নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলাই জিলাই অস্ত্র প্রশিক্ষণ শিবিৰৰ পৰিকল্পনা কৰিছিল বজৰঙে

📌 দৰং আৰক্ষীৰ অভিযানত উন্মোচিত ভয়াৱহ ব্লুৃ–প্রিণ্ট

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্ট : এক ভয়ংকৰ ব্লুপ্রিণ্ট প্রস্তুত কৰি ৰাষ্ট্রীয় বজৰং দলে মঙলদৈত আয়োজন কৰিছিল প্রশিক্ষণ শিবিৰ৷ উদ্দেশ্য আছিল প্রতিখন জিলাত অস্ত্রৰ প্রশিক্ষণ দিয়াৰ৷ মঙলদৈৰ মহর্ষি বিদ্যা মন্দিৰ বিদ্যালয়ত ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ ৰাষ্ট্রীয় বজৰং দলে অনুষ্ঠিত কৰা প্রশিক্ষণক লৈ ৰাজ্যজুৰি সৃষ্টি হৈ থকা বিতর্ক তথা প্রতিক্রিয়াৰ মাজতে সংগঠনটোৱে প্রস্তুত কৰা ভয়ংকৰ ব্লুপ্রিণ্টৰ তথ্য পোহৰলৈ আহিছে৷ এই শিবিৰত ৰাষ্ট্রীয় বজৰং দলে প্রশিক্ষার্থীসকলক প্রদান কৰা অস্ত্র প্রশিক্ষণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বিষয়টোক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাই নহয়, বিৰোধীও সৰৱ হৈ পৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ তথ্য অনুসৰি ৰাষ্ট্রীয় বজৰং দলে আয়োজন কৰা প্রান্তীয় প্রশিক্ষণ শিবিৰত ভাগ লৈছিল ৬৫২জন প্রশিক্ষার্থীয়ে৷ শিবিৰৰ মুখ্য প্রশাসক সুব্রত দাসৰ এটা ভিডিঅ’ বক্তব্যত এই তথ্য পোহৰলৈ আহিছে৷ দৰং জিলাৰ পিছতে ৰাজ্যৰ আন ২৭খন জিলাতো অস্ত্রৰ প্রশিক্ষণ দিয়াৰ পৰিকল্পনা কৰিছিল দলটোৱে৷ লক্ষণীয়ভাৱে এই প্রশিক্ষণ শিবিৰলৈ অশান্তজর্জৰ মণিপুৰ, নাগালেণ্ড আৰু ত্রিপুৰাৰ পৰাও ৰাষ্ট্রীয় বজৰং দলৰ সদস্যই আহিছিল প্রশিক্ষণ ল’বলৈ৷ মৌলবাদী আৰু জেহাদীৰ বিৰুদ্ধে হিন্দু যুৱক–যুৱতীক প্রশিক্ষণ দিয়াৰ লক্ষ্যৰে আয়োজন কৰা এই শিবিৰক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতর্কৰ পিছতে মুখ্য প্রশিক্ষকসহ আন কেইবাজনো নেতাই আত্মসমর্পণ কৰিবলৈ বাধ্য হৈছিল৷ বিশেষকৈ দৰং গোটৰ সভাপতি অভিজিৎ ঘোষে আত্মসমর্পণ কৰাৰ পিছত ৰাষ্ট্রীয় বজৰং দলে গ্রহণ কৰা পৰিকল্পনাৰ বিভিন্ন দিশ পোহৰলৈ আহিছে৷ ইফালে আৰক্ষীয়ে সমগ্র ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰি আৰম্ভ কৰা তদন্তৰ পিছতে মঙলদৈ আৰু ডিমাকুছিৰ পৰা দুজনক গ্রেপ্তাৰ কৰিছে৷ মঙলদৈৰ ৪নং ৱার্ডৰ পৰা বিজয় ঘোষ আৰু ওদালগুৰি জিলাৰ ডিমাকুছিৰ পৰা গোপাল বড়োক গ্রেপ্তাৰ কৰি কালি আদালতত হাজিৰ কৰোৱা হয়৷ মন কৰিবলগীয়া যে মঙলদৈৰ মহর্ষি বিদ্যা মন্দিৰত ৰাষ্ট্রীয় বজৰং দলে অনুষ্ঠিত কৰা প্রশিক্ষণ শিবিৰক লৈ সৃষ্টি হোৱা বিতর্কৰ পিছত পৰহি গধূলি দৰং জিলাৰ উপায়ুক্তই এখন এজাহাৰ দাখিল কৰিছিল৷ একেদৰে বিদ্যালয় কর্তৃপক্ষয়ো অভিজিৎ ঘোষৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰে৷ দুখনকৈ এজাহাৰ লাভ কৰাৰ পিছত দৰং আৰক্ষীয়ে পৰহিৰে পৰা বজৰং দলৰ কর্মকর্তা–নেতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে যদিও কালি পুৱতি নিশাহে দুজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে, কংগ্রেছ দলৰ কঁকালত পিষ্টল লৈ ৰাষ্ট্রীয় বজৰং দলৰ সদস্যসকলে শোভাযাত্রা কৰাৰ অভিযোগক নস্যাৎ কৰিছে দৰং আৰক্ষীয়ে৷ শোভাযাত্রাৰ সময়ত পুতলা পিষ্টল নিছিল বুলিহে স্পষ্ট কৰিছে আৰক্ষীয়ে৷ ইফালে আৰক্ষীৰ এই অভিযানৰ পিছতে গ্রেপ্তাৰৰ পৰা হাত সাৰিবলৈ ৰাষ্ট্রীয় বজৰং দলৰ বহু নেতা আৰু প্রশিক্ষণৰ উদ্যোক্তাই আত্মগোপন কৰিছে বুলি জানিব পৰা গৈছে৷

You might also like