বিচ্ছিন্ন হৈ পৰিছে বৰাকঃ মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ লুমশানং অঞ্চলত পুনৰ ভূমিস্খলন
নিয়মীয়া বাৰ্তা, ১৬ জুন : বৃহস্পতিবাৰে পুৱা মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ লুমশানং অঞ্চলত পুনৰ ভূমিস্খলন হয়। ইয়াৰ ফলতে শিলচৰ-জোৱাই-গুৱাহাটী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি স্খলনৰ বাবে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকা। পাহাড়ৰ পৰা নামি অহা প্ৰবল পানীৰ সোঁতে পথটো ভাঙি যোৱাৰ লগে লগে এখন ল’ৰী আৰু সৰু যান দুৰ্ঘটনাগ্ৰস্ত হয় । পানীৰ প্ৰবল সোঁতে পথৰ একাংশ ভাঙি লৈ যায়। যোৱা দুদিনৰ পৰা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনে অসম – মেঘালয় ৬ং ৰাষ্ট্ৰীয় ঘাইপথ ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।তদুপৰি সোণাপুৰ অঞ্চলত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে ।যোৱা দুদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ আছে শ শ লৰী আৰু বাহন।ইফালে, শিৱসাগৰৰ বিধায়ক অখিল গগৈক ভূমিস্খলনৰ বাবে পথত আটক হৈ পৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ভাঙি যোৱাত এখন ল’ৰী আৰু এখন সৰু গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো লোক আহত হয়।আহত বহুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইপিনে মেঘালয় আৰক্ষীয়ে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল সাময়িক বন্ধ ৰাখিছে।
প্ৰেৰক গৌতম তালুকদাৰ