নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বাত্মক বন্ধত স্তব্ধ বৰাকৰ জনজীৱন

ৰাজপথত জ্বলিল টায়াৰ

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই চলোৱা আক্রমণৰ ঘটনাৰ প্রতিবাদত আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ সর্বাত্মক প্রভাৱ পৰিলক্ষিত হয় বৰাক উপত্যকাত৷ বৰাক ডেম’ক্রেটিক ফ্রণ্টে আহ্বান জনোৱা এই বন্ধৰ পৰিপ্রেক্ষিতত উপত্যকাটোৰ তিনিওখন জিলা ক্রমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ জনজীৱন স্তব্ধ হৈ পৰে৷ পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ তিনিওখন জিলাতে সকলো দোকান–পোহাৰ, হাট–বজাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি সম্পূর্ণৰূপে বন্ধ থাকে৷

ফ্রণ্টে আগবঢ়োৱা এই বন্ধলৈ এ আই ইউ ডি এফ, কাছাৰ ফুডগ্রেইন মার্চেণ্ট এছ’চিয়েচন, আকছা, কৃষক মুক্তি, সদৌ অসম বাঙালী সুৰক্ষা মঞ্চসহ বিভিন্ন দল–সংগঠনে সমর্থন আগবঢ়াইছিল৷ অৱশ্যে আজিৰ এই বন্ধৰ সময়ছোৱাত জিলাকেইখনত কোনোধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই বুলি জানিব পৰা গৈছে৷ ইয়াৰ মাজতে বন্ধ সমর্থকসকলে ৰাষ্ট্রীয় ঘাইপথত টায়াৰ জ্বলাই বিক্ষোভ প্রদর্শন কৰে৷ সর্বাত্মক বন্ধ পালন কৰাৰ বাবে বৰাকবাসীক ধন্যবাদ জ্ঞাপন কৰে ডেম’ক্রেটিক ফ্রণ্টৰ মুখ্য আহ্বায়ক প্রদীপ দত্ত ৰয়ে৷

এই প্রসংগত তেওঁ কয়– ‘অসম–মিজোৰামৰ মাজত সীমান্তক লৈ চলি অহা সংঘর্ষ বহুদিনীয়া৷ এই সমস্যাৰ স্থায়ী সমাধান নোহোৱাৰ ফলত বাৰম্বাৰ উত্তেজনা আৰু সংঘর্ষৰ সৃষ্টি হৈছে৷ ফলত অসম আৰক্ষীৰ ৬জনকৈ জোৱানে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ স্থানীয় বহু লোকেও হেৰুৱাবলগীয়া হৈছে জীৱন৷’ সেয়েহে এই সমস্যাৰ স্থায়ী সমাধানৰ জৰিয়তে সীমা বিবাদ দূৰ কৰিবলৈ তেওঁ আহ্বান জনায়৷ আনহাতে ডেম’ক্রেটিক ফ্রণ্টৰ মিডিয়া ইনচার্জ জয়দীপ ভট্টাচার্যই কয় যে কেন্দ্রীয় চৰকাৰে উচ্চ পর্যায়ৰ এটা দল অশান্ত অঞ্চললৈ প্রেৰণ কৰিব লাগে৷ এই প্রতিনিধি দলে দুয়োখন ৰাজ্যৰ সৈতে কথা–বতৰা পাতি সীমা বিবাদৰ স্থায়ী সমাধান কৰা উচিত৷

You might also like