নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ পূর্বে এছটিৰ মর্যাদা নিদিলে চলিব কঠোৰ আন্দোলন

কোচ ৰাজবংশীৰ ১৯ সংগ্রামী সংগঠনৰ সংবাদ মেল

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে কোচ ৰাজবংশীসহ ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ ১৯টাকৈ দল–সংগঠনে৷ আজি সংগঠনসমূহে যৌথভাৱে এখন সংবাদ মেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে৷ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দিলীপ কুমাৰ বৰাই ইতিমধ্যে মন্ত্রীগোটে প্রস্তুত কৰা প্রতিবেদন দাখিল কৰিবলৈ দাবী উত্থাপন কৰিছে৷ আগন্তুক সংসদৰ অধিৱেশনৰ সময়ত জনগোষ্ঠীকেইটাক জনজাতিকৰণ কৰাৰ ব্যৱস্থা গ্রহণ নকৰিলে আন্দোলনৰ পৰৱর্তী কার্যপন্থা নির্ধাৰণ কৰা হ’ব বুলিও তেওঁ হুংকাৰ দিয়ে৷ অৱশ্যে ইয়াৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীটোৱে কম সময়ৰ ভিতৰত ভাল খবৰ লাভ কৰিব বুলি আশা প্রকাশ কৰিছে৷ সদৌ অসম কোচ ৰাজবংশী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক গকুল বর্মনে এই প্রসংগত কয়– ‘এই জ্বলন্ত বিষয়টোক লৈ কেইবাবাৰো কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনা অনুষ্ঠিত হৈছে৷

আনহাতে, বর্তমানৰ স্বীকৃত জনজাতিসমূহে ছয় জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে৷ যাৰ পৰিপ্রেক্ষিতত এই বিষয়টো নিষ্পত্তিৰ বাবে মন্ত্রীগোটৰ কমিটী গঠন কৰা হৈছিল৷ যোৱা ৯ অক্টোবৰত আনুষ্ঠানিকভাৱে চূড়ান্ত বৈঠক অনুষ্ঠিত হৈছে৷ অচিৰেই ইয়াৰ প্রতিবেদন প্রেৰণ কৰিব বুলি আমি আশা প্রকাশ কৰিছোঁ৷ লোকসভা–ৰাজ্যসভাৰ অধিৱেশনৰ প্রাক্ক্ষণত প্রতিবেদন প্রেৰণ কৰি ছয় জনগোষ্ঠীক দিয়া প্রতিশ্রুতি পালন কৰিব বুলি আশা কৰিছোঁ৷ ২০২১ বর্ষটো কোচ ৰাজবংশীসকলৰ বাবে আশাৰ বছৰ হ’ব৷’ ইফালে বর্মনে শেহতীয়াকৈ কোচ ৰাজবংশী শ্বহীদ পৰিয়াললৈ এককালীন অর্থ সাহায্য আৰু নিযুক্তিৰ সুবিধা প্রদান কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনায়৷ জনগোষ্ঠীটোৰ সামগ্রিক বিকাশৰ বাবে গঠন কৰিবলগীয়া কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদ সংগ্রামী সংগঠনসমূহৰ পৰা উপযুক্ত ব্যক্তিসকলক লৈ গঠন কৰিবলৈ আহ্বান জনায়৷ এই প্রসংগত সংগঠনসমূহে মুখ্যমন্ত্রীলৈ স্মাৰক–পত্র প্রেৰণ কৰে৷ একে সময়তে বি টি আৰৰ সীমান্তৱর্তী অঞ্চলসমূহত থকা অজনজাতীয় গাঁওসমূহ কর্তন কৰাৰ বাবে সংশ্লিষ্ট আয়োগৰ ওচৰত আবেদন দাখিল কৰিব বুলি তেওঁ সদৰী কৰে৷ উল্লেখ্য যে বহুধাবিভক্ত হৈ থকা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সংগঠনসমূহ একত্রিতভাৱে সমস্যাসমূহ সমাধান কৰিবলৈ আগবাঢ়ি আহিছে৷ ইতিমধ্যে তেওঁলোকৰ এখন যৌথ বৈঠক অনুষ্ঠিত হৈছে৷ আজিৰ সংবাদ মেলত অতুল চন্দ্র ৰয়, হিমু ৰাজবংশী, হিতেশ্বৰ বর্মন, দিব্যজ্যোতি কুমাৰ ডেকা, ৰঞ্জিত কুমাৰ ৰয়, অতুল চন্দ্র ৰয়কে ধৰি দল–সংগঠনসমূহ নেতৃবৃন্দ উপস্থিত থাকে৷

You might also like