নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুনীগাঁৱত বন ধ্বংস অভিযান অব্যাহত

খৰখৰী নৈৰ পৰা প্ৰায় ৫০ হেজাৰ টকাৰ মূল্যবান শালগছ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩০ মেঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে চোৰাং কাঠ বেপাৰীৰ চোৰাং কাঠ সৰবৰাহ । উল্লেখ্য যে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বামুণীগাঁৱৰ পুঠিমাৰী ৰতনপুৰত প্ৰায় ১১/১২ ডাল শাল গছ নিশাৰ ভিতৰতে কাটি বন ধ্বংস কৰে চোৰাং কাঠ বেপাৰীয়ে । পিছত ৰাইজৰ সহযোগত আজি বামুনীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া কুশল দাসৰ নেতৃত্বত বন বিভাগৰ এটি দল গৈ খৰখৰী নৈ পৰা উদ্ধাৰ কৰে উক্ত শাল গছৰ টুকুৰা কেইটা। কাঠৰ টুকুৰা কেইটাৰ আনুমানিক মূল্য প্ৰায় ৫০ হেজাৰ টকা হব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ পৰা চোৰাং কাঠ বেপাৰীয়ে মূল্যবান গছ কটাৰ বাতৰি নিয়মীয়া বাৰ্তাত সবিস্তাৰে প্ৰকাশ পাইছিল যদিও বৰ্তমানে চোৰাং বেপাৰীয়ে গছ কাটিয়ে আছে। একাংশ লোকে অভিযোগ কৰে যে এই চোৰ‍াং বেপাৰী সকলৰ লগত বন বিভাগৰ একাংশ বিষয়াৰ লগত গোপন বুজাবজি থকাৰ বাবে হয়টো ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ পৰা এনেদৰে গছ কাটিত পাৰিছে । ৰাজ্যৰ বন মন্ত্রীয়ে এই লোক সকলৰ বিৰুদ্ধে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নে সেয়া সময়তহে হ’ব লক্ষণীয় ।

You might also like