নিয়মীয়া বাৰ্তা, তামুলপুৰ, ৫ এপ্ৰিলঃ যোৱা ৮ মাৰ্চত নাৰী দিৱসৰ দিনা অৰুণাচলৰ ৫০৫ পইণ্টৰ পৰা লাডাখৰ টাইগাৰ হিলচলৈ প্ৰায় পাঁচ হাজাৰ কিলোমিটাৰ যাত্ৰা আৰম্ভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী বাচেন্দ্ৰী পাল সহ ১০ গৰাকী মহিলা পৰ্বতাৰোহীয়ে যাত্ৰাকালত ২৮ মাৰ্চত তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ত পদাৰ্পণ কৰে। এই দলটোক কেন্দ্ৰীয় বিদ্যালয়ৰ তামুলপুৰ আৰু ৰেড হ’ৰ্ণ ডিভিজনৰ তৰফৰ পৰা বিপুল আদৰণি জনোৱা হয়৷ ভাৰতীয় সেনাৰ ১০৭ নং মাউণ্ট ব্ৰিগ্ৰেডৰ সহযোগত তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ চৌহদত উপস্থিত হোৱাত দলটোৱে তামুলপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ সৈতে মত বিনিমিয় অনুষ্ঠানত ভাগ লয়। মত বিনিময় অনুষ্ঠানত জীৱনত সফল হ’বলৈ হ’লে কিদৰে আগবাঢ়ি যাব লাগিব তাৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে পদ্মশ্ৰী, পদ্মভূষণ বাচেন্দ্ৰী পালে।
ছাত্র-ছাত্ৰীৰ স’তে হোৱা প্ৰশ্নোত্তৰ শিতানত নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি ছাত্র-ছাত্ৰীসকলক উৎসাহী কৰি তোলে পালে। তেওঁ পুনৰ কয় যে- শ্ৰমৰ বিকল্প নাই ৷ ১৯৮১ চনৰ পৰা মই পৰ্বতাৰোহন কৰো ৷ পাহাৰীয়া গাঁৱলীয়া জীৱন মোৰ কাৰণে আছিল বৰ কষ্টকৰ জীৱন৷ কষ্টকৰ জীৱনৰ মাজেৰে মই সময় অতিবাহিত কৰি আগবাঢ়িছোঁ ৷ গাঁৱৰ জীৱনে মোক বহু সপোন দেখিবলৈ শিকাইছিল। সেয়ে মই বহু সপোন দেখিছিলো ৷ জীৱনত এশ শতাংশ শক্তিৰে কাম কৰি সফলতাৰ দিশে আগবাঢ়ি যাবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷ তেওঁ পুনৰ এগৰাকী ছাত্ৰীৰ উত্তৰত কয় যে- হ’বী কি মই গাঁৱত বুজি পোৱা নাছিলো ৷ কেৱল খেলা খেলিছিলো ৷ গাঁৱৰ ওচৰত এছ এছ বি আৰু সেনাৰ প্ৰশিক্ষনত মই সাহসেৰে গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো ৷ আনকি এভাৰেষ্ট জয় কৰাৰ সময়ত মই মোৰ গাঁৱৰ পৰা ওলাই যোৱাটোৱে বৰ কঠিন কাম আছিল৷ কিয়নো মই ছোৱালী আছিলোঁ৷ তেওঁ আকৌ কয়- আজি দেশে মোক বহত মৰম দিছে, বহু সন্মান দিছে। সেয়ে মোৰ দেশৰ প্ৰতি দায়িত্ব বাঢ়িছে৷ মই দেশৰ হৈ, সমাজৰ হৈ কাম কৰিবলৈ ওলাই আহিছো৷ টাটাই মোক কৰ্মসংস্থাপন দিছে৷ সেয়ে টাটাৰ সহযোগত কাম কৰি গৈ আছোঁ৷ নাৰীসকলৰ সবলীকৰনৰ কাৰণে মই সহপাঠীৰ সৈতে যাত্ৰা আৰম্ভ কৰিছোঁ।