নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ বিগত আঢ়ৈ মাহ অথবা ৮৩ দিনে জ্বলি আছে বাঘজানৰ বিধ্বংসী জুই। বৰ্তমানো জুই নিৰ্বাপিত হ’বলৈ সক্ষম হোৱা নাই বিশেষজ্ঞৰ দল। বৰ্তমানো অব্যাহত আছে জুই নিৰ্বাপনৰ প্ৰচেষ্টা। ইতিমধ্যে ৬জনকৈ বিদেশী বিশেষজ্ঞ, অইল আৰু ONGCৰ লোকে আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া।
বাঘজানৰ ৫নং খাদত ইতিমধ্য়ে BOP স্থাপন কৰা হৈছে । BOPৰ দ্বাৰাই সমগ্ৰ খাদটোৰ জুই নিয়ন্ত্ৰণলৈ আনিব পৰা যায়। ইয়াৰ পূৰ্বেও দুবাৰকৈ BOP স্থাপনৰ বাবে চেষ্টা কৰিও বিফল হৈছিল বিশেষজ্ঞৰ দল। BOPৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ কৰাৰ লগতে ফিলিং আৰম্ভ হ’ব। এই প্ৰক্ৰিয়াই এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে বাঘজানলৈ। সকলোৱে এতিয়া অপেক্ষা কৰিছে বাঘজানৰ জুই নিৰ্বাপিত হোৱালৈ।