নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত কৰ্মৰত চিৰাঙৰ যুৱকৰ আত্মহনন, পৰিয়ালৰ হত্যাৰ সন্দেহ

নিয়মীয়া বাৰ্তা,৩ জুলাই: বাংগালুৰুত কৰ্মৰত চিৰাঙৰ যুৱক এজনে কৰ্মস্থলীতে আত্মহননৰ পথ বাচি লোৱা এক মৰ্মান্তিক ঘটনাই জিলা খনৰ নেপালপাৰা, ছাতিপুৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঢালিগাঁও থানাৰ অন্তৰ্গত নেপালপাৰা নিবাসী আব্দুল ছালামৰ পুত্ৰ মজিদুল হকে (২১) বিগত এবছৰ ধৰি বাংগালুৰুৰ ৪১২ দোম্মালুৰ লেআউট ৭ ক্ৰছস্থিত মেচাৰ্ছ শ্ৰীনিধি সাগৰ নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত আছিল। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ অমায়িক স্বভাৱৰ যুৱক জনে অতি কম দিনৰ ভিতৰতে কৰ্মৰত প্ৰতিষ্ঠানত প্ৰৱন্ধক হিচাপে পদোন্নতি লাভ কৰে । যুৱক জনৰ পিতৃয়ে যোৱা ২৮ জুনত প্ৰতিষ্ঠানটোৰ গৰাকীৰ পৰা তেওঁৰ পুত্ৰই সেইদিনাই ডিঙিত চিপ লৈ আত্মহত্যা কৰা বুলি জানিব পাৰে। মৃত যুৱক জনৰ পৰিয়ালৰ সূত্ৰই আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে চিৰাং জিলাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা গৈ একাধিক যুৱকে একেটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল যদিও কিছুদিন পূৰ্বে পাঁচ জন যুৱক নিজ গৃহলৈ ঘূৰি আহে। অহাৰ সময়ত যুৱক কেইজনক মৃত যুৱক জনে ৰে’ল আস্থানত আনন্দ মনেৰে বিদায় দিছিল বুলি জানিব পৰা গৈছে । তেনে অৱস্থাত যুৱক জনে আত্মহত্যা কৰা বিষয়টো পৰিয়ালৰ সদস্য সকলে সহজ ভাৱে ল’ব পৰা নাই । এই দুঃসংবাদ পোৱাৰ পাছত যুৱক জনৰ পিতৃয়ে ঢালিগাঁও থানাত এখন এজাহাৰ দাখিল কৰে আৰু পুত্ৰৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহায়-সহযোগিতা বিচাৰে। আত্মহত্যা কৰা যুৱক জনৰ পৰিয়ালে জিলা খনৰ তুলসীঝোৰা অঞ্চলৰ বাসক সুৰুছ আকন্দৰ পুত্ৰ ছাইফুৰ আকন্দ ওৰফে ফুলচান্দ(১৯) নমাৰ একেজন মালিকৰে ইন্দিৰা নগৰস্থিত অন্য এখন প্ৰতিষ্ঠানত কৰ্মৰত  যুৱক জনক  মজিদুল হকৰ মৃতদেহ চিৰাঙৰ গৃহলৈ অনাৰ বাবে ফোন যোগে অনুৰোধ কৰে।

প্ৰতিষ্ঠানটোৰ গৰাকী আৰু পৰিয়ালৰ সহযোগত বিমানযোগে মৃতদেহ অনাৰ ব্যৱস্থা কৰি দিয়াত যুৱক জনে বুধবাৰে মৃতদেহ লৈ চিৰাঙত উপস্থিত হয়। মৃত যুৱক জনৰ একাংশ আত্মীয়ই ছাইফুৰ আকন্দ নামৰ যুৱক জনে মজিদুলক হত্যা কৰা বুলি সন্দেহ কৰি তেওঁক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু ঢালিগাঁও থানাৰ আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি কাজলগাঁওস্থিত কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ ব্যৱস্থা কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আন এক সূত্ৰই জনোৱা মতে মৃত যুৱক জনৰ বেংক একাউণ্টত জমা থকা ২৮ হাজাৰ টকা জনৈক নুৰ আলম নামৰ এজন যুৱকৰ একাউণ্টত ট্ৰেন্সফাৰ হোৱাৰ লগতে  যোৱা কিছু দিনত সঘনাই টকা উলিওৱা, ৬/৭ বছৰ পূৰ্বেই প্ৰতিষ্ঠানটোত কৰ্মৰত একাংশ যুৱকক অতিক্ৰম কৰি মাত্ৰ  এবছৰীয়া কাৰ্যকালত প্ৰবন্ধ হিচাপে নিযুক্তি লাভ কৰি সতীৰ্থৰ ঈৰ্ষাৰ পাত্ৰ হৈ পৰা আদি বিভিন্ন কাৰণত হত্যাৰ বলি হোৱা বুলি পৰিয়ালৰ সদস্য সকলে সন্দেহ প্ৰকাশ কৰিছে । পৰিয়ালে নিৰপেক্ষ তদন্ত কৰি দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে । আনহাতে একাংশ সংবাদ মাধ্যমত বুধবাৰৰ সন্ধিয়া জানাজা সম্পন্ন হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে সন্ধিয়া জানাজা সম্পন্ন হোৱা বুলি প্ৰকাশিত বাতৰিত শোকগ্ৰস্ত পৰিয়ালটোৱে উদ্বেগ প্ৰকাশ কৰিছে লগতে ভুল তথ্য সংবাদ মাধ্যমত প্ৰকাশ নকৰিবলৈ চিৰাং জিলা প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি আবুবক্কৰ ছিদ্দিকক অনুৰোধ জনাইছে। ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই বাংগালুৰু আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বুলি কাজলগাঁও প্ৰেছ ক্লাবৰ সদস্য সকলক জানিবলৈ দিয়ে ।।

You might also like