নিয়মীয়া বাৰ্তা, ২৯ মে : অৱশেষত বন বিভাগৰ জালত পৰিল বন বিভাগৰ সামগ্ৰী চোৰ কৰা ৩ চোৰ । পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অধিনত উক্ত অঞ্চলত একচেলিয়াত প্ৰায় ৫ হেক্টৰ ভূমিত বৃক্ষৰোপন কৰিছিল । উল্লেখ্য যে যোৱা কিছুদিন ধৰি উক্ত এলেকাত থকা ফেনচিং সমূহ দুষ্টচক্ৰই চুৰ কৰি লৈ গৈ আছিল । তাৰোপৰি উক্ত অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ বহু মূল্যবান গছ সমূহ কাটি ধ্বংস কৰি আহিছিল। আজি পুৱতি নিশা পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুণীগাঁও বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত বন বিভাগৰ এটি দল আৰু আৰক্ষীয়ে অভিযান চলাই তিনিগৰাকী চোৰ আটক কৰিবলৈ সক্ষম হয় । বন বিভাগে অভিযান চলাই আটক কৰা চোৰ কেইজন হ’ল ওপৰ খাটিৰাৰ ভাৰত ৰাভা, বিপুল বড়ো আৰু অশ্বিনী ৰাভা।
উল্লেখ্য যে অশ্বিনী ৰাভা চুৰি কাৰ্যত জড়িত নাছিল যদিও চোৰাং সামগ্ৰী সমূহ ক্ৰয় কৰিছিল । উক্ত লোক কেইজনক বন বিভাগক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ফেঞ্চিং জব্দ কৰে । চোৰ কেইজনক বন বিভাগৰ আইন অনুসৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন প্ৰান্তত দিনে নিশাই অবাধ হাৰত অবৈধ কাঠ সৰবৰাহ কৰি অহা চক্ৰটোৰ বিৰুদ্ধে বন বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়া সময়তহে হ’ব লক্ষণীয় ।