নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্থিক দৈন্যক নেওচি বৰপেটাক উজলালে ইয়ামিনে

হাই মাদ্রাছাৰ শীর্ষত পাচলি বিক্রেতাৰ পুত্র

নিয়মীয়া বাৰ্তা ৭ জুনঃ দৰিদ্রতা কেতিয়াও শিক্ষাৰ অন্তৰায় হ’ব নোৱাৰে৷ আজি এই কথা পুনৰ প্রমাণ কৰি দেখুৱালে বৰপেটা জিলাৰ ধকুৱা গাঁৱৰ ইয়ামিন আলী নামৰ ছাত্রজনে৷ দিন হাজিৰা কৰি, ঘৰে ঘৰে পাচলি বিক্রী কৰি পৰিয়াল পোহপাল দিয়া ধকুৱা গাঁৱৰ কৰম আলীৰ পুত্র ইয়ামিন আলীয়ে আজি ঘোষিত হাই মাদ্রাছা শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে প্রথম স্থান দখল কৰিবলৈ সক্ষম হয়৷ ফলাফল অনুসৰি ইয়ামিনে অসমীয়াত ৪৬, ইংৰাজীত ৮৬, সাধাৰণ বিজ্ঞানত ৯৯, ফিকাত ৪৯, গণিতত ৯৪, সমাজ বিজ্ঞানত ৮৭ আৰু আৰবীত ৯৭ নম্বৰসহ মুঠ ৫৫৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ইয়ামিন ধকুৱা হাই মাদ্রাছাৰ ছাত্র৷ টিনপাত আৰু মৰাপাটৰ বেৰেৰে আবৃত এটি সৰু ঘৰত থাকিয়েই দৈনিক ছয়–সাত ঘণ্টাকৈ পঢ়া–শুনা কৰিছিল ইয়ামিনে৷ নিজ অধ্যৱসায়ৰ ফলত আজি ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা ইয়ামিনে আর্থিক দৈন্য সত্ত্বেও কক্ষপথৰ পৰা বিচলিত নহৈ উজলাই তুলিলে বৰপেটা জিলাক৷ পৰীক্ষাৰ আগমুহূর্তলৈ লেমৰ পোহৰত অধ্যয়ন কৰা ইয়ামিনে পিতৃক ব্যৱসায়ত সহায় কৰি দি উঠি বাকী সময়খিনি পঢ়াত মনোনিৱেশ কৰিছিল৷ শাক–পাচলি বিক্রী কৰি, দিন মজুৰি কৰি কেতিয়াবা ৰিক্সা চলাই হ’লেও পিতৃ কৰম আলীয়ে দুবেলা দুমুঠি যোগাৰ কৰি দিয়াৰ বাহিৰে বাকী একো সুবিধা কৰি দিব পৰা নাছিল৷ অর্থৰ অভাৱত পিতৃয়ে টিউচন দিব নোৱাৰাত বিনাপাৰিশ্রমিকেৰে ইয়ামিনলৈ সকলো প্রকাৰৰ সহায়–সহযোগিতা আগবঢ়াইছিল বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীস৷ দৰিদ্র পৰিয়ালৰ সন্তান হোৱা বাবেই ইয়ামিনৰ শিক্ষা মাচুল আদি সম্পূর্ণৰূপে ৰেহাই দিছিল বিদ্যালয় কর্তৃপক্ষই৷ নিজকে এজন সুনাগৰিক হিচাপে গঢ়ি তুলি ভৱিষ্যতে চিকিৎসক হ’ব বিচাৰে মেধাৱী ছাত্রজনে৷ কিন্তু দৰিদ্রতাৰ বাবেই উচ্চ শিক্ষা লাভৰ ক্ষেত্রত স্বাভাৱিকতেই হয়তো প্রতিবন্ধকতাৰ সন্মুখীন হ’ব ইয়ামিন৷ সেয়েহে উচ্চ শিক্ষা গ্রহণৰ বাবে অসমৰ শিক্ষামন্ত্রী আৰু স্থানীয় বিধায়কৰ সহায়–সহযোগ বিচাৰিছে ইয়ামিনৰ পিতৃয়ে৷ মাজে সময়ে দিন হাজিৰা আৰু মাজে সময়ে ঠেলাত পাচলি বিক্রী কৰি ছয়জনীয়া পৰিয়াল পোহপাল দিয়া কৰম আলী পুত্রৰ কৃতিত্বক লৈ বাৰুকৈয়ে আনন্দিত৷ ইপিনে আজি ফলাফল ঘোষণা হোৱাৰ পিছতে বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্র নাথ দাসে কৃতী ছাত্রজনৰ ঘৰত উপস্থিত হৈ পাঁচ হাজাৰ টকা আর্থিক বৰঙণি আগবঢ়োৱাৰ লগতে উচ্চতৰ মাধ্যমিক পর্যায়লৈ পঢ়াৰ ক্ষেত্রত দায়িত্ব গ্রহণ কৰে৷ আনহাতে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকেও আজি নতুন দিল্লীৰ পৰা কৃতী ছাত্রজনৰ স’তে টেলিফোনিক বার্তালাপ কৰি শুভেচ্ছা জ্ঞাপন কৰে আৰু পঢ়া–শুনাৰ ক্ষেত্রত আর্থিকভাৱে সহায় কৰাৰ প্রতিশ্রুতি প্রদান কৰে৷

You might also like