নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰমাত ৰাইজৰ ধনেৰে মেৰামতি মথাউৰি

নিয়মীয়া বাৰ্তা ২ মেঃ বাৰিষা কাল ৰূপ ধাৰণ কৰাৰ পূর্বে ভগ্ন মথাউৰি নির্মাণৰ বাবে চৰকাৰে নির্দেশ দিছে৷ কিন্তু প্রতি বছৰে ওলোটা হয় বৰমাৰ মথাউৰি নির্মাণৰ আখ্যান৷বৰমাত বিভাগীয়ভাৱে অথবা জনপ্রতিনিধিয়ে নহয়, ৰাইজে মেৰামতি কৰে মথাউৰি৷ ভগ্ণ মথাউৰিৰ বাবে শংকিত গাঁওখনে বাৰিষাৰ পূর্বে প্রতিবছৰে মেৰামতিত ব্যস্ত হৈ পৰে৷ এইবাৰো চৰকাৰলৈ বাট চাওঁতে বাৰিষা আহিল৷ সেয়ে এইবাৰো চৰকাৰলৈ বাট নাচাই ৰাইজৰ ধনেৰে ৰাইজে হাতে–কামে মেৰামতি কৰিলে ভগ্ণ মথাউৰি৷ কাণসাৰ নাই ৬২নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক তথা জনপ্রতিনিধিৰ৷ বাগসা জিলাৰ বৰমাৰ মাজেৰে বৈ যোৱা মৰাপাগলাদিয়া নৈয়ে প্রতি বছৰে ত্রাহিমধুসূধন দেখুৱাইছেবৰমা কালজাৰবাসী ৰাইজক৷ বাৰিষা ফেনে– ফোটোকাৰে বাঢ়ি অহা মৰাপাগলাদিয়া নৈৰ কোৱাল সোঁতে প্রতি বছৰে ভাঙি থৈ যায় কালজাৰৰ পূব দিশৰ মথাউৰিটো৷ মৰাপাগলাদিয়াৰ বাঢ়নী পানীয়ে মথাউৰি ভাঙি বুৰাই পেলায় কুৰিখন গাঁৱৰ শ শ বিঘা কৃষিভূমি৷ ধুই লৈ যায় সঁজাল ধৰা ধানৰ খেতি৷ বালিময় হৈ পৰে পথাৰ৷ ফলত মূৰে–কপালে হাত দিব লগা হয় কৃষকসকল৷বছৰ বছৰ ধৰি মৰাপাগলাদিয়াৰ তাণ্ডৱৰ পিছতো ভগ্ণ মথাউৰি মেৰামতিৰ বাবে আগবাঢ়ি অহা নাই জনপ্রতিনিধি৷ ৬২নং বৰমা বিধানসভা সমষ্টিৰ অন্তর্গত কালজাৰ গাঁৱৰ ৰাইজে বাৰম্বাৰ অনুৰোধ কৰাৰপিছতো চকু মেল নাখালে জনপ্রতিনিধি কিম্বা বিভাগীয় বিষয়াৰ৷ কেৱল ভগ্ণ মথাউৰি নিৰীক্ষণ কৰিয়েই জনপ্রতিনিধিয়ে দায়িত্ব সামৰণি মাৰে বুলি মন্তব্য কৰে স্থানীয় লোকে৷ সেয়ে চৰকাৰী বিষয়া তথা জনপ্রতিনিধিলৈ বাট নাচাই আজি এই লকডাউনৰ মাজতো সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি ৰাইজে গাঁঠিৰ ধন খৰচ কৰি হাতে–কামে লাগিল মথাউৰি নির্মাণত৷ বাৰিষাৰ আগত ভগ্ণ মথাউৰি মেৰামতি নকৰিলে কালজাৰ গাঁৱৰ মাজেৰে যোৱা মৰাপাগলাদিয়া নৈৰ বাঢ়নীপানীয়ে কালজাৰৰ লগতে দীপ্তা, সুৰাদি, মাহখৰীয়া, আখৰা, হাৰিভাংগা আদি কুৰিখন গাঁও বুৰাই পেলাব বুলিও মন্তব্য কৰে স্থানীয় লোকে৷

You might also like