নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ ‘যোৱা ১৭টা বছৰে হাগ্রামা মহিলাৰীয়ে বিটিচিত স্বজন–তোষণ তথা নিজৰ স্বার্থসিদ্ধিৰ বাবে কাম কৰিছে৷ তেওঁ নিজে আৰু বিপিএফৰ নেতা–পালিনেতাসকলে বিটিচিত উন্নয়নৰ নামত লুণ্ঠন চলাই কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িছে৷ –এই অভিযোগ প্রমোদ বড়োৰ৷ ইউপিপিএলৰ মুৰব্বীজনে কয় যে দলটোৰ একাংশ নেতাই বিটিচিত বিভিন্ন উন্নয়নমূলক আঁচনি সঠিকভাৱে ৰূপায়ণ নকৰি সমুদায় ধন আত্মসাৎ কৰি পুনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে মন মেলিছে যদিও ৰাইজে তেওঁলোকক প্রত্যাখ্যান কৰিব আৰু বিটিআৰৰ ১২টা সমষ্টিতে ইউপিপিএল আৰু বিজেপিৰ প্রার্থীসকলে জয়লাভ কৰিব৷ বিটিচি নির্বাচনত হাগ্রামাৰ অপশাসনৰ পৰা আমি বিটিচিবাসীক ৰক্ষা কৰিলোঁ৷ এইবাৰ বিধানসভা নির্বাচনত বিপিএফৰ প্রার্থীসকলক ৰাইজে সমুচিত শিক্ষা দিবলৈ সাজু হৈছে৷ ইউপিপিএল দলেই হাগ্রামাক প্রতিহত কৰিব৷ ৰাইজ ইউপিপিএল–বিজেপিৰ লগত আছে৷ প্রমোদ বডোৱে কয়– ইউপিপিএল দলে যোৱা এটা মাহতে ৰাইজক দিয়া প্রতিশ্রুতি মতে কাম কৰা আৰম্ভ কৰিছে৷ ইতিমধ্যে ৫,৭০০ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্রদান কৰা হৈছে আৰু নির্বাচনৰ পিছতে আৰু ১১ হাজাৰ পট্টা দিয়া হ’ব বুলি বডোৱে পুনৰ প্রতিশ্রুতি দি ইউপিপিএলৰ প্রার্থী সোমনাথ নার্জাৰীক বিপুল ভোটত জয়ী কৰাবলৈ দলৰ কর্মী–সমর্থকক তৎপৰতাৰে দলীয় প্রচাৰত অংশ লোৱাৰ বাবে অনুৰোধ জনায়৷
বিটিচিপ্রধান প্রমোদ বড়োৱে আকৌ কয় যে বিটিচিৰ ক্ষমতা লাভৰ পিছত ইতিমধ্যে কোনো ধৰণৰ উৎকোচ নোলোৱাকৈ ২,০৬০গৰাকী যুৱক–যুৱতীক শিক্ষকৰ চাকৰি দিয়া হৈছে আৰু ভৱিষ্যতেও স্বচ্ছ আৰু নিকা পদ্ধতিৰে চাকৰি দিয়া হ’ব৷ তেওঁ আজি ২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিত দলৰ মনোনীত প্রার্থী সোমনাথ নার্জাৰীৰ হৈ গোসাঁইগাঁও মহকুমাৰ তেলিপাৰাত অনুষ্ঠিত এক দলীয় সভাত হাগ্রামা মহিলাৰীৰ বিৰুদ্ধেও সৰৱ হৈ পৰে৷ তেওঁ কয় যে হাগ্রামা মহিলাৰীয়ে পৰাজয়ৰ আশংকাত ভুগি মোৰ বিৰুদ্ধে আবোল–তাবোল বকি থকাই নহয় মিছা অভিযোগেৰে ৰাইজক বিভ্রান্ত কৰি ভোট আদায় কৰাৰ অপচেষ্টা চলাইছে যদিও সফল নহ’ব৷ হাগ্রামাই অস্তিত্ব ৰক্ষাৰ বাবে মহাজোঁটত চামিল হৈছে যদিও অসমত বিজেপি মিত্রজোঁটৰ চৰকাৰক হাগ্রামাই ৰোধ কৰিব নোৱাৰে৷ বিধানসভা নির্বাচনৰ পিছত বিপিএফৰ কার্যালয়ত তলা ওলমিব৷ প্রার্থিত্বক কেন্দ্র কৰি ইতিমধ্যে বিপিএফৰ মাজত ফাট মেলিছে৷ ফলত বহুতো নেতাই বিপিএফ এৰি আমাৰ দলত যোগদান কৰিবলৈ সাজু হৈছে৷ সদ্য ইউপিপিএল দলত যোগদান কৰা বিটিচিৰ প্রাক্তন ই এম লক্ষীৰাম টুডুৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই সভাত প্রমোদ বডোৰ লগতে প্রার্থী সোমনাথ নার্জাৰী, বিটিচিৰ পৰিষদীয় সদস্য সজল কুমাৰ সিংহ, মনোনীত পৰিষদীয় সদস্য উইলছন হাছদাকে ধৰি দলটোৰ বিভিন্ন পর্যায়ৰ নেতা–কর্মীৰ উপৰি চান্তাল কলনীৰ চৰকাৰী গাঁওবুঢ়াসকল উপস্থিত থাকে৷