নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বজৰংগ দলৰ শৌৰ্য্য জাগৰণ যাত্ৰা

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ বকোতো বৃহস্পতিবাৰে বজৰংগ দলৰ উদ্যোগত শৌৰ্য্য জাগৰণ যাত্ৰা অনুষ্ঠিত কৰা হয়। বিশ্ব হিন্দু পৰিষদ, বজৰংগ দল দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই শৌৰ্য্য জাগৰণ যাত্ৰা।উল্লেখ্য যে ২০২৪ বৰ্ষৰ জানুৱাৰী মাহত অযোধ্যাত ৰাম মন্দিৰ মুকলি হব। সেই অৰ্থে সমগ্ৰ দেশতে আৰম্ভ হোৱা এই শৌৰ্য্য জাগৰণ যাত্ৰাৰ মেঘালয়ৰ টুৰাৰ পৰা আহি থকা ৰথখন কামৰূপৰ সীমান্তৱৰ্তী এলেকা শাখাতীৰ পৰা বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ দক্ষিন কামৰূপ জিলা সমিতিয়ে বকোস্থিত শ্ৰী শ্ৰী বাবা বুঢ়া গোসাঁই মন্দিৰলৈ আদৰি আনে। এই শৌৰ্য্য জাগৰণ যাত্ৰাত বকো অঞ্চলৰ আই-মাতৃ সকলে নাম কীৰ্তন কৰি বকো চহৰেৰে যাত্ৰা কৰি বকোৰ শ্ৰী শ্ৰী বাবা বুঢ়া গোসাঁই মন্দিৰ প্ৰাঙ্গনত সামৰণি কৰে। বকোৰ শাখাতিৰ পৰা আদৰি অনা শৌৰ্য্য জাগৰণ যাত্ৰাৰ ৰথ খন বুঢ়া গোসাঁই মন্দিৰ প্ৰাঙ্গনত উপস্থিত হোৱাৰ পিছতে এই শৌৰ্য্য জাগৰণ যাত্ৰাৰ লগত সংগতি ৰাখি হিন্দুত্বক এক কৰাৰ বাবে আৰু সনাতন ধৰ্মৰ প্ৰতি মানুহক আকৰ্ষিত কৰাৰ অৰ্থে এখনি ৰাজহুৱা সভাও অনুষ্ঠিত হয়। বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত অনুষ্ঠিত বৃহস্পতিবাৰৰ শৌৰ্য্য জাগৰণ যাত্ৰাত অখিল ভাৰতীয় সংগঠন (বৌদ্ধিক প্ৰদান)ৰ মহামন্ত্ৰী বিনায়ক জী দেশপাণ্ডেৰ লগতে বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ শতাধিক সদস্যৰ লগতে বিজেপিৰ ভালেসংখ্যক কৰ্মীয়েও অংশগ্ৰহন কৰে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like