নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ অসমীয়াৰ লেখেৰে কাইলৈ পহিলা ভাদ৷ অসমীয়া সমাজ জীৱনত পৱিত্র মাহ হিচাপে যুগ যুগ ধৰি চিহ্ণিত হৈ অহা ভাদ মাহৰ গুৰুত্ব অপৰিসীম৷ দিনে–নিশাই পৱিত্র ভাদ মাহত ৰাজ্যৰ সকলো সত্র–নামঘৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে৷ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ গুণানুকীর্তনেৰে মুখৰিত হৈ থাকে চৌপাশ৷ যুগৰ পৰা যুগলৈ, পুৰুষৰ পৰা পুৰুষলৈ চলি অহা এই পৰম্পৰাত যেন এইবাৰ আঘাত হানিলে সর্বত্র বিভীষিকা সৃষ্টিকাৰী ক’ভিড–১৯এ৷ উজনি অসমৰ অন্যতম পীঠস্থান হিচাপে পৰিচিত যোৰহাটৰ ঐতিহাসিক ঢ়েকীয়াখোৱা বৰনামঘৰ, নৃসিংহ মহাপ্রভুখ্যাত মইনাপৰীয়া নামঘৰ আৰু টীয়কৰ কলীয়াপানীস্থিত শ্রীশ্রীআউনীআটী সত্রত পৱিত্র ভাদ মাহত অগণন দর্শনার্থীৰ ভিৰ হয়৷ কিন্তু এইবাৰ তেনে পৰিৱেশ দেখিবলৈ পোৱা নাযাব৷ ইতিমধ্যে যোৰহাট জিলা প্রশাসনে জিলাখনৰ সকলো নামঘৰ, সত্রত প্রযোজ্য হোৱাকৈ কেতবোৰ নির্দেশাৱলী জাৰি কৰিছে৷ সোমবাৰে ঐতিহাসিক ঢ়েকীয়াখোৱা বৰনামঘৰত যোৰহাট জিলা প্রশাসন আৰু ঢ়েকীয়াখোৱা নামঘৰ পৰিচালনা সমিতিৰে হোৱা এক বৈঠকৰ অন্তত জাৰি কৰে বহুকেইটা গুৰুত্বপূর্ণ নীতি–নির্দেশনা৷ সেই অনুসৰি চৰকাৰ তথা প্রশাসনে ধর্মীয় অনুষ্ঠান সন্দর্ভত বান্ধি দিয়া নিয়মসমূহ সকলো দর্শনার্থীয়ে মানি চলাটো বাধ্যতামূলক৷ সামাজিক দূৰত্ব, মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব সকলোৱে৷ নামঘৰত ৫০ জনৰ অধিক লোক সমৱেত হ’ব নোৱাৰিব৷ এইবাৰ সেৱা ধৰিবলৈ অহা ভকত–বৈষ্ণৱক প্রসাদৰ ব্যৱস্থা নহ’ব৷ মাথোঁ সেৱা ধৰিয়েই ততালিকে ওলাই আহিব লাগিব নামঘৰ প্রাংগণৰ পৰা৷ ঢ়েকীয়াখোৱা বৰনামঘৰৰ ভকতসকলৰ চাৰি দিনৰ অন্তৰে অন্তৰে স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ দর্শনার্থীয়ে ইচ্ছা কৰিলে নামঘৰলৈ আহিবৰ বাবে আগতীয়া অনুমতি ল’বলৈ ইতিমধ্যে তিনিটাকৈ ম’বাইল নম্বৰৰ ব্যৱস্থা কৰিছে৷ উল্লিখিত সকলো নিয়ম–নির্দেশনা যোৰহাটৰ সকলো নামঘৰ, সত্রতেই প্রযোজ্য হ’ব বুলি অৱগত কৰিছে জিলা প্রশাসনে৷
পৱিত্র ভাদ মাহত হৰিনামৰ ধ্বনিত মুখৰ হ’ব মাজুলী
দ্রুতগতিত ক’ৰোনা সংক্রমণ বৃদ্ধি পোৱাৰ বাবে পৱিত্র মাহটোত আধ্যাত্মিক ক্ষেত্র তথা সত্রীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীত পূর্বৰ তুলনাত এই বছৰ খোল–তালৰ অমিয়া সুৰৰ প্রয়োভৰ হ্রাস পোৱাৰ আশংকা কৰা হৈছে৷ ভাদ মাহ মানেই যেন মাজুলীৰ কৃষক, বনুৱা, ৰোৱনী–দাৱনী সকলোৰে বাবে হেঁপাহ আৰু বহু প্রতীক্ষাৰ এটা ক্ষণ৷ উল্লেখ্য যে বিগত বর্ষবোৰত ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে সত্রপীঠ মাজুলীৰ সত্র–নামঘৰসমূহো পহিলা ভাদৰ পৰাই হৰিনামৰ বন্দনাৰে মুখৰিত হৈ পৰে৷ ভাদ মাহ মানেই যেন কেৱল আধ্যাত্মিক চিন্তা–চেতনা আৰু হৰিৰ গুণানুকীর্তন কৰাৰ সময়৷ সেই বাবেই হয়তো এই সময়ছোৱাতে সকলোৱে সেৱাৰ থলীলৈ গৈ হৰিনামত বিভোৰ হৈ দেহ–মনক চঞ্চল কৰি তোলে৷ হৰি বন্দনাৰে মুখৰিত হৈ পৰে অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰস্বৰূপ নামঘৰ আৰু সত্রসমূহ৷ আনহাতে, ভাদ মাহতেই অসমত নৱবৈষ্ণৱ ধর্মৰ প্রৱর্তক তথা অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ উপৰি ভগৱান শ্রীকৃষ্ণৰ জন্মাষ্টমী আৰু শ্রীমন্ত শংকৰদেৱৰ জন্মতিথিও ভাদ মাহতেই পৰে৷ এই কথাকে সাৰোগত কৰি অসমীয়া সমাজে ভাদ মাহটোক অতি পৱিত্র বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম–কীর্তন কৰে বুলিও চর্চিত হৈ আহিছে৷ বর্তমান এই দুর্যোগপূর্ণ সময়ত হৰিৰ গুণানুকীর্তন কৰাৰ বাবে ভকত–বৈষ্ণৱসকলে ক’ৰোনা মহামাৰীৰ সংক্রমণ ৰোধৰ বাবে সামাজিক দূৰত্ব বর্তাই ৰাখি বিলীন হ’ব লাগিব হৰিনামৰ অমিয়া ৰসত৷
ক’ৰোনা সংক্রমণ সত্ত্বেও সাজু ঐতিহ্যমণ্ডিত শ্রীশ্রীআঠখেলীয়া নামঘৰঃ পাঁচজন ভকতৰ দ্বাৰা নাম–প্রসংগ
গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ গোলাঘাট–যোৰহাট জিলাৰ সীমা কাকডোঙা আৰু ঘিলাধাৰী নৈৰ মাজত অৱস্থিত অসমৰ ঐতিহ্যমণ্ডিত শ্রীশ্রীআঠখেলীয়া নামঘৰ ভক্তপ্রাণ ৰাইজৰ বাবে সদায় প্রভু ভক্তিৰ এক বিশেষ স্থলী হৈ আছে৷ প্রতিবর্ষৰ ভাদ মাহত ইয়ালৈ দেশী–বিদেশী লাখ লাখ ভকত–বৈষ্ণৱৰ সমাগম হয়৷ সেয়েহে এইবাৰো অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ সেৱক–সেৱিকা, ভক্তপ্রাণ যুৱক–যুৱতী, পুৰুষ–মহিলা, বৃদ্ধ–বৃদ্ধা, ছাত্র–ছাত্রী আদিৰ সুবিধাৰ বাবে নামঘৰ কর্তৃপক্ষ সাজু হৈছে৷ এইবাৰ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে কেৱল অনুষুটপীয়াকৈ প্রতিবছৰৰ দৰে এইবাৰো পৱিত্র ভাদ মাহৰ নাম মহোৎসৱ ভাগি পালন কৰিবলৈ সাজু হৈছে শ্রীশ্রীআঠখেলীয়া নামঘৰ পৰিচালনা সমিতি৷ এই পৱিত্র ভাদ মাহৰ নাম মহোৎসৱলৈ অসমৰ ভিন্ন প্রান্তৰ পৰা লক্ষ লক্ষ ভক্তপ্রাণ লোকৰ সমাগম ঘটি মহাপ্রভুৰ আশিস বিচাৰি মূৰ দেদাৱায়হি৷বর্তমান এই জটিল পৰিস্থিতিৰ কাৰণে মহানাম মহোৎসৱ ভাগি চৰকাৰী নীতি–নির্দেশনা মানি দৈনিক পাঁচজন ভকত–বৈষ্ণৱৰ দ্বাৰা মহানাম মহোৎসৱ ভাগি অনুষুটপীয়াকৈ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বুলি পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্র নাথ হাজৰিকা আৰু মুকুল বৰাই জানিবলৈ দিছে৷ উল্লেখ্য যে নামঘৰলৈ ভক্তৰ প্রৱেশৰ ক্ষেত্রত কোনো নিষেধাজ্ঞা নাই যদিও পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভক্তসকলক চৰকাৰী নীতি–নির্দেশনা মানি চলিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনোৱাৰ লগতে খেলৰ বাৰিকসকলৰ ওপৰত বিশেষ দায়িত্ব অর্পণ কৰাৰ লগতে পূর্বৰ দৰে পুৱা ৫ বজাত, ১১ বজাত, বিয়লি ২ বজাত আৰু সন্ধিয়া ৬ বজাত চাৰি প্রসংগ নাম হ’ব যদিও নামঘৰৰ ভিতৰত প্রসাদ বিতৰণ বন্ধ থাকিব৷ ক’ৰোনা মহামাৰীৰ বাবে চাফ–চিকুণ, প্রতিদিনে ছেনিটাইজেচন আদিৰ ব্যৱস্থা অব্যাহত ৰাখিব৷
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানত ভাদ মাহৰ নামত
সামাজিক দূৰত্বৰে দর্শনার্থীক আদৰিবলৈ সাজু পৰিচালনা সমিতি
গুৰুজনাৰ জন্মধাম বটদ্রৱাতো শাওণ–ভাদৰ সংক্রান্তি উপলক্ষে এক উখল–মাখল ধর্মীয়–সাংস্কৃতিক পৰিৱেশ৷ বটদ্রৱাৰ ঐতিহ্যময় দুই সত্রৰ ভকত–বৈষ্ণৱ আৰু আইমাতৃসকলে ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক জীপাল কৰি তুলিবৰ বাবে আজিৰে পৰা প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ বটদ্রৱা থানলৈ আগমন ঘটিব দেশ তথা ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা প্রতিদিনে ভকত–বৈষ্ণৱ৷ এইবেলি ক’ৰোনাৰ সন্ত্রাস চলি থকা বাবে সীমিতসংখ্যক ভকত–বৈষ্ণৱৰ জৰিয়তে ভাদ মাহৰ পৰম্পৰাগত নাম–প্রসংগ চলাবলৈ আগবাঢ়িছে বটদ্রৱাৰ ৰাইজ৷ মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি তীর্থযাত্রীক আদৰিবলৈ এতিয়া দিনে–নিশাই ব্যস্ত হৈছে পৰিচালনা সমিতিৰ সেৱকসকল৷ ভকত–বৈষ্ণৱ তথা স্থানীয় ৰাইজে মিলি থান প্রাংগণৰ বিভিন্ন স্থান পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰিছে৷ ইতিমধ্যে পৰিচালনা সমিতিয়ে ভকত–বৈষ্ণৱে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে বিশুদ্ধ খোৱাপানী, প্রসাদ দিয়া স্থান, অতিথিশালা, জিৰণি চ’ৰা, গাডী পার্কিং আদি স্বচ্ছতা সম্পূর্ণ কৰি তুলিছে৷ জগত গুৰুজনাৰ পৱিত্র জন্মস্থানবটদ্রৱা থানত পৱিত্র ভাদ মাহৰ পৰম্পৰাগত ঐতিহ্যক সাৰোগত কৰি অনুষ্ঠিত হ’বলগীয়া ওঠৰ প্রসংগৰে ভাদ মাহৰ নাম ৰখা কার্যসূচীৰ আজি শাওণ–ভাদৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈছে৷ আজি পুৱা শ্রীশ্রীবটদ্রৱা থানৰ কীর্তনঘৰত পৰিচালনা সমিতিৰ সভাপতি–সম্পাদক আৰু সদস্যসকলৰ উপস্থিতিত দুই সত্রৰ গায়ন–বায়ন, নাম লগোৱা আৰু ভকত–বৈষ্ণৱক উদ্দেশ্যি ভাদ মাহৰ পৰম্পৰাগত ওঠৰ প্রসংগৰ কার্যসূচী শৃংখলাবদ্ধভাৱে চলাই নিয়া বাবে তামোল–পাণ আগবঢ়াই এভাগি ঘোষা গাই জননী দিয়াৰ পাছৰে পৰা শাওণৰ সংক্রান্তিৰ পৰা ভাদৰ সংক্রান্তিলৈ এমাহজুৰি নামৰখা কার্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ ঘটিল৷ প্রকাশ থাকে যে ক’ৰোনাৰ–লকডাউনৰ বাবেই এইবেলি ভাদ মাহত বটদ্রৱাত পৰম্পৰাগত কোনো ভাওনা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ তাৰ পৰিৱর্তে ওঠৰ প্রসংগৰ নাম–কীর্তনেৰে দুজনা গুৰুৰ তিথি মহোৎসৱ, শ্রীশ্রীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ আৰু নাম সামৰণিৰ দৰে বটদ্রৱাৰ এতিহাসিক পৰম্পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বটদ্রৱা থান পৰিচালনা সমিতিয়ে৷ইয়াৰ উপৰি শ্রীশ্রীশ’লগুৰি আৰু শ্রীশ্রীনৰোৱা সত্রৰ ভকত–বৈষ্ণৱে গুৰুজনাই নিজে নির্মাণ কৰা বৰদোৱাৰ ঐতিহাসিক কীর্তন ঘৰৰ পীৰালিত বহি সমগ্র ভাদ মাহ জুৰি নিৰৱিচ্ছিন্নভাৱে ‘অ’ হৰি মোৰ বান্ধৱ, কৃষ্ণ হৰি, ৰাম ৰাম ৰাম ৰাম…’ শীর্ষক নিৰক্ষৰী ঘোষাৰে পাল পাতি পাতি নাম ডকা এক অপূর্ব পৰম্পৰা চলিব৷