নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুণীগাঁও বন বিভাগে জব্দ কৰিলে লক্ষাধিক টকাৰ কাঠ

নিয়মীয়া বাৰ্তা ৪ জুনঃ দক্ষিণ কামৰূপৰ কেইবাঠাইতো অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ৷ ইয়াৰ সমান্তৰালভাৱে বন বিভাগেও চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই চোৰাংভাৱে অবৈধ কাঠ কঢ়িওৱা গাড়ীৰ লগতে বৃহৎ সংখ্যক কাঠো জব্দ কৰিছে ৷ আজি দিন দুপৰতে তাৰাবাৰীৰ খলিহাত সংৰক্ষিত বনাঞ্চলৰ পৰা মূল্যৱান চেগুন আৰু গমাৰী কাঠ কাটি এ এছ ০১ ডিডি ৮২৬১ নম্বৰৰ গাড়ী খনত ভৰাই লৈ যাবলৈ ওলোৱাৰ সময়তেই বামুণীগাঁৱৰ পৰা যোৱা বন বিভাগৰ দলটোৱে জব্দ কৰে ৷ জানিবপৰামতে তাৰাবাৰীৰ খলিহাত আজি দুপৰীয়া চোৰাং কাঠ বেপাৰীয়ে মূল্যৱান গছ কাটি থকাৰ খবৰ এক গোপন সুত্ৰৰ পৰা লাভ কৰাৰ পিছতেই বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন ৰক্ষী বিপ্লৱ মেধীৰ নেতৃত্বত তথা বন ৰক্ষী সুৰেন কলিতাৰ সহযোগত যোৱা বন কৰ্মীৰ দলটোৱে চোৰাং কাঠৰ গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে বন বিভাগৰ দলটো গৈ পোৱাৰ আগমূহুৰ্তত চোৰাং বেপাৰী কেইজন পলাই পত্ৰং দিয়ে ৷ জব্দ কৰা গাড়ীখন কাঠ সহ বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহে ৷ উল্লেখযোগ্য যে বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন ৰক্ষী বিপ্লৱ মেধীয়ে ইতিমধ্যে নিজস্ব খবৰৰ ভিত্তিত কেইবাখনো চোৰাং কাঠৰ গাড়ী ধৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে বনাঞ্চলিক বিষয়া কুশল চন্দ্ৰ দাসৰ নেতৃত্বতো ইতিমধ্যে বহু কেইখন গাড়ী আৰ কাঠ জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷ আজি জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷

You might also like