নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই- এদিনতে হয়তো নিৰ্বাপিত হ’ব বাঘজানৰ জুই; কিন্তু থাকি যাব পাই হেৰুৱাৰ বেদনা…

  • কমা নাই শব্দ
  • দহ কিঃ মিঃলৈ অনুভূত হৈছে কম্পন

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ভিতৰুৱা এক সূত্ৰ অনুসৰি কাইলৈ বাঘজানৰ জুই নিৰ্বাপিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে আজিৰ দিনটোত অভূতপূৰ্বভাৱে কঁ‌পি উঠে বাঘজানৰ লগতে ইয়াৰ প্ৰায় দহ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা।এটা সূত্ৰই প্ৰকাশ কৰা মতে ভূ-কম্পনৰ ৰিখটাৰ স্কেলৰ প্ৰাবল্য আছিল ২.৩৫। ভূ-কম্পনে বাঘজান বাসীৰ হৃৎপিণ্ড কঁ‌পাই তোলাৰ লগতে ৪৯ দিনে সৃষ্টি হৈ থকা বিকট শব্দই এক প্ৰকাৰে কোঙা কৰি পেলাইছে নিকটৱৰ্তী লোকসকলক। বাঘজান ৰিগ নম্বৰ ৫ ৰ অগ্নি দুই- এদিনতে নুমাই গ’লেও কাললৈ ৰৈ যাব ‘পাই হেৰুৱাৰ বেদনা’। এয়া বাঘজানৰ কেইজনমান নিৰপেক্ষ লোকৰ আশংকা। তেওঁলোকৰ মন্তব্য- ‘অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা পঞ্চৰত্ন ৰাজহুৱা কোম্পানীৰ ধ্বংস আমাৰ কাম্য নহয়, সেই বুলি বাঘজানৰ ধ্বংসও সহ্য কৰা নহ’ব।’ জুই নিৰ্বাপিত হোৱাৰ পাছত দেখা দিব পৰা পাৰ্শ্বক্ৰিয়া সন্দৰ্ভতো বাঘজানৰ সচেতন মহল কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে। জুই নিৰ্বাপিত হোৱাৰ পাছত ক্ষতিগ্ৰস্তই উচিৎ ক্ষতিপূৰণ পাবলৈ সক্ষম হ’বনে বুলিও প্ৰশ্ন উত্থাপিত হৈছে।অভিযোগ অনুসৰি বাঘজান কাণ্ডৰ নেতৃত্ব বহনকাৰীসকলৰ অধিকাংশই জনস্বাৰ্থৰ পৰিৱৰ্তে ব্যক্তিগত স্বাৰ্থ পূৰণতহে উঠিপৰি লাগিছে। অভিযোগ মতে প্ৰতিটো আশ্ৰয় শিৱিৰতে কেণ্টীন চলোৱাৰ নামত ৰমৰমীয়া ব্যৱসায় চলিছে। মিলনজ্যিতি যুৱক সংঘক বিপথে পৰিচালিত কৰিছে স্থানীয় জনৈক অইল কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ নেতা বিশেষে। অভিযোগ অনুসৰি অতি মাৰাত্মক কথা এয়ে যে যুৱক সংঘৰ কাৰ্যনিৰ্বাহক সভাসমূহৰ গোপনীয়তা বজাই ৰখা সন্দৰ্ভতো প্ৰশ্ন উঠিছে।কাৰণ, সভাৰ আলোচনা কিম্বা গৃহীত প্ৰস্তাৱসমূহ অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ কৰ্ণ গোচৰ হ’বলৈ মাত্ৰ কেই মিনিটমানৰহে প্ৰয়োজন। বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ তালিকা প্ৰস্তুত কৰিবৰ বেলিকাও সংঘক বিপথে পৰিচালিত কৰা লোকে স্বজন- তোষণৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। যাৰ পৰিণতিত ৩০ হাজাৰকৈ আপাতঃকালীন পাৰিতোষিক পোৱা ৬৫০ টা পৰিয়ালত অন্তৰ্ভুক্ত হৈ আছিল ১২৭ টা অতিৰিক্ত পৰিয়াল। অৰ্থাৎ ৩৮ লাখ ১০ হাজাৰ টকা পেহী, মাহী, ভতিজা, ভাগিন আদিৰ নামত পৰিয়ালৰ সৃষ্টি কৰি সাহাৰ্যৰ ধন বিতৰণ কৰা হয়। অভিযোগ অনুসৰি উক্ত টকাৰে একাংশ কেণ্টিন চলোৱাৰ নামৰ বিনিয়োগ কৰে স্বাৰ্থজড়িত পক্ষই। প্ৰকৃত ক্ষতিগ্ৰস্ত ৮০ টা পৰিয়ালৰ নাম বেংক সম্পৰ্কীয় ত্ৰুটিৰ হেতু ঘূৰি আহিলতহে উৰহী গছৰ ওৰ ওলাই পৰে বুলি প্ৰকাশ। এই সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত কৰি সংশ্লিষ্ট পৰিয়াল সমূহক ধন ঘূৰাই দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিলেও কাৰ্যতঃ বাস্তৱত পৰিণত নহ’ল।আন এক অভিযোগ মতে ৩ হাজাৰ লোক প্ৰদৰ্শন কৰি বাঘজান শিৱিৰৰ কেণ্টীন চলোৱা হৈছে যদিও দৰাচলতে বাঘজানৰ মূল শিৱিৰত ৭ শ লোকেও দৈনিক খাদ্য গ্ৰহণ নকৰে। অইলৰ ঘোষণা অনুসৰি প্ৰতিগৰাকী শৰণাৰ্থীৰ বিপৰীতে দৈনিক খাদ্যৰ নামত ৫ শকৈ টকা ধাৰ্য কৰা হৈছে। সেই হিচাপত দৈনিক ৩ হাজাৰ লোকৰ নামত আৱণ্টন হ’ব লাগে ১৫ লাখ টকা। অভিযোগ মতে এই হিচাপত দৈনিক ৫০ শতাংশ ধন ৰাহি হয়। একেটা অভিযোগ মতে সদ্যহতে খাদ্যৰ মান উন্নত হৈছে যদিও প্ৰায় দুকুৰি দিনেই অস্বাস্থ্যকৰ পৰিৱেশত নিম্নমানৰ খাদ্যৰ যোগান ধৰা হৈছিল। তদ্ৰুপ অভিযোগ উঠিছে অন্যান্য শিৱিৰসমূহৰ ক্ষেত্ৰতো। সূত্ৰটোৰ মতে বাঘজান শিৱিৰৰ লোকে দুটা কিস্তিত প্ৰায় ৪ কোটি টকাৰ আপাতঃকালীন সাহাৰ্য লাভ কৰাৰ বিপৰীতে অন্যান্য শিৱিৰ সমূহত প্ৰদান কৰা হয় ৫ কোটি টকা। একাংশ শিৱিৰত ৩০ হাজাৰ টকীয়া আপাতঃকালীন সাহাৰ্য বিতৰণৰ বেলিকাও ‘চান কঢ়া’ নীতি অৱলম্বন কৰাৰ অভিযোগ উঠিছে। এই সাহাৰ্যৰ বাদে শিৱিৰবাসীয়ে কোনোধৰণৰ সাহাৰ্যই লাভ কৰা নাই অইলৰ পৰা। কেণ্টীন পৰিচালক সকলে যিমান দিনলৈকে শিৱিৰ অব্যাহত থাকে সিমানেই ভাল পায় মনেপ্ৰাণে। কিন্তু জুইতো নুমাবই এদিন। জুই নুমুৱাৰ পাছত অন্যান্যসকল আপোন ঘৰলৈ উভতি যাব যদিও বাসগৃহ ভষ্মীভূত হোৱা ১১ কিম্বা ১৩ টা পৰিয়াল কলৈ যাব। একেদৰে গৃহহাৰা পৰিয়ালকেইটাই ২০ লাখকৈ অগ্ৰিম ক্ষতিপূৰণ লাভ কৰিব যদিও অন্যান্য পৰিয়ালসমূহৰ ভৱিষ্যৎ কি হ’ব বুলিও আশংকা প্ৰকাশ কৰিছে। কাৰণ সৰ্ববিভাগীয় এছেছমেণ্ট বা জৰীপ আজিও সম্পন্ন নহ’ল।স্থানীয় লোকৰ অভিযোগ মতে চাহ বাগিচাৰ উৎপাদন হ্ৰাস হৈ পৰিল, গছৰ ফুলৰ লগতে আম, লিচু, তামোল আদি ফলবোৰ অপৈণত অৱস্থাত সৰি পৰিল। উৎপাদনক্ষম গছ- গছনিৰ আয়ুস অনুযায়ী ক্ষতিপূৰণ পোৱাকৈ এছেছমেণ্ট হ’বনে? অভিযোগ অনুসৰি ভূ- কম্পন আৰু শব্দই মানসিকভাৱে অসুস্থ কৰি তুলিছে বাঘজানবাসীক। বাঘজান নিৱাসী কামচৰাইৰ জাকটো কৰবালৈ গুছি গ’ল। বাঘজানৰ মাটিত কেঁ‌চু, কুমটি, শাপ, বেং আদি নাইকিয়া হৈ পৰিল। জলচৰ প্ৰাণীয়ে প্ৰজনন ক্ষমতা হেৰুৱাই পেলাইছে। প্ৰদূষণৰ প্ৰকোপত মাছ- কাছই নহয়, আনকি শহা, বগলী আদিও মৃত্যু মুখত পৰিছে। পৰৱৰ্তী খণ্ডত অইল ইণ্ডিয়া লিমিটেডে কি দৰে বাঘজানবাসীক প্ৰতাৰণা কৰাৰ কৌশল ৰচনা কৰিছে সেই সম্পৰ্কীয় সবিশেষ তথ্য দাঙি ধৰা হ’ব।

You might also like