নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত প্ৰশাসনৰ অভিযান, বন্ধ কৰিলে লকডাউনৰ নিয়ম ভংগ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে দেশত চলি থকা লকডাউনৰ সুযোগ লৈ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে বিভিন্ন কৌশলৰে ব্যৱসায় চলাই থকাৰ অভিযোগৰ মাজতে আজি বাইহাটা চাৰিআলিৰ গুৱাহাটী পথত থকা নৱোদয় পান ভাণ্ডাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটা প্ৰশাসনে বন্ধ কৰি দিয়ে ।জানিব পৰা মতে আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে বাইহাটা চাৰিআলিৰ গুৱাহাটী পথস্থিত এক বৃহৎ পাইকাৰী মূল্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলোৱাৰ সময়ত উক্ত প্ৰতিষ্ঠানটোৱে প্ৰশাসনৰ চকুত ধুলি দি কৌশলৰে অন্য প্ৰতিষ্ঠান সামগ্ৰীৰ অনুমতিৰ নথিৰে অনুমতি বিহীন ষ্টেচনাৰী সামগ্ৰী বিক্ৰী কৰি অহাৰ তথ্য পোহৰলৈ আহে।তাৰোপৰি প্ৰতিষ্ঠানটোত গুটখা-জৰ্দা আদি সামগ্ৰী মজুত থকাও অভিযানকালত ধৰা পৰে।পিছত মহকুমাধিপতিয়ে উক্ত ব্যৱসায় প্ৰতিষ্ঠানখনৰ সকলো নথি পত্ৰ পৰীক্ষা নোহোৱালৈকে সাময়িক ভাবে বন্ধ কৰি দিয়ে। ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে কোভিড-১৯ ৰ অধিনিয়ম ভংগ কৰা বিষয়টোৰ তদন্ত কৰাৰ বিষয়ে মহকুমাধিপতি তালুকদাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ‌। মহকুমাধিপতিগৰাকীৰ আকস্মিক অভিযানত সহ আয়ুক্ত অপ্ৰতীম গোস্বামী, কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মা, স্থানীয় বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাও উপস্থিত আছিল।উল্লেখ্য যে, লক ডাউনৰ সময়ছোৱাত আজি মহকুমা প্ৰশাসনে অভিযান চলোৱা পাইকাৰী মূল্যৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ লগতে অঞ্চলটোৰ আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানে গোপনে লকডাউনৰ সুযোগ গ্ৰহন কৰি অত্যাধিক দৰত সামগ্ৰী বিক্ৰী কৰি অহাৰ আন এক অভিযোগো উত্থাপিত হৈ আহিছে । যাৰ বাবে ইয়াৰ ওপৰতো তদন্ত কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে একাংশ সচেতন ৰাইজে।

You might also like