নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বৰনদী ৰাইডাৰ্চ মীট’, বগামাটিত দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা

বগামাটিৰ পৰা বিজয় ৰাজবংশী, ১৬ মাৰ্চঃ দুঃসাহসিক মটৰ্ছ প্ৰতিযোগিতাই যুৱ-সমাজত খেলুৱৈ সুলভ মনত উত্তৰন ঘটাব। আজিৰ যুৱ-সমাজৰ মাজত ৰাস্তাত বাইক ৰেচ কৰা প্ৰৱনতাটোক সঠিক দিশলৈ আনিবলৈ এই প্ৰতিযোগিতাই সহায় কৰিব। এই বক্তব্য দুঃসাহসিক ক্ৰীড়াবিদ তথা পৰ্বতাৰোহনকাৰী জুলিমা ডেকাৰ।  গ্ৰীণট্ৰেক এণ্ড এডভেঞ্চাৰৰ উদ্যোগত আৰু বড়োলেণ্ড ট্যুৰিজিমৰ সহযোগত যোৱা ১২ আৰু ১৩ মাৰ্চত দুুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা ‘বৰনদী ৰাইডাৰ্চ মীট ২০২২’ প্ৰতিযোগিতাত সংস্থাটোৰ চেয়াৰমেন তথা পৰ্বতাৰোহনকাৰী জুলিমা ডেকাই কয়- যুৱ প্ৰজন্মৰ বাইকৰ প্ৰতি থকা আকৰ্ষনক তথা যুৱচামৰ ৰাস্তাত বাইক ৰেচ কৰা প্ৰৱনতাটোক সঠিক দিশলৈ আনিবলৈ এনে ধৰনৰ বাইক ৰেচ প্ৰতিযোগিতাই সহায় কৰিব। গ্ৰীণট্ৰেক এণ্ড এডভেঞ্চাৰ নামৰ সংস্থাটোৱে অসম তথা বিটিচিৰ দুঃসাহসিক পৰ্যটন ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে ধাৰাবাহিকভাৱে চলাই অহাৰ প্ৰচেষ্টাৰ বাবেই ভাৰত-ভূটান সীমান্ত তথা বৰ্তমানৰ তামুলপুৰ জিলাত অৱস্থিত বগামাটি হৈ পৰিছে এখন লেখত ল’বলগীয়া পৰ্যটন ক্ষেত্ৰ। দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰখনক আৰু অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যৰে গ্ৰীনট্ৰেক এণ্ড এডভেন্সাৰৰ উদ্যোগত আৰু  বড়োলেণ্ড ট্যুৰিজিমৰ সহযোগত যোৱা ১২ আৰু ১৩ মাৰ্চত দুদিনীয়াকৈ অনুস্থিত হৈ যায় ‘বৰনদী ৰাইডাৰ্চ মীট ২০২২’ । নৱগঠিত তামুলপুৰ জিলাৰ অন্তৰ্গত বগামাটীত অনুষ্ঠিত হোৱা এই অনুস্থানৰ সৈতে সংগতি ৰাখি আয়োজিত হয় বৰনদী মটৰছ চেম্পীয়নশ্বীপ।
দুঃসাহসিক ক্ৰীড়াক জনপ্ৰিয় কৰা আৰু পৰ্যটন মানচিত্ৰত বগামাটিক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে আয়োজিত এই চেম্পিয়নশ্বিপত এইবেলি  চিক্কিম, মেঘালয় আৰু অসমৰ প্ৰায় ৬০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন দিগন্ত হাজৰিকা,  অমৰজিৎ সিং, অবিনাশ টাইৰ তত্বাবধানত আয়োজিত এই খেলখনৰ ফ্লেগ অফ কৰে বি টি চিৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে। মুঠ পাচটা বিভাগত আয়োজন কৰা ‘ৰাইডাৰ্চ  মীট ২০২২’ প্ৰতিযোগিতাৰ এক্সপাৰ্ট শাখাত প্ৰথম স্থান অধিকাৰ কৰে বান্টাইলাং জাইৰা, দ্বিতীয় স্থান অধিকাৰ কৰে অমিত চেত্ৰী, আৰু তৃতীয় স্থান অধিকাৰ কৰে দাৰেন খৰহোংগাৰে। আনহাতে নোভিচ শাখাত প্ৰথম স্থান অধিকাৰ কৰে বিজয় কলিতা, দ্বিতীয় স্থান অধিকাৰ কৰে কৰন শৰ্মা আৰু তৃতীয় স্থান অধিকাৰ কৰে জেকি তাৰাঙে। টু-ষ্ট্ৰক শাখাত প্ৰথম স্থান অধিকাৰ কৰে বান্টাইলাং জাইৰা, দ্বিতীয় স্থান অধিকাৰ কৰে অশোক চেত্ৰী আৰু তৃতীয় স্থান অধিকাৰ কৰে জিমি চেফয়ে। বিগিনাৰ্চ শাখাত অংকু কলিতা প্ৰথম,  বানাইলাং ব্লেনি দ্বিতীয়, তাপস বৰ্মনে তৃতীয় স্থান আধিকাৰ কৰে। স্কুটী শাখাত তুমন শৰ্মা প্ৰথম, অজিত শৰ্মা দ্বিতীয় আৰু য়াচিন আলীয়ে তৃতীয় স্থান অধিকাৰ কৰিব সক্ষম হয়। উল্লেখ্য যে গ্ৰীণটেক এণ্ড এডভেন্সাৰৰ এই ব্যতিক্ৰমী পদক্ষেপে দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত বগামাটিক আগুৱাই নিয়াৰ লগতে দেশৰ এডভেন্সাৰ ট্যুৰিজিমৰ ক্ষেত্ৰতো অন্য এক মাত্ৰা প্ৰদান কৰিছে ।
You might also like