পুনৰ উত্তপ্ত বাঘজান প্রতিবাদীক আৰক্ষীৰ লাঠী–ৰাবাৰ গুলী
নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ পুনৰ উত্তপ্ত হৈ পৰিছে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ অভিশপ্ত বাঘজান অঞ্চল৷ যোৱা বছৰ বাঘজান বি জি আৰ–৫নং তৈলক্ষেত্রত অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছত বাঘজানৰ ঘটনাস্থলীত থকা অইল ইণ্ডিয়া লিমিটেডৰ যন্ত্রাংশ আৰু সামগ্রীসমূহ তাৰ পৰা নিয়াৰ পূর্বে ক্ষতিগ্রস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছিল বাঘজানবাসী দুর্ভগীয়া ৰাইজে৷ কিন্তু শনিবাৰে প্রশাসনৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডে যন্ত্রাংশ আৰু সামগ্রীসমূহ উক্ত স্থানৰ পৰা নিবলৈ আহোঁতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি৷
অভিশপ্ত বাঘজান বি জি আৰ–৫নং তৈলক্ষেত্রৰ আশে–পাশে থকা যন্ত্রাংশ আৰু সামগ্রীসমূহ নিবৰ বাবে প্রশাসনৰ লোক শনিবাৰে বাঘজানত উপস্থিত হোৱাৰ সম্ভেদ লাভ কৰি ক’ভিড পৰিস্থিতিৰ বাবে জিলাখনত জাৰি কৰা ১৪৪ ধাৰাক নেওচি গাঁওখনৰ যথেষ্টসংখ্যক পুৰুষ–মহিলা পথলৈ ওলাই আহি সামগ্রীসমূহ নিয়াত বাধা প্রদান কৰি প্রতিবাদকাৰীসকলে এই ঘটনাত ক্ষতিগ্রস্ত ৬১২টা পৰিয়ালক অইল ইণ্ডিয়াৰ তৰফৰ পৰা অন্তর্ৱর্তীকালীন সাহায্য আগবঢ়াইছে যদিও সম্পূর্ণ উচিত ক্ষতিপূৰণ নিদিয়ালৈকে সামগ্রীসমূহ নিবলৈ দিয়া নহ’ব বুলি পথৰ ওপৰতে বহি প্রতিবাদ কৰিবলৈ আৰম্ভ কৰে৷
আনহাতে ৰাইজৰ এনে প্রতিবাদত প্রশাসনৰ তৰফৰ পৰা এই সমগ্র বিষয়টো বিচাৰাধীন হৈ আছে আৰু তেনে ক্ষেত্রত অইল ইণ্ডিয়া অথবা জিলা প্রশাসনে ক্ষতিপূৰণ দিয়া সন্দর্ভত কোনো ধৰণৰ সিদ্ধান্ত দিব নোৱাৰে বুলি স্পষ্ট কৰি দি প্রতিবাদ প্রত্যাহাৰ কৰিবলৈ আহ্বান জনাই কিছু সময় বান্ধি দিয়ে৷ কিন্তু নিজৰ প্রাপ্য লাভৰ দাবীত অটল হৈ থকা গাঁওবাসীয়ে প্রশাসনৰ নির্দেশক গুৰুত্ব নিদি প্রতিবাদ অব্যাহত ৰখাত আৰক্ষীয়ে প্রথমতে প্রতিবাদকাৰীসকলৰ ওপৰত মৃদু লাঠীচালনা কৰি ছত্রভংগ দিয়াবলৈ চেষ্টা কৰে৷
আনহাতে আৰক্ষীয়ে লাঠীচালনা কৰাৰ পাছতেই হাতে হাতে বাঁহৰ টুকুৰা, শিলগুটি লৈ অহা প্রতিবাদকাৰীসকলে আৰক্ষীক প্রত্যুত্তৰ দি শিলগুটি নিক্ষেপ কৰাত প্রতিবাদকাৰীৰ ওপৰত আৰক্ষী জঁপিয়াই পৰে আৰু লাঠীচালনাৰ লগতে কন্দুৱা গেছ আৰু ৰাবাৰ গুলী নিক্ষেপ কৰে৷ এই ঘটনাৰ ফলত বাঘজান অঞ্চলৰ সবিলা বৰা, আদিত্য মৰাণ, দন্দেশ্বৰ বৰা, ভাস্কৰ মৰাণ, প্রাঞ্জল গগৈ, বিনোদ মৰাণ, ৰণ্টু মৰাণ, বর্ণালী মৰাণ, কেহুবৰ হাজৰিকা, প্রকাশ হাজৰিকা, তীক্ষ্ণজ্যোতি হাজৰিকা, মাইনু হাজৰিকা, বিৰেশ্বৰী বৰুৱা, চাণ্টি মৰাণ, গুণৱতী হাজৰিকা, কাজলি শইকীয়া, জ্যোতিস্না হাজৰিকা, সুৰভি হাজৰিকা, কৰীশ্মা নেওগসহ বহুকেইগৰাকী প্রতিবাদকাৰী আহত হয়৷ ইয়াৰ কেহুবৰ হাজৰিকা, নন্দেশ্বৰ বৰা, ৰণ্টু মৰাণ, বিনোদ মৰাণ, প্রকাশ হাজৰিকা আৰু বর্ণালী মৰাণৰ আঘাত গুৰুতৰ হোৱাত আটাইকেইজনকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷
আনহাতে প্রতিবাদকাৰীয়ে আক্রমণ কৰি আৰক্ষী বিভাগৰ ৬জনকৈ লোকক আহত কৰাৰ লগতে সেই স্থানত থকা অগ্ণিনির্বাপক বাহিনীৰ এখন গাডীসহ আৰক্ষীৰ বাহনৰ ক্ষতি কৰে৷
উল্লেখ্য যে বাঘজান কাণ্ডত ক্ষতিগ্রস্ত হোৱা পৰিয়ালসমূহক কিমান পৰিমাণৰ ক্ষতিপূৰণ দিব আৰু কিমান পৰিয়াল এই ঘটনাত প্রকৃততে ক্ষতিগ্রস্ত হৈছিল, সেই সমগ্র বিষয়টো বর্তমান ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বাবে ক্ষতিপূৰণ দিয়া সম্পর্কত অইল ইণ্ডিয়া লিমিটেড আৰু জিলা প্রশাসনে এই সন্দর্ভত একো কৰিব নোৱাৰে বুলি জিলা প্রশাসনে ইতিমধ্যে স্পষ্ট কৰি দিছিল বাঘজানবাসী ৰাইজৰ প্রতিনিধিসকলক৷
আনহাতে হায়দৰাবাদৰ নেচনেল ৰিম’ট ছেনছিং চেণ্টাৰৰ পৰা ছেটেলাইটৰ আলোকচিত্র জিলা প্রশাসনে ইতিমধ্যে সংগ্রহ কৰিছে আৰু তাৰ আধাৰতে প্রকৃত ক্ষতিগ্রস্ত পৰিয়ালক চিনাক্ত কৰা কার্য আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যে বিগত বর্ষৰ ২৭ মে’ত বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ– ৫নং তৈলক্ষেত্রত অইল ইণ্ডিয়া লিমিটেডৰ ভুলৰ ফলত উক্ত তৈলক্ষেত্রত অতি ভয়ংকৰভাৱে নির্গত হৈছিল তেল সংমিশ্রিত গেছ৷ জীৱকুল–পক্ষীকুলৰ লগতে প্রকৃতিৰ প্রতি ভাবুকি কঢ়িয়াই অনা এই ঘটনাত আতংকিত হৈ আশ্রয় শিবিৰত আশ্রয় লোৱা বাঘজানবাসী ৰাইজক অধিক শংকিত কৰি বিগত বর্ষৰেই ৯ জুনৰ দিনা উল্লিখিত তৈলক্ষেত্রখন ৰূপান্তৰিত হৈছিল এটা প্রকাণ্ড অগ্ণিকুণ্ডলৈ৷ ইয়াৰ পাছতেই বিদেশৰ পৰা অহা বিশেষজ্ঞৰ দলে অইল ইণ্ডিয়া লিমিটেড আৰু অ’ এন জি চিৰ কাৰিকৰী বিশেষজ্ঞৰ সহযোগত ১৭৩ দিনৰ অন্তত ১৫ নৱেম্বৰৰ দিনা উক্ত তৈলক্ষেত্রখনত জ্বলি থকা জুইকুৰা নির্বাপিত কৰিবলৈ সক্ষম হৈছিল৷ এই ঘটনাৰ ফলত বহুকেইটা পৰিয়ালৰ ঘৰ–বাৰী সম্পূর্ণৰূপে জুইত জাহ যোৱাৰ লগতে পোহনীয়া গৰু–ছাগলী, হঁাহ–কুকুৰাৰ উপৰি বি জি আৰ–৫নং তৈলক্ষেত্রৰ কাষতে থকা মাগুৰী–মতাপুং বিলৰ মাছবোৰৰ মৃত্যু হৈছিল৷ ইয়াৰ উপৰি এই তৈলক্ষেত্রখনত কর্মৰত কর্মচাৰীয়েও প্রাণ হেৰুৱাবলগীয়া হৈছিল আৰু অইল ইণ্ডিয়াৰ বহু যন্ত্রাংশসহ যথেষ্ট পৰিমাণৰ সামগ্রী জুইত জাহ যোৱাৰ লগতে নষ্ট হৈছিল৷ এনেবোৰ ঘটনাৰ পাছত বাঘজান অঞ্চলৰ ক্ষতিগ্রস্ত ৰাইজৰ সৈতে জিলা প্রশাসনৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰৰ বিভিন্ন আলোচনাৰ মাধ্যমেৰে একাংশ পৰিয়ালক ক্ষতিপূৰণ দিছে যদিও উচিত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগেৰে বিভিন্ন সময়ত বাঘজানবাসী ৰাইজে প্রতিবাদ সাব্যস্ত কৰি আহিছে৷
আনহাতে এই ঘটনাৰ পাছত সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি নৱ মৰাণ আৰু সাধাৰণ সম্পাদক মুনিন দুৱৰাই ক্ষোভ প্রকাশ কৰি উল্লেখ কৰে যে বাঘজানবাসীয়ে উচিত ক্ষতিপূৰণৰ দাবীত গণতান্ত্রিকভাৱে আন্দোলন কৰি থকা অৱস্থাত আন্দোলনকাৰীৰ ওপৰত তিনিচুকীয়া জিলা প্রশাসন তথা আৰক্ষী আৰু অইলে লাঠীচালনা আৰু ৰবৰ বুলেটেৰে আক্রমণ কৰি যি দমন নীতি তথা বর্বৰতা দেখুৱালে সেই কার্যক সদৌ মৰাণ ছাত্র সন্থাই ধিক্কাৰ দিছে৷
অইল ইণ্ডিয়া লিমিটেডে জিলা প্রশাসনৰ সহযোগত বিভিন্ন সময়ত যি দমনমূলক নীতি প্রদর্শন কৰি আহিছে, সেই নীতি সদৌ মৰাণ ছাত্র সন্থাই কেতিয়াও মানি নলয়৷ এনে শোষণ, বঞ্চনাৰ ফল ভুগিব লাগিব বুলিও অইল ইণ্ডিয়া লিমিটেডক সদৌ মৰাণ ছাত্র সন্থাই সকীয়াই দিয়ে৷ লগতে নেতা দুগৰাকীয়ে অইলে কেৱল নিজৰ লাভালাভ চলালেই নহ’ব, জৈৱ–বৈচিত্র্য, পৰিৱেশ আৰু জীৱন–জীৱিকাৰ কথাও ভাবিব লাগিব বুলি স্পষ্ট কৰি দিয়ে৷ ইয়াৰ উপৰি বাঘজানৰ অগ্ণিকাণ্ডৰ ঘটনাক লৈ অইলক ল’ৰা–ধেমালি নকৰিবলৈ সকীয়াই দি উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায়৷
অন্যথা চৰম প্রতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি সদৌ মৰাণ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মুনিন দুৱৰাই হুংকাৰ দিয়ে৷ আনহাতে বাঘজানৰ আজিৰ ঘটনাক লৈ আজি বদৌচা ভৱনত মৰাণ জনজাতিৰ কেউটা সংগঠনৰ এখন জৰুৰী সভা আহ্বান কৰা হৈছে বুলি উল্লেখ কৰি উক্ত সভাত অইল ইণ্ডিয়া আৰু চৰকাৰৰ এনে দমনমূলক কার্য তথা হিটলাৰী শাসনৰ বিৰুদ্ধে এলানি কাযসূচী ঘোষণা কৰা হ’ব বুলি সদৌ মৰাণ ছাত্র সন্থাই জানিবলৈ দিয়ে৷ শেহতীয়াকৈ জানিব পৰা মতে বর্তমান বাঘজান অঞ্চলত বাহিৰা লোকৰ প্রৱেশ নিষিদ্ধ কৰি আৰক্ষী আৰু অর্ধসামৰিক বাহিনীয়ে সমগ্র অঞ্চলটো নিজৰ তত্ত্বাৱধানত ৰাখিছে৷