ধুবুৰীৰ বন্দৰত পাথৰ ল’বলৈ অহা বাংলাদেশ মালবাহী জলযানৰ কৰ্মীক মাৰপিটৰ অভিযোগ দুই স্থানীয় যুৱকৰ বিৰুদ্ধে
নিয়মীয়া বাৰ্তা, ১২ জুনঃ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধীকৰণৰ ধুবুৰীৰ পঞ্চুঘাটস্থিত আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰত যোৱাকালি সন্ধিয়াৰ ফালে এগৰাকী বাংলাদেশী জলযানৰ কৰ্মীক দুজন স্থানীয় যুৱকে মাৰপিট কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে। আনকি বিষয়টো লৈ আজি ধুবুৰী সদৰ থানাত সেই যুৱকদ্বয়ৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলিও জানিব পৰা গৈছে। বাংলাদেশৰ পৰা পাথৰ ল’বলৈ বৰ লুইতেৰে ধুবুৰীলৈ অহা দেশখনৰ এখন মালৱাহী জলযানৰ কৰ্মী তথা বাংলাদেশৰ কুৰিগ্ৰামৰ বাসিন্দা ভূক্তভোগী বিধান চন্দ্ৰ ৰায়ৰ অভিযোগ অনুসৰি বন্দৰটোত উপস্থিত হৈ লংগৰ পেলোৱাৰ পিছত যোৱাকালি সন্ধিয়াৰ ফালে সুৰেন্দ্ৰ চৌধুৰী আৰু ৰাজা ঘোষ নামৰ দুজন যুৱকে তেখেতক অপ্ৰৰোচিত ভাৱে মাৰপিট কৰিছে। জানিব পৰা মতে, বিষয়টো অৱগত হৈ যোৱাকালি নিশাই ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বাংলাদেশী সেই জনযানখনৰ কৰ্মীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰায় আৰক্ষীয়ে। ইপিনে সেই যুৱকদ্বয়ৰ বিৰূদ্ধে আজি দুপৰীয়াৰ ফালে ধুবুৰী সদৰ থানাত এখন এজাহাৰো দাখিল কৰা হোৱা বুলিও জানিব পৰা গৈছে। ইফালে ভূটানৰ পৰা ধুবুৰীহৈ বাংলাদেশলৈ নদীপথেৰে শিল আমদানি কৰা বাংলাদেশৰ ‘মেচাৰ্চ সবুজ এন্টাৰপ্ৰাইজ’ নামৰ প্ৰতিষ্ঠানটোৰ মহম্মদ খুৰশিদ আলমে আজি ধুবুৰী সদৰ থানাত উপস্থিত স্থানীয় সংবাদকৰ্মীৰ সন্মুুখত সুৰেন্দ্ৰ চৌধুৰী নামৰ যুৱকজনে তেখেতক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি থকাৰ অভিযোগ কৰে। আনকি বিগত দুই–তিনিদিনৰ পৰা চৌধুৰীয়ে তেখেতৰ মালবাহী নাওঁকেইখনত বন্দৰটোৰ পৰা পাথৰ বোজাই কৰিবলৈ বাধা প্ৰদান কৰি থকা বুলিও অভিযোগ বাংলাদেশৰ সেই আমদানিকাৰক গৰাকীৰ। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সুৰেন্দ্ৰ চৌধুৰীৰ নামৰ সেই যুৱকজনৰ বিৰূদ্ধে আমিনুৰ আহমেদ নামৰ স্থানীয় সাংবাদিক এগৰাকীকো শাৰিৰীক ভাৱে অপদস্থ কৰাৰ এক অভিযোগ উঠিছিল। ২০২১ চনৰ ৬ আগষ্টৰ সন্ধিয়া স্থানীয় সেই নদী বন্দৰটোত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হোৱাৰ ল’গে ল’গে সুৰেন্দ্ৰ চৌধুৰীৰ নেতৃত্বত পূৰ্বৰে পৰা খাপ পিটি থকা এটা দলে তেখেতক মাৰপিট কৰাৰ অভিযোগ তুলি ধুবুৰী সদৰ থানাত এখন এজাহাৰো দাখিল কৰিছিল সাংবাদিক আহমেদে। আনকি ধুবুৰীৰ এক বিতৰ্কিত ব্যৱসায়ীৰ আশিসধন্য হোৱাৰ বাবেই সাংবাদিক নিগ্ৰহৰ দৰে ঘটনাত জড়িত থকাৰ দৰে অভিযোগ উথাপিত হোৱা স্বত্বেও যুৱকজনৰ বিৰূদ্ধে আৰক্ষীয়ে যথাযথ ব্যৱস্থা লোৱাৰ বিৰত থকা বুলিও চৰ্চা লভিছিল। স্বাভাৱিক ভাৱেই সেই একেজন যুৱকৰ বিৰূদ্ধে এইবাৰ বাংলাদেশৰ নৌযান এখনৰ কৰ্মচাৰীয়ে অনা এই নতুন অভিযোগ সন্দৰ্ভে আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব বুলিয়েই চৰ্চিত হৈছে এতিয়া বিভিন্ন মহলত।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী