নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰ দুপৰীয়া সত্রৰ গুৰু আসনত অগ্ণিসংযোগ সন্দেহযুক্ত নাগৰিকৰ

বৰপেটাৰ গণককুছি সত্রত চাঞ্চল্যকৰ ঘটনা

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  সত্রনগৰী বৰপেটাৰ শ্রীশ্রীমাধৱদেৱ স্থাপিত গণককুছি সত্রত বৃহস্পতিবাৰে দুপৰীয়া এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ দিন–দুপৰতে সত্র চৌহদত অনধিকাৰ প্রৱেশ কৰি এগৰাকী মুছলমান যুৱকে বৈষ্ণৱ ধর্মৰ স্বাভিমান গুৰু আসনত অগ্ণিসংযোগ কৰি স্থানীয় ৰাইজৰ ধর্মীয় আৱেগ–নুভূতিত আঘাত হানে৷ প্রত্যক্ষদর্শীৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে দুপৰীয়া সত্র চৌহদত এজন মুছলমান যুৱকে প্রৱেশ কৰি চৌহদৰ ভিতৰত থকা মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ একান্ত অভিন্ন আতা পুৰুষ শ্রীশ্রীৰাম আতাৰ ভিঠিৰ গুৰু আসনত অগ্ণিসংযোগ কৰে৷ ইয়াৰ ফলত গুৰু আসনখন সম্পূর্ণৰূপে জাহ যায়৷ আনকি দুর্বৃত্তৰূপী যুৱকজনে ভিঠিৰ ভিতৰত বহি বিডিও জ্বলাই খায়৷ গুৰু আসন জ্বলি থকা দেখা পাই সত্র চৌহদত উপস্থিত হয় একাংশ স্থানীয় লোক৷ স্থানীয় ৰাইজে লগে লগে ঘটনাৰ লগত জডিত ৰফিকুল ইছলাম নামৰ যুৱকজনক কৰায়ত্ত কৰে৷ ইয়াৰ পাছতে বৰপেটা জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়া আৰু শীর্ষ আৰক্ষী বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় ৰাইজে আৰক্ষীৰ হাতত ৰফিকুল ইছলামক গতাই দিয়ে৷ উল্লেখ্য যে দুই বছৰ পূর্বে বৰপেটা চহৰৰ সমীপৰ কেওটকুছিৰ লক্ষ্মী মন্দিৰৰ মূর্তিৰ ক্ষতি কৰা ঘটনাৰ সৈতেও জডিত আছিল ৰফিকুল ইছলাম৷ ইপিনে সত্রৰ মর্যাদা আৰু পৱিত্রতা বিনষ্টকাৰী ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে সত্র পৰিচালনা সমিতিয়ে৷ ইয়াৰ লগতে সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ চৰকাৰ–প্রশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে৷

You might also like