পাতি থকা ভাস্কৰ দুৱাৰাৰ এলাৰ্টৰে কি সম্পৰ্ক আছে বুলি সোধাত তেওঁ জানিবলৈ দিয়ে যে তেওঁ এলাৰ্টৰ ইণ্ডিয়ান এজেণ্টহে। এই ধৰণৰ এজেণ্টে যিকোনো কোম্পানীৰ হৈ কাম কৰিব পাৰে। উল্লেখ্য যে এই প্ৰতিবেদকে ভাস্কৰ দুৱৰাৰে টেলিফ’নিক যোগাযোগ কৰি এলাৰ্টৰে তেওঁৰ সম্পৰ্ক কি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ পৰিচয় প্ৰকাশ কৰাত নাৰাজ হৈ কেৱল ক’লে যে এইবোৰ কথা অইলেহে ক’ব।(