নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অভিযুক্ত শিক্ষয়িত্ৰীক অব্যাহতি উপাচাৰ্যৰ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী ঠিকাভিত্তিক শিক্ষয়িত্ৰীয়ে অইন শিক্ষাৰ্থীৰ সমুখতে এগৰাকী ছাত্ৰীক কাণত ধৰি উঠা বহাৰ নিৰ্দেশ দিয়াৰ উপৰি সেই ঘটনা মোবাইল ফোনত ৰেকৰ্ডিং কৰি ভাইৰেল কৰা বিষয়টোক লৈ পাঠশালাত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া৷ বিশেষকৈ সামাজিক মাধ্যমত বিষয়টোৱে তুমুল চৰ্চা লাভ কৰাৰ লগতে শিক্ষয়িত্ৰীগৰাকীৰ কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিয়ে৷ ইপিনে এই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ আহ্বানত বিশ্ববিদ্যালয়ৰ শোভাগৃহত বিষয়টো সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়৷ সভাত বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ পৰিষদ সমূহ বিষয়ববীয়া, বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি, সম্পাদক সমন্বিতে নেতৃত্ব আৰু প্ৰতিটো বিভাগৰে মুৰব্বী অধ্যাপকৰ মাজত সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰি সৰ্বসন্মতি ক্ৰমে ঠিকাভিত্তিক শিক্ষয়িত্ৰী জয়শ্ৰী দাসক তেওঁৰ কৃত কৰ্মৰ বাবে অপসাৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সেই প্ৰস্তাৱ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰে৷ এই প্ৰস্তাবৰ ভিত্তিতে উপাচাৰ্যগৰাকীয়ে জয়শ্ৰী দাসক তাৎক্ষণিকভাবে বলৱৎ হোৱাকৈ বিশ্ববিদ্যালয়খনৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ উল্লেখ্য যে অসমৰ শিক্ষাৰ ক্ষেত্ৰত এক অন্যতম স্থান দখল কৰা বজালী জিলা সদৰ পাঠশালাস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ঠিকাভিত্তিক শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰদান কৰা শাস্তিৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোক কেন্দ্ৰ কৰি যোৱা দুটা দিনত সমগ্ৰ বজালীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বিশ্ববিদ্যালয়খনত অধ্যয়নৰত স্নাতক ষষ্ঠ সন্মাষিকৰ এগৰাকী ছাত্ৰীক শিক্ষা বিভাগৰ জয়শ্ৰী দাস নামৰ ঠিকাভিত্তিক শিক্ষয়িত্ৰীগৰাকীয়ে অন্যান্য ছাত্ৰ ছাত্ৰীৰ সন্মুখতে শিক্ষানুষ্ঠানখনৰ শ্ৰেণীকোঠাৰ বাৰান্দাত কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য কৰোৱাৰ লগতে প্ৰবক্তাগৰাকীয়ে এই দৃশ্য মবাইলত বন্দী কৰিবলৈ আন কোনোবা শিক্ষাৰ্থীক নিৰ্দেশনা দিছিল৷ অভিযোগ অনুসৰি এই ঘটনাৰ পিছতে ছাত্ৰীগৰাকীক দিয়া শাস্তিৰ দৃশ্য শিক্ষয়িত্ৰীগৰাকীয়ে নিজে ভাইৰেল কৰে৷ দৃশ্যটো মোবাইলে মোবাইলে ভাইৰেল হোৱাত স্বাভাৱিকতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ বজালীৰ সচেতন মহলৰ লগতে শিক্ষাৰ্থী সমাজে ঘটনাটোক লৈ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বজালীৰ ঐতিহ্য কঢ়িয়াই ফুৰা শিক্ষানুষ্ঠানখনৰ নাম এনেদৰে সমালোচিত হবলগা ঘটনাক গৰিহণা দিয়ে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তৎকালে পদক্ষেপ গ্ৰহণ কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়৷ যাৰ পৰিপ্ৰেক্ষিতত অৱশেষত শিক্ষয়িত্ৰীগৰাকীক বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণ কৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা

You might also like