নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলাৰ সীমা নিৰ্ধাৰণৰ বাবে বজালীত উপস্থিত কেবিনেট উপ-সমিতিৰ মন্ত্ৰীত্ৰয়

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ বজালী জিলাৰ সীমা নিৰ্ধাৰণৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া তিনিজনীয়া কেবিনেট উপ সমিতিৰ মন্ত্ৰীত্ৰয় আজি উপস্থিত হয় বজালী জিলা আয়ুক্ত কাৰ্যালয়ত৷ বজালী জিলা আৰু ভৱানীপুৰ সৰভোগ সমষ্টিৰ ভিন্ন প্ৰান্তৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ মতামত গ্ৰহণৰ উদ্দেশ্যে বজালী জিলা আয়ুক্তৰ কাৰ্য্যালয়ত কেবিনেট উপ সমিতিৰ জ্যেষ্ঠ মন্ত্ৰীত্ৰয় ক্ৰমে জয়ন্ত মল্ল বৰুৱা, অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হৈ বিভিন্ন দল, সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠানৰ মতামত গ্ৰহণ কৰে। উল্লেখযোগ্যযে মাত্ৰ এটা সমষ্টি বজালী সমষ্টিক লৈ বজালী জিলা গঠন কৰাৰ পাছত বৰ্ধিত বজালী জিলাক লৈ চৰকাৰে তিনিজন মন্ত্ৰীক লৈ তিনিজনীয়া উপ সমিতি গঠন কৰিছিল আৰু সেই সূত্ৰে ভৱানীপুৰ সৰভোগ সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰাৰ বাবে বজালীৰ দল সংগঠনসমূহে দাবী জনোৱাৰ লগতে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিততে পূৰ্ণাংগ বজালী জিলা গঠনৰ বাবে মন্ত্ৰীত্ৰয়ে আজি বজালীত উপস্থিত হৈ দল সংগঠনসমূহৰ মতামত গ্ৰহণ কৰে৷ আনহাতে বিয়লি মন্ত্ৰীত্ৰয়ে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়লৈ ৰাওনা হৈ তাতো জিলাখনৰ ভিন্ন প্ৰান্তৰ দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ মতামত গ্ৰহণ কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like