নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপানালাৰ বালিজুৰিত কিশোৰীক ধর্ষণৰ অপচেষ্টা

নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ বৃহত্তৰ চাপানলা অঞ্চলত ৯ বছৰীয়া কিশোৰীক নিজ গাঁৱৰে এজন লোকে অসৎ কার্য চৰিতার্থ কৰিবলৈ অপচেষ্টা চলোৱাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তর্গত পুৰণিগুদাম আৰক্ষী চকী এলেকাধীন চাপানলা বনবাহিনী মিকিৰ গাঁওত। গাওঁখনৰ নিৱাসী নৱকুমাৰ দাস নামৰ দোকানীজনে নিজ গাঁৱৰে নাতিনী সদৃশ কিশোৰীজনীক অসৎ কার্য চৰিতার্থ কৰিবলৈ চেষ্টা কৰা বুলি ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ–মাতৃয়ে অভিযোগ উত্থাপন কৰিছে৷ জানিব পৰা মতে, যোৱা ১৫ এপ্ৰিলত কিশোৰীগৰাকীয়ে সন্ধিয়া নৱ কুমাৰ দাসৰ গেলামালৰ দোকানখনলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল। দোকানত অন্য কোনো গ্রাহক নথকাৰ সুযোগ গ্রহণ কৰি দাসে দোকানৰ পিছফালে থকা গুদামঘৰটোলৈ কিশোৰীগৰাকীক মিঠৈ দিয়াৰ ছলেৰে মাতি নি জোৰ জৱৰদস্তি পিছফালৰ পৰা সাবটি ধৰাৰ লগতে অসৎ কার্য চৰিতার্থ কৰিবলৈ চেষ্টা কৰে৷ কিন্তু সেই সময়ত বেলেগ এজন গ্রাহক এজন সোমাই অহাত দোকানী দাসে কিশোৰীগৰাকীক এৰি দিয়ে। উক্ত ঘটনাৰ বিষয়ে কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক জনোৱাৰ পিছত পৰিয়ালৰ লোকে গাঁৱৰ ৰাইজ তথা চৰকাৰী গাঁও বুঢ়াক উক্ত ঘটনা সন্দর্ভত অৱগত কৰে৷ পিছদিনা বিয়লি চৰকাৰী গাঁওবুঢ়ানী দীপ্তি গগৈৰ সহযোগত গাঁৱৰ ৰাইজ আৰু ভুক্তভোগী পৰিয়ালৰ লোকে যৌথভাৱে অভিযুক্ত নৱ কুমাৰ দাসৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া আৰম্ভ কৰে৷ উক্ত বিচাৰ অনুষ্ঠানত নির্গুণ বৈষ্ণৱ ধর্মৰ একান্ত ভকত তথা গেলামালৰ দোকানী নৱ কুমাৰ দাস উপস্থিত নোহাৱাত কিশোৰীগৰাকীৰ পৰিয়ালে অতিষ্ঠ হৈ অভিযুক্তক উচিত শাস্তি বিহাৰ লগতে কিশোৰীগৰাকীৰ প্রতি ন্যায় বিচাৰি লোকজনৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ আনহাতে অসম চাহ জনজাতি ছাত্র সন্থা (আট্ছা)ৰ চাপানলা উপ–শাখা সমিতিৰ সভাপতি, সম্পাদক ক্রমে নিপেন বাঘ আৰু কার্মা মুণ্ডাই সংগঠনৰ তৰফৰ পৰা এখন লিখিত আবেদনৰ জৰিয়তে উক্ত বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰি দোষীক উচিত শাস্তি দিবলৈ আহ্বান জনাইছে।

You might also like