বিটিচিৰ ভৈয়াম জনজাতি-অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ উদ্যোগত খৈৰাবাৰীত হিতাধিকাৰীক চেক্ প্ৰদান
নিয়মীয়া বাৰ্তা, ১০জুন: অনচাই বিথাংখী আঁচনিৰ অধীনত বি টি চিৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছ পৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ পৰা খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ১১১ গৰাকী জনজাতীয় লোকে পাঁচ হাজাৰ টকাকৈ এককালীন অনুদান লাভ কৰে । খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এছ টি বৰ্ডৰ জৰিয়তে পাঁচ হাজাৰকৈ লাভ কৰা হিতাধিকাৰী সকলক আজি চেক্ সমুহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । এছ টি বৰ্ডৰ সদস্য খগেন নাৰ্জাৰীৰ সভাপতিত্বত খৈৰাবাৰীৰ শংকৰ মিছন প্ৰেক্ষাগৃহত অনুষ্ঠিত চেক্ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাগ লয় বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ চন্দ্ৰ বড়োই । খৈৰাবাৰী মণ্ডল বি জে পিৰ সম্পাদক নাৰায়ণ বড়োই আঁত ধৰা উক্ত সভাত এছ টি বৰ্ডৰ সভাপতি দেৰহাছাট বড়ো , ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ ভেৰগাঁও মহকুমা কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক অলংবাৰ বসুমতাৰী, ভি চি ডি চিৰ চেয়াৰমেন সকলৰ লগতে ইউ পি পি এল আৰু বি জে পিৰ নেতা-কৰ্মী সকল উপস্থিত থাকে ।
প্ৰেৰক ধীৰেন মহলীয়া