সুৰংগ নহয়, এয়া হৈছে পানী যোৱা হিউম পাইপহেঃ বাংলাদেশ সীমান্ত পৰিদর্শন ডিআইজিৰ
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ কৰিমগঞ্জ জিলাৰ বাংলাদেশ সীমান্তৰ এটা হিউম পাইপক সুৰংগ বুলি অপপ্রচাৰ চলাই দেশৰ সুৰক্ষাৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ কেৱল শিৰোনাম দখলৰ বাবে হিউম পাইপক দীঘলীয়া সুৰংগ পথ বুলি প্রচাৰ চলোৱা হৈছিল এচাম সংবাদ মাধ্যমত৷ কিন্তু বাস্তৱত কৰিমগঞ্জ জিলাৰ নিলামবজাৰ থানাৰ বালিয়া বি’পিৰ অন্তর্গত ভাৰত–বাংলাদেশ সীমান্তৰ এই এলেকাটোৰ সর্বত্র দিয়া আছে কাঁইটীয়া তাঁৰৰ বেৰা৷ বেৰৰ কাষতে আছে সীমা সুৰক্ষা বাহিনীৰ চলাচল কৰাৰ পথ৷ ইয়াৰ দুয়ো কাষতে আছে উখ উখ টিলা৷ কাঁইটীয়া তাঁৰৰ বেৰা আৰু ব’ডাৰৰ পথ নির্মাণ কৰিছিল এনবিচিচি নামৰ নির্মাণ সংস্থাই৷ আৰু সেই সময়তে বাৰিষাৰ পানী নমাৰ বাবে পথৰ মাজে মাজে ঠায়ে ঠায়ে নির্মাণ কৰিছিল কালভার্ট বা হিউম পাইপ৷ এনেদৰে সীমান্তত প্রায় ১৭০ৰ পৰা ১৭৫ টা এনে হিউম পাইপ আছে৷ প্রতিটো হিউম পাইপৰ দুয়োফালে অর্থাৎ মুখত বি এছ এফে কাঁইটীয়া তাঁৰ মেৰিয়াই বন্ধ কৰি ৰাখিছে৷ ঠিক একেদৰে নলা বা পানী বৈ যোৱা জুৰিসমূহৰ ওপৰত নির্মাণ কৰা হৈছে পকী দলং৷ দলংসমূহৰ তলতো পকী কৰি লোহাৰ বেৰ দি ৰাখিছে৷ কোনোবাই যে হিউম পাইপেৰে অবৈধভাৱে অহা যোৱা কৰিব সেয়া অসম্ভৱ৷ যদিও হিউম পাইপৰ মাজেৰে চুঁচুৰি বাগৰি আহিবলৈ চেষ্টা চলালে এইসমূহ ভাঙি বা উঠাই পেলাই আহিব লাগিব৷ অতি সহজে কোনো মতে সম্ভৱ নহয়৷ ইয়াৰ বিপৰীতে কেইদিন পূর্বে দলগ্রাম এলেকাৰ এটা গৰুৰ চোৰাং ব্যৱসায়িক সেই কালভার্টেৰে অপহৰণ কৰি বাংলাদেশত লৈ যোৱা হৈছিল বুলি চোৰাং ব্যৱসায়ীজনে আৰক্ষীক জনাইছিল৷
আৰক্ষীয়ে নিশ্চিত কৰাৰ বাবে সেই ঠাইলৈ গৈছিল৷ আৰু এই হিউম পাইপ দেখুৱাই দিছিল৷ কিন্তু একাংশ সংবাদ মাধ্যমে ইয়াক সুৰুংগ বুলি প্রচাৰ চলাই দেশৰ সুৰক্ষাৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে বুলি সীমান্ত সুৰক্ষা বাহিনীয়ে জানিবলৈ দিয়ে৷ এনে অপপ্রচাৰে দেশৰ সীমান্ত সুৰক্ষাবাহিনীৰ মনোবল ভঙাৰ লগতে দেশৰ সুৰক্ষাৰ ব্যৱস্থাত ব্যাঘাত জন্মাইছে৷ পিছে কৰিমগঞ্জ আৰক্ষীয়ে যুৱকজনৰ অভিযোগৰ ভিত্তিত সেই স্থান পৰিদর্শন কৰোঁতে প্রত্যক্ষ হৈছিল এই কালভার্টৰ৷ কালভার্টৰ ভিতৰেৰে অপহূতক লৈ যোৱাৰ ঘটনাটো অধিক চাঞ্চল্যকৰ বনোৱাৰ বাবে কালভার্টটোকে সুৰংগ বুলি প্রচাৰ চলোৱা হয়৷ কিন্তু কালভার্টৰ উচ্চতা মাত্র এক মিটাৰ৷ পানী যোৱাৰ কালভার্টটো কেনেকৈ সুৰংগ পথ বা টানেল বনাই দিয়া হ’ল৷ ফলতে দেশৰ নিৰাপত্তাৰ ক্ষেত্রত বিষয়টো এটা ডাঙৰ প্রশ্ণচিহ্ণ হৈ থিয় হয়৷ এটা সময়ত বিষয়টো ৰাষ্ট্রীয় সংবাদ মাধ্যমত স্থান দখল কৰি লয়৷ আৰু এনে বাতৰিৰ বাবে সুৰক্ষা লৈ এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়৷
যাৰবাবে সীমান্ত এলেকাৰ উক্ত স্থান যৌথভাৱে পৰিদর্শন কৰে বিএছএফৰ ডিআইজি এছ শ্রীবাস্তৱ, অসম আৰক্ষীৰ দক্ষিণ প্রান্তৰ ডিআইজি দিলীপ দে’, উপাযুক্ত আম্বামুথান এম পি, আৰক্ষী অধীক্ষক মায়ং কুমাৰসহ বহু বিষয়াই৷ অসম আৰক্ষীৰ দক্ষিণ প্রান্তৰ ডিআইজি দিলীপ দে’ কয় এয়া আচলতে সুৰংগ নহয়, এয়া হৈছে পানী যোৱাৰ বাবে হিউম পাইপ দিয়া হৈছে৷ যাক কালভার্ট বোলা হয়৷ সেই সৰু কালভার্ট দি চোৰাংকৈ গৰুৰ সৰবৰাহ কৰা সম্ভৱ নহয়৷ কাঁইটীয়া তাঁৰৰ বেৰৰ বাহিৰৰ দুশ মিটাৰ এলেকা ভাৰতৰ ভূখণ্ড আছে৷ ফলতে কালভার্টটো বাংলাদেশৰ সৈতে সম্পর্কৰ প্রশ্ণই নুঠে৷ ইয়াৰ উপৰি সকলো কালভার্টত কাঁইটীয়া তাঁৰ লগোৱা আছে বুলি ডিআইজিগৰাকীয়ে সাংবাদিকৰ আগত কয়৷ কালভার্ট সন্দর্ভত কৰিমগঞ্জৰ উপায়ুক্ত আম্বামুথান এম পি এ কয়, এনেকুৱা অবৈধভাৱে মানুহ যদি অহা–যোৱা কৰে তেনেহ’লে এয়া ৰাষ্ট্রৰ বাবে ভাবুকি হ’ব পাৰে৷ কিন্তু ইমান সৰু এটা কালভার্ট ভাবুকি হ’ব নোৱাৰে৷ সীমান্তত থকা সকলো কালভার্টত তাৰ লগোৱা আছে৷ তথাপি কোনোবা কালভার্টত যদি তাৰ নাই তেনেহ’লে এয়া অতি সোনকালে লগোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব দিয়ে৷