নিয়মীয়া বাৰ্তা ২ জুনঃ- বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীতে মহামাৰী ক’ৰোনাৰ সংহাৰত মানৱ সভ্যতাৰ প্ৰতি ভাবুকি নামি আহিছে ৷ দেশে বিদেশে চলিছে মৃত্যুৰ কিৰিলি ৷ সংকটাপন্ন মানৱ জীৱন ৷ প্ৰতিজন লোকেই যেন আতংকিত, দিশহাৰা আৰু গৃহবন্দী ৷ ইয়াৰ মাজতে বহু লোকে দুৰ্ভিক্ষ জীৱন সংগ্ৰাম চলাই গৈছে ৷ দৈনিক উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰা সকলেও কৰ্ম বিমুখ হৈ আৰ্থিক সংকটত ভুগিছে ৷ অনাকাংক্ষিত দেশৰ এই বিপৰ্যয়ত চৰকাৰ, প্ৰশাসনে পাৰ্য্যমানে ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিছে ৷ ঠিক তেনে সময়তে মধ্য অসমৰ নগাঁও,মৰিগাওঁ জিলাৰ অন্তৰ্গত বাৰপূজীয়া আঞ্চলিকৰ আছুৰ নেতৃবৰ্গই ২৬ খন গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৰি সাধাৰণ ৰাইজৰ কাষত সজোৰে থিয় দিছে ৷ দেশৰ বা জাতিৰ সংকটৰ সময়ত তেওঁলোকৰ সংগঠনে সামান্যভাৱে হ’লেও ৰাইজৰ সেৱা আগবঢ়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ৷ বাৰপূজীয়া আঞ্চলিকৰ আছুৰ নেতৃত্ব বহনকাৰী সকলে চৰকাৰী নীতি নিয়ম পালন কৰি যিমানদূৰ পাৰিছে প্ৰতিঘৰ গৃহস্থীৰ পদূলি মুখলৈকে গৈ অত্যাৱশ্যকীয় বা প্ৰয়োজনীয় যিকোনো সহায়েই কৰিবলৈ প্ৰয়াস কৰিছে ৷ দেশৰ নিৰাপত্তাৰ স্বাৰ্থত ঘৰৰ ভিতৰত থকা সকলক বাদ দি যি সময়ত একাংশই মৃত্যুভয়ত কম্পমান হৈ ঘৰৰ ভিতৰত আছে, সেইসময়ত সামাজিক দুৰত্ব অক্ষুণ্ণ ৰাখি, মানৱতাৰ নিদৰ্শন দাঙি ধৰি সাহসিকতাৰে সমাজ সেৱা কৰি কোনো স্বীকৃতিপ্ৰাপ্ত পদবী বা বাব নোহোৱাকৈও যে ৰাইজৰ সেৱা কৰিব পাৰি তাৰ বিৰল নিদৰ্শন স্থানীয় আছু কৰ্মী সকলে উৎকৃষ্টতাৰে দাঙি ধৰিছে ৷ এইক্ষেত্ৰত আৰ্তজনক সহায় কৰা আছুৰ আঞ্চলিক সমিতিৰ সভাপতি ইন্দ্ৰ কুমাৰ নাথ আৰু সম্পাদক দেৱজিৎ ডেকাৰ ভূমিকাকলৈ অঞ্চলবাসীয়ে গৌৰৱবোধ কৰিছে ৷ দুয়োগৰাকীয়ে আৰ্তজনৰ কাষত থিয় হৈ ৰাইজক সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় শৈক্ষিক সামগ্ৰী যোগান ধৰাৰ পোষকতা কৰে ৷ এই ক্ষেত্ৰত সকলো ছাত্ৰছাত্ৰীকে সামৰি লোৱাৰ উপৰিও বিশেষকৈ দৰিদ্ৰ ছাত্ৰছাত্ৰীৰ উপকাৰ হোৱাকৈ আঁচনি গ্ৰহণ কৰিবলৈকো দুয়োগৰাকী কৰ্মীয়ে চৰকাৰক আহ্বান জনাই ৷ স্থানীয় ৰাইজৰ প্ৰশংসাৰে উপচি পৰা আছু নেতৃত্বৰ লগতে উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা স্থানীয় ৰাইজ, প্ৰাক্তন ছাত্ৰ নেতা, কল্পবৃক্ষ কনিষ্ঠ মহাবিদ্যালয়, নিলোৎপল ডেকা কনিষ্ঠ মহাবিদ্যালয়, বাৰপূজীয়া বালিকা নিম্ন বুনিয়াদী বিদ্যালয় আৰু নিজ মিকিৰ গাঁও চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ কতৃপক্ষৰ সহায় সহযোগিতাক সকলোৱে আদৰণি জনাইছে ৷ অঞ্চলৰ সৰ্বসাধাৰণ লোকে আছুৰ এই পদক্ষেপ তথা সামাজিক সচেতনতা, মানৱীয়তা, দেশৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু ভালপোৱা তথা সহায় সহযোগিতাক একেমুখে প্ৰশংসা কৰিছে ৷