নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমজি এনৰেগা ৰূপায়ণত দুর্নীতিঃ ধুবুৰীৰ গৌৰীপুৰৰ বিডিঅ’–গাণনিকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ দুর্নীতিৰ অভিযোগত ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি গাণনিক এগৰাকীক দেওবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰাত চাঞ্চল্য সৃষ্টি হৈছে৷

জানিব পৰা মতে, উন্নয়ন খণ্ডটোত গ্রামোন্নয়ন বিভাগৰ এমজিএনৰেগাৰ অধীনত ৰূপায়ণ হোৱা আঁচনিত সংঘটিত হোৱা ব্যাপক কেলেংকাৰি সন্দর্ভত আৰক্ষীয়ে দেওবাৰে গ্রেপ্তাৰ কৰিছে উন্নয়ন খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলামক৷

স্মর্তব্য যে যোৱা ৮ জুলাইত ধুবুৰীৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুগৰাকীকৈ অভিযন্তা আৰু ব্যৱসায়িক প্রতিষ্ঠান এটাৰ এগৰাকী স্বত্বাধিকাৰীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এখন এজাহাৰৰ দাখিল কৰিছিল ধুবুৰী জিলা পৰিষদৰ তদানীন্তন কার্যনির্বাহক বিষয়া অনিমেষ তালুকদাৰে৷ বিষয়াগৰাকীয়ে গৌৰীপুৰ উন্নয়ন খণ্ডৰ গ্রামোন্নয়ন বিভাগৰ এমজিএনৰেগা আঁচনিৰ অধীনৰ এটা ৫২.৭২ লাখ টকীয়া এক আঁচনিৰ চৰজমিন তদন্ত চলাইছিল৷

তদন্তত উন্নয়ন খণ্ডটোৰ দুগৰাকী অভিযন্তা ক্রমে ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লাহকে ধৰি গৌৰীপুৰৰ মধুশৌলমাৰীৰ ‘জাহিদুল এণ্টাৰপ্রাইজ’ নামৰ ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী জনৈক জাহিদুল হক দুর্নীতিত লিপ্ত থকা বুলি প্রমাণ পোৱাৰ পাছত ধুুবুৰী সদৰ থানাত তিনিওগৰাকী ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল বিষয়াগৰাকীয়ে৷ সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১০৯৭/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি পলাতক অৱস্থাত থকা তিনিওৰে সন্ধানত অভিযান অব্যাহত ৰাখিছিল৷

অৱশেষত যোৱা ২৬ আগষ্ট চুবুৰীয়া পশ্চিমবংগৰ এক ভিতৰুৱা অঞ্চলৰ পৰা গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই স্বীকৃত অভিযন্তা ক্রমে আব্দুল্লাহ আল মাছুদ আৰু ছাদ্দাম হুছেইনক গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ জানিব পৰা মতে, গ্রেপ্তাৰ কৰা সেই দুইগৰাকী অভিযন্তাক জেৰা চলাই পোৱা তথ্যৰ ভিত্তিত আজি আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ধুবুৰী জিলাৰ গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলামক৷ উল্লেখ্য যে ধুবুৰী জিলা পৰিষদৰ তদানীন্তন মুখ্য কার্যবাহী বিষয়াগৰাকীৰ এজাহাৰত উল্লেখ থকা ‘জাহিদুল এণ্টাৰপ্রাইজ’ নামৰ ব্যৱসায়িক প্রতিষ্ঠানৰ স্বত্বাধিকাৰী জনৈক জাহিদুল হক বর্তমানেও পলাতক অৱস্থাত আছে৷

You might also like