নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত হিন্দুক নিৰ্যাতনৰ বিৰুদ্ধে পাকাবেতবাৰীত প্ৰতিবাদী সভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ আগষ্টঃ সাম্প্ৰতিক সময়ত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সংঘটিত হৈ থকা বৰ্বৰ ঘটনাৰ মাজতেই সংখ্যালঘু হিন্দুসকলৰ ওপৰত বাংলাদেশী হিন্দুবিৰোধী জামাত-ই-ইছলামীসকলে বৰ্বৰভাৱে আক্ৰমণ চলোৱাই নহয়, হিন্দুবিৰোধী শক্তিবোৰে হিন্দুসকলৰ পৱিত্ৰ মঠ-মন্দিৰ আদিও ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। পিছে এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে বাংলাদেশত থকা হিন্দুসকলক সুৰক্ষা দিয়াৰ দাবীত আজি বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ নৱগঠিত বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰীস্থিত বীণাপাণি ক্লাৱ এণ্ড লাইব্ৰেৰী প্ৰাংগণত পাকাবেতবাৰী সচেতন নাগৰিক মঞ্চৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সচেতন মঞ্চৰ সভাপতি অনিল চন্দ্ৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য বাখ্যা কৰে সমাজকৰ্মী জিলমোহন ৰায়ে। উক্ত সভাত বাংলাদেশৰ হিন্দুলোকক কৰা বৰ্বৰ নিৰ্যাতন,পৱিত্ৰ মঠ-মন্দিৰ আদিও ভাঙি পেলোৱা আদিৰ বিহিত ব্যৱস্থাৰ লগতে সুৰক্ষাৰ দাবী আদি কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰা হয়। আৰু উক্ত প্ৰস্তাৱ সন্নিবিষ্ট এখন স্মাৰকপত্ৰ বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পৃথকে পৃথকে প্ৰেৰন কৰা হব বুলি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহিত কৰা হয়। আৰু উক্ত স্মাৰক পত্ৰ সভাত পাঠ কৰে সমাজসেৱী পুলিন চন্দ্ৰ ৰায়ে। সভাত উপস্থিত সংখ্যালঘূ হিন্দুলোলকক সজাগহৈ প্ৰতিবাদত অংশগ্ৰহন কৰিবলৈ আহ্বান জনায় মঞ্চই। সভাত ক্ৰমে পাকাবেতবাৰীস্থিত বি কে নিত্যানন্দ-ওৱাহেদ আলী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক তথা মঞ্চৰ সভাপতি নন্দলাল সৰকাৰ,অনিল চন্দ্ৰ দাস,অৱসৰী শিক্ষক ফনীন্দ্ৰ নাথ ৰায়, ধীৰেন্দ্ৰ নাথ সূত্ৰধৰ (সাধু), সুশীল কুমাৰ ৰায়, সমাজকৰ্মী অৰবিন্দ সৰকাৰ, গোপাল চন্দ্ৰ চৌধুৰী, পৰিমল সৰকাৰ, নীৰেন সূত্ৰধৰ, ৰনজিৎ সৰকাৰ আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বাংলাদেশৰ হিন্দুলোকক কৰা বৰ্বৰ নিৰ্যাতনবিৰোধী ভাষন প্ৰদান কৰে।

প্ৰেৰক আফতাব হুছেইন

You might also like