🔹 ঢকুৱাখনা সমষ্টিত উন্নয়নৰ নমুনা
নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাহনিবাৰী চেনিমাৰী সংযোগী পথটোত ৰূপায়ণ কৰা অভিলাষী আঁচনিৰ জৰিয়তে জনসাধাৰণক উপকৃত কৰাৰ বিপৰীতে সমস্যাৰহে সৃষ্টি কৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷ সোণাৰি চাপৰি কেকুঁৰি পমুৱা পথৰ মাহনিবাৰী তিনিআলিৰ পৰা চেনিমাৰী পথটোত প্ৰায় এক কিলোমিটাৰ অংশ এছ অ’ পি ডি আঁচনিৰ অধীনত লোকনিৰ্মাণ বিভাগে চিচি ব্লকেৰে পকীকৰণ কৰে যদিও ১৯৯৬ চনতে বানত বিধ্বস্ত (পথৰ ছিগা) অংশ মেৰামতি বা দলং নিৰ্মাণ নকৰাত জীয়াতু ভুগি আহিছে অঞ্চলৰ ৫/৬ খন গাঁৱৰ জনসাধাৰণৰ লগতে শিক্ষাৰ্থীসকলেও ৷ পথটোৰ ছিগা অংশৰ দুয়োপাৰে নিৰ্মাণ কৰা চিচি ব্লকৰ পথ অংশই উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙোৱাৰ বিপৰীতে পথৰ ছিগা অংশত মাজে সময়ে বিধায়কৰ উন্নয়ন পুঁজি আৰু পঞ্চায়ত পুঁজিৰে বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে যদিও আজিকোপতি স্থায়ী দলং নিৰ্মাণ নোহোৱাত অঞ্চলৰ জনসাধাৰণে সীমাহীন সমস্যা ভোগ কৰি অহাৰ লগতে আতংকিত হৈ আহিছে শিক্ষাৰ্থীৰ অভিভাৱকসকল ৷ অঞ্চলটোৰ ৫/৬ খন গাঁৱৰ কণ কণ শিক্ষাৰ্থীসকলে প্ৰতিবছৰে বাৰিষা ভগা-ছিঙা বাঁহৰ দলং আৰু খৰালি উপ-পথেৰে সোণাৰি চাপৰিস্থিত বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহা-যোৱা কৰিব লগা হোৱাত ৰাইজে প্ৰতি দিনেই ছিগা অংশত পহৰাৰ ব্যৱস্থা কৰি শিক্ষাৰ্থীসকলক পাৰাপাৰ কৰাব লগা হোৱাটো নিত্যনৈমিত্তিক কাৰ্যত পৰিণত হৈ আহিছে ৷ দলংখনৰ অৱস্থা অতি তথৈবচ হোৱাত বিগত বৰ্ষসমূহৰ দৰেই এই বছৰো চেনিমাৰী গাঁৱৰ যুৱ সংঘৰ উদ্যোগত ৪/৫ খন গাঁৱৰ ৰাইজ আৰু যুৱকসকলে ওলাই আহি বাঁহ আদি সংগ্ৰহেৰে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াতৰ উপযোগী কৰি তোলাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অনতিপলমে পথৰ ছিগা অংশত স্থায়ী দলং নিৰ্মাণৰো দাবী জনায় ৷ এই ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগ আৰু স্থানীয় বিধায়ক নৱ দলেই কেনে পদক্ষেপ গ্ৰহণ কৰে, তাৰ ওপৰতে পৰৱৰ্তী কাৰ্যব্যৱস্থা হাতত ল’ব বুলিও জানিবলৈ দিয়ে চেনিমাৰী গাঁৱৰ যুৱ সংঘৰ লগতে দলং নিৰ্মাণত শ্ৰমদান কৰা জনসাধাৰণে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি