নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বৰপেটাত শ্রীশ্রীকৃষ্ণ দৌল মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ সত্রনগৰী বৰপেটাত আজিৰে পৰা চাৰিদিনীয়াকৈ শ্রীশ্রীকৃষ্ণৰ দৌল মহোৎসৱ অনুষ্ঠিত হ’ব৷ মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ স্থাপিত বৰপেটা সত্র, সুন্দৰীদিয়া সত্র, বাৰাদি সত্র, গণককুছি সত্র, পাটবাউসীস্থিত শ্রীমন্ত শংকৰদেৱৰ থান আদিত দৌল উৎসৱক লৈ ব্যাপক প্রস্তুতি আৰম্ভ হৈছে৷ সত্রীয়া ৰীতি–নীতি আৰু পৰম্পৰাৰে বৰপেটা সত্রত ১৬ মার্চত গোন্ধ যাত্রা৷

আজি বিয়লি সত্রৰ নিত্য–প্রসংগৰ পিছত দৌল গোবিন্দক সত্রৰ মণিকূট গৃহৰ পৰা গায়ন– বায়ন আৰু ঢুলীয়াসহ পূব দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালত ৰখা হ’ব৷ আনপিনে কলীয়া ঠাকুৰ গোসাঁইক মুখ্য দুৱাৰেদি উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইত ৰখা হ’ব৷ সন্ধিয়া দুয়ো গোসাঁইক গায়ন–বায়ন আৰু ঢুলীয়া সমন্বিতে ভক্তপ্রাণ ৰাইজে গোসাঁইক টুপৰ চোতাললৈ মেজি পুৱাবলৈ আনিব৷ মেজিৰ চাৰিওপিনে গোসাঁইক সাতপাক ঘূৰোৱাৰ পিছত প্রথমে যোগমোহন গৃহত কিছু সময় ৰাখি নিশা আঠ বজাৰ পিছত গোসাঁইদ্বয়ক দৌলত আৰোহণ কৰোৱা হ’ব৷ গোসাঁইক মেজিৰ চাৰিওপিনে ঘূৰোৱাৰ সময়তে স্থানীয় কাৰুশিল্পীৰ দ্বাৰা তৈয়াৰী আতচবাজী প্রদর্শন কৰা হ’ব৷ ১৭ আৰু ১৮ মার্চত ভৰ দৌল৷ অহা ১৯ মার্চত ফাকুৱা উৎসৱ অনুষ্ঠিত হ’ব৷

You might also like