নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ অসমৰ ২৩ গৰাকী ছাত্ৰ- ছাত্ৰীক মধ্যপ্ৰদেশলৈ প্ৰেৰণ

অসম চৰকাৰৰ পৰিবহন বিভাগ আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগ

নিয়মীয়া বাৰ্তা ৭মেঃ লকডাউনৰ ফলত আবদ্ধ হৈ থকা সৰভোগৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি ৰাতিপুৱা নিজ ৰাজ্য  মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হয়।
অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত বৰপেটা জিলা প্ৰশাসনে আজি সৰভোগৰ জৱাহৰ  নৱোদয় বিদ্যালয়ৰ এই ২৩ গৰাকী ছাত্ৰী ছাত্ৰীক  মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰে ৷
জিলা পৰিবহণ বিভাগে অধিগ্ৰহণ কৰা এখন অত্যাধুনিক শীত তাপ নিয়ন্ত্ৰিত বাছত ছাত্ৰ ছাত্ৰী সকলক মধ্য প্ৰদেশলৈ পঠিওৱা হয় ৷ যাত্ৰাৰ আৰম্ভণিতে ৰাতিপুৱা  চিকিৎসকে ছাত্ৰ-ছাত্ৰী সকলৰ শাৰিৰীক উষ্ণতা নিৰিক্ষণ কৰে।
ছাত্ৰ ছাত্ৰী সকলৰ সতে তিনিজন শিক্ষক, এজন চিকিৎসক আৰু এজন ফাৰ্মাচীষ্ট প্ৰেৰণ কৰা হয় ৷ বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৰাতিপুৱা ৮ বজাত ফ্লেগ অফ কৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে ৷
এই অনুষ্ঠানত বৰপেটাৰ তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু ভাৰপ্ৰাপ্ত  জিলা পৰিবহণ বিষয়া হিমাংশু দাস, যান বাহন পৰিদৰ্শক পংকজ দাসৰ লগতে পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো  উপস্হিত থাকে।
লক ডাউনৰ ফলত আবদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰী সকলে নিজ ঘৰলৈ উভটি যাবলৈ পাই উৎফুল্লিত হৈ পৰে আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷
You might also like