নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত পি পি ই কিট পিন্ধি ক’ভিড পজিটিভ গৰ্ভৱতী মহিলাৰ অস্ত্ৰোপচাৰ

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ পি পি ই কিট পিন্ধি নিশা এঘাৰ বজাত জৰুৰীভাৱে অস্ত্ৰোপচাৰ কৰিলে চিকিৎসা মহাবিদ্যালয় হস্পিতালখনৰ চিকিৎসকে ৷ হাউলী ২ নং ৱাৰ্ডৰ জুহমা সেন নামৰ ২২ বছৰীয়া গৰ্ভৱতী মহিলা গৰাকীক কালি ভৰ্তি কৰোৱা হৈছিল চিকিৎসা মহাবিদ্যালয় হস্পিতালখনত ৷ অস্ত্ৰোপচাৰৰ পুৰ্বে ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছিল মহিলা গৰাকীক ৷
ক’ভিড পজিটিভ ৰিপোৰ্ট অহাৰ পিছত পি পি ই কিট পিন্ধি নিশা এঘাৰ বজাত মহিলা গৰাকীৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা হয় ৷অস্ত্ৰোপচাৰৰ জৰিয়তে এটি কন্যা সন্তানৰ জন্ম দিয়ে মহিলা গৰাকীয়ে ৷ সম্প্ৰতি প্ৰসূতি মহিলা গৰাকীক ক’ভিড ৱাৰ্ডত ভৰ্তি কৰি ৰখা হৈছে ৷ সদ্যজাত কন্যা শিশুটিক বেবী কেয়াৰ ইউনিটত নিৰীক্ষণত ৰখা হৈছে ৷সুস্থ অৱস্থাত আছে সদ্যজাত কন্যা শিশুটি আৰু মাতৃ ৷
অস্ত্ৰোপচাৰৰ পিচতে শিশুটিৰ ক’ভিড পৰীক্ষা কৰা হয় ৷ শিশুটিৰ ক’ভিড ফলাফল নিগেটিভ ৷
পাচদিন পিচত পুণৰ শিশুটিৰ ক’ভিড টেষ্ট কৰা হ’ব ৷

You might also like