বৰপেটা সত্ৰৰ ভূমি সন্দৰ্ভত শ্বেৰমানৰ বিতৰ্কিত মন্তব্যক লৈ মাজুলীৰ সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰী : এগৰাকী জনপ্ৰতিনিধিয়ে বৰপেটা সত্ৰৰ ভূমিৰ পৰা খুঁটি উভালি দিয়াটো এটা দুৰ্ভাগ্যজনক বিষয় ৷ এজন জনপ্ৰতিনিধিয়ে সকলোকে সমভাৱে চাব লাগে, বিনয়ী ভাব থাকিব লাগে ৷ বাঘবৰৰ বিধায়ক তথা সঘনাই সংবাদ মাধ্যমৰ চৰ্চাত থকা শ্বেৰমান আলীয়ে অসমৰ পৱিত্ৰ আধ্যাত্মিক স্থান বৰপেটা সত্ৰৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ৷
সত্ৰাধিকাৰগৰাকীয়ে কয় যে এনে ধৰণৰ মন্তব্যৰ প্ৰতিবাদ সকলোৱে কৰিব লাগে , আমি তেওঁৰ মন্তব্যত অত্যন্ত দুখ পাাইছোঁ , তেওঁৰ সুমতি আহক ৷ আমি বৰপেটা সত্ৰৰ লগত সদায় আছোঁ বুলি মন্তব্য কৰে সত্ৰাধিকাৰজনে ৷
শ্ৰীশ্ৰীভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰতীয় শাস্তত আসুৰিক আৰু দৈৱিক দুটা সম্পদায়ৰ কথা উল্লেখ আছে ৷ আসুৰিক আচৰণ হ’ল শান্তিত থকা সমাজখনত অশান্তিৰ বিজ সিঁচা এই আসুৰিক ব্যক্তিৰ শাৰীত পৰে শ্বেৰমান আলী ৷ এজন জনপ্ৰতিনিধিয়ে নিজৰ নম্ৰতা, ভদ্ৰতা, শালীনতা বৰ্তাই ৰাখিব নজনাটো ৰাজ্যৰ বাবে শুভ লক্ষণ নহয় ৷
সত্ৰাধিকাৰগৰাকীয়ে শ্বেৰমান আলীক দৈত্য কংস আৰু জৰাসন্ধৰ লগত তুলনা কৰি কয় যে পৰমেশ্বৰে এই অসুৰসকলক নিয়ন্ত্ৰণ কৰিব ৷ আমি মাত্ৰ আশা কৰিম পৰমপুৰুষে শ্বেৰমান আলীক সুমতি দিয়ক, সত্ৰৰ প্ৰতি তেওঁৰ যি বৈৰী মনোভাৱ, জাতিটোৰ বাবে যি বৈৰিতা চিন্তা কৰিছে ৷ এয়া ভাল কথা নহয় ৷ তেওঁৰ সৎভাৱ আহক বুলি ঈশ্বৰলৈ প্ৰাৰ্থনা জনায় সত্ৰাধিকাৰগৰাকীয়ে ৷
আনহাতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশ্ব হিন্দু মহাসংঘ, অসমৰ সভাপতি তথা মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে শ্বেৰমান আলী এজন বিতৰ্কিত লোক , তেওঁ পাগলামি বকিছে ৷ আৰু এই পাগলামি বিশ্ব হিন্দু মহাসংঘই কেতিয়াও মানি নলওঁ বুলি চৰম সকীয়নি দি চৰকাৰক কঠোৰ স্থিতি গ্ৰহণৰ দাবী জনোৱাৰ লগতে এনে ব্যক্তিৰ স্থান কাৰাগাৰত হব লাগে বুলি মন্তব্য কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড