নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা চহৰৰ হোটেল পৰা ৬জন জুৱাৰীক আটক 

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ: বৰপেটা চহৰৰ মাজ মজিয়াত অৱস্থিত এখন হোটেলত জুৱা চলি অৱস্থাতে আজি আৰক্ষীয়ে অভিযান চলাই ৬ জন জুৱাৰীক আটক কৰা ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চহৰখনৰ অৱস্থিত হোটেল প্লাজাত আৰক্ষীয়ে অভিযান চলাই ৬ জন জুৱাৰীk আটক কৰাৰ লগতে জুৱাখেলৰ সামগ্ৰী জব্দ কৰে ৷ আটকাধীন জুৱাৰীকেইজন হ’ল ক্ৰমে ৱাহিদ আলী, জেহেৰুল ইছলাম, তৈবুৰ ৰহমান, আমিৰ আলী, চইবুল ইছলাম আৰু কাজী ইমৰাণ হুছেইন ৷ এই আটাইকেইজন জুৱাৰী বৰপেটা চহৰৰ সমীপৱৰ্তী যতি গাঁও আৰু ভেৰা গাঁৱৰ বুলি জানিব পৰা গৈছে ৷ এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে আজি হোটেল প্লাজাত অভিযান চলায় ৷ হোটেলখনৰ এটা কোঠাত জুৱা খেল চলি থকা সময়তে আৰক্ষীয়ে জুৱাৰীকেইজনক আটক কৰে ৷ জুৱাৰী কেইজনৰ পৰা নগদ ২৩ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সুত্ৰই জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি হোটেলখনৰ কোঠা এটা ভাড়াত লৈ জুৱাখেল চলাই আছিল ৷

প্ৰেৰক আফতাব হুছেইন

You might also like