ধুবুৰীত গৰিব কল্যাণ সন্মিলনত অংশগ্ৰহণ হিতাধিকাৰীৰঃ উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা
নিয়মীয়া বাৰ্তা, ৩১ মেঃ ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে আজি ছিমলাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যেমেৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন প্ৰান্তৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে আৰু কৃষক সন্মান নিধিৰ একাদশ কিস্তি’ মোকলাই দিয়াৰ বাবে আয়োজিত হোৱা ‘গৰিব কল্যাণ সন্মিলন’ত অংশ লয়। প্ৰধানমন্ত্ৰীগৰাকীৰ সেই কাৰ্যসূচীত অংশ ল’বলৈ ধুবুৰীৰ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এখন বিশেষ সভাত প্ৰধানমন্ত্ৰীগৰাকীৰ মত বিনিময় অনুষ্ঠান অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। প্ৰায় পাঁচ শতাধিক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰা ধুবুৰীৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত সেই সভাখনত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যসূচীৰ পূৰ্বে আৰম্ভ হোৱা ধুবুৰীৰ সেই সভাখনত অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, ‘‘পূৰ্বতে আৱাস যোজনা, বৃদ্ধ পেন্সন, বিধৱা পেন্সন সকলোতে মধ্যভোগী আছিল আৰু হিতাধিকাৰীৰ অধিকাংশ ধন হৰলুকি হৈছিল৷ কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা পৰিস্থিতিৰ সলনি হ’ল৷ এতিয়া হিতাধিকাৰীৰ একাউন্টত পোনপটীয়াকৈ ধন সোমায় ;কোনো মধ্যভোগী নাথাকে৷’’ তেওঁ কোভিড মহামাৰীৰ সংকটৰ সময়ত ৰাইজক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে লোৱা বলিষ্ট পদক্ষেপৰ প্ৰসংগও নিজৰ ভাষণত উল্লেখ কৰে৷ জিলা উপায়ুক্তই আদৰণি ভাষণ দিয়া অনুষ্ঠান অন্ত পৰাৰ লগে লগে আৰু প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা অনুষ্ঠান আৰু তেখেতৰ ভাষণ জিলা পুথিভড়াল প্ৰেক্ষাগৃহত উপস্থিত থকা ৰাইজক পোনপতীয়াকৈ দেখুওৱা হয়৷ প্ৰধান মন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, জলজীৱন মিছন, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী ৰাইজে প্ৰধানমন্ত্ৰীৰ ভাষণ মনোযোগেৰে শুনে আৰু অনায়াসে আঁচনিসমূহৰ সুবিধা পোৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰাও পোৱা যায়।আজিৰ এই সভাখনত জিলা উপায়ুক্ত অন্বামুথন এম পি, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সান্যাল, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী