নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাকৰ চুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত আবু মজুমদাৰক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১১ মার্চ: চুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত অভিযুক্ত আবু মজুমদাৰক আজি কাছাৰ আৰক্ষীয়ে ধলাইৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷ কাছাৰ আৰক্ষীৰ অপাৰেচন অলআউট আৰম্ভ হোৱাৰ পিছৰে পৰা আত্মগোপন হৈ আছিল আবু ৷ কাছাৰ আৰক্ষীয়ে তেওঁক ৱানটেড বুলি ঘোষণা কৰিছিল ৷ বৰাক উপত্যকাৰ চুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত শিলচৰৰ ব্যাৱসায়ী আবু মজুমদাৰক অৱশেষত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে জিহাদ ঘোষণা কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বৰাকত চলা চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে এক মিছন অল-আউট অভিযান আৰম্ভ কৰে। আৰক্ষীৰ নিৰন্তৰ পদক্ষেপে ছিণ্ডিকেটৰ সৈতে জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰা হয়। ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড আৰু বহুতো হাই প্ৰফাইল ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছিল। ব্যৱসায়ী আলতাফ হোছেইন চৌধুৰী, জাকিৰ হোছেইন তালুকদাৰ, অঞ্জন পাল, কাৰ্তিক পাল ইত্যাদি ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। কিন্তু ইয়াতে শেষ নহয়, চুপাৰি ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড আবু মজুমদাৰক গ্ৰেপ্তাৰ নকৰাৰ বাবে অসম আৰক্ষীৰ ওপৰত আঙুলি তোলা হৈছিল। শিলচৰ ইটখোলাৰ বাসিন্দা আবু মজুমদাৰক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই সেয়া বজাৰত চৰ্চাৰ বিষয় হৈ পৰিছিল? মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে আবু মজুমদাৰৰ ঘনিষ্ঠতা বাবে আৰক্ষী চাপত আছিল নেকি? এনে প্ৰশ্নৰ সমাপ্তি ঘটিল । অসম আৰক্ষীয়ে অৱশেষত আবু মজুমদাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি জামিন লৈ থানাত উপস্থিত হোৱাৰ আগতেই আবু মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধলাই আৰক্ষীয়ে আবু মজুমদাৰক গ্ৰেপ্তাৰ কৰি ধলাই থানালৈ যায়।সোধাপোছা কৰাৰ পিছত শিলচৰ আদালতত হাজিৰ কৰোৱা হয়।

প্ৰেৰক গৌতম তালুকদাৰ

 

You might also like