বংগত বিনিয়োগ কৰা ধন নির্বাচনৰ বাবে অসমলৈ আনিছে একাংশ বিপিএফৰ ঠিকাদাৰে
নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ ৰাজ্যখনত নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতো অসম আৰু পশ্চিমবংগৰ সীমান্তৰ শ্রীৰামপুৰেৰে দৈনিক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৰবৰাহ হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যখনৰ বিভিন্ন প্রান্তত ধাৰাবাহিকভাৱে আৰক্ষী আৰু নির্বাচনী পর্যবেক্ষকে নগদ ধন জব্দ কৰি আছে যদিও এইপর্যন্ত শ্রীৰামপুৰেৰে হোৱা নগদ ধনৰ সৰবৰাহৰ ক্ষেত্রত আৰক্ষী মৌন হৈ থকা বুলি অভিযোগত প্রকাশ৷ জানিব পৰা মতে, কোকৰাঝাৰ আৰক্ষীৰ শীর্ষ মহলৰ পৃষ্ঠপোষকতাতে পশ্চিমবংগৰ পৰা কোকৰাঝাৰলৈ অনা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন৷ কার্যতঃ আগন্তুক বিধানসভা নির্বাচনত ব্যৱহাৰৰ বাবেই এই ধন অনাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে বিগত বিপিএফৰ ১৭ বছৰীয়া কার্যকালত বিটিচিত ঠিকা কৰা বিপিএফৰ মদতপুষ্ট এটা ঠিকাদাৰ আৰু ব্যৱসায়ী লবীৰ সৃষ্টি হৈছিল৷ বিপিএফৰ পৃষ্ঠপোষকতা লাভ কৰি কম দিনতে ধনাঢ়্য হৈ পৰা এই ঠিকাদাৰ, ব্যৱসায়ীসকলে শিলিগুৰিকে ধৰি পশ্চিমবংগৰ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰি ব্যৱসায়িক সাম্রাজ্য গঢ়ি তুলিছে৷ এতিয়া বিটিচিত ক্ষমতাৰ পৰা আঁতৰি অহাৰ পিছত বিপিএফ দলে বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত প্রয়োজনীয় ধনৰ বাবে এইসকল ঠিকাদাৰক হেঁচা প্রয়োগ কৰাৰ বাবেই পশ্চিমবংগত বিনিয়োগ কৰা ধন ওভতাই আনি বিপিএফৰ নির্বাচনী ব্যয়ত সহায় কৰিছে এই ব্যৱসায়ী গোষ্ঠীটোৱে৷ এইক্ষেত্রত গোসাঁইগাঁও মহকুমাৰ এজন বিজেপিৰ বিটিচি পাৰিষদেও সহযোগিতা আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে৷
কংগ্রেছৰ পৰা আহি বিজেপিত যোগদান কৰা শ্রীৰামপুৰৰ এই বিজেপি নেতাজনৰ বিৰুদ্ধে বিভিন্ন অবৈধ ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে৷ পুৰণি বন্ধুত্বৰ সূত্রেই এই নেতাজনে বিপিএফৰ আশিসধন্য ব্যৱসায়ী মহলটোক সহযোগিতা আগবঢ়োৱা বুলি প্রকাশ পাইছে৷ এই নেতাজনৰ সৈতে ছিণ্ডিকেটৰ স্বার্থতে কোকৰাঝাৰৰ শীর্ষ আৰক্ষী মহলৰ সৈতে মধুৰ সম্পর্ক থকাটো সর্বজনবিদিত৷ উল্লেখ্য যে নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছৰ পৰা নগদ ধনৰ সৰবৰাহৰ ক্ষেত্রত বাধা–নিষেধ আৰোপ কৰা হয় যদিও শ্রীৰামপুৰৰ নগদ ধনৰ সৰবৰাহে এতিয়া বিভিন্ন প্রশ্ণৰ উত্থাপন কৰিছে৷ আনহাতে বিটিচি নির্বাচনৰ পাছতেই এতিয়া অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত বিটিআৰৰ ৰাজনীতি উত্তপ্ত হৈ উঠিছে৷ এনে পৰিপ্রেক্ষিতত কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ পৰিস্থিতি যিকোনো মুহূর্তত উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা প্রবল৷ এনে সময়তে বিটিচিত থকা অবৈধ অস্ত্র–শস্ত্রসমূহ জব্দ কৰাৰ ক্ষেত্রত আৰক্ষীয়ে বিশেষ কোনো তৎপৰতা গ্রহণ নকৰাটো গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷
উল্লেখ্য যে একাংশ পূর্বৰ বিএলটি নেতা–কেডাৰৰ হাতত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র মজুত থকা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ বিগত নির্বাচনসমূহত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে এই অবৈধ অস্ত্রৰ সহায়তে নির্বাচনত জয়ী হ’বলৈ সক্ষম হৈছিল বুলিও প্রকাশ পাই আহিছিল৷ এতিয়া বিটিচিত শাসনত নথকাৰ পিছতো বিপিএফৰ আশীর্বাদপুষ্ট একাংশ ব্যৱসায়ীয়ে নগদ ধনৰ সৰবৰাহ কৰা আৰু বিটিচিত এইপর্যন্ত কোনোধৰণৰ অবৈধ অস্ত্র–শস্ত্র জব্দ নোহোৱা বিষয়টো যথেষ্ট তাৎপর্যপূর্ণ বুলি চিহ্ণিত হৈছে৷ এইক্ষেত্রত কোকৰাঝাৰ আৰক্ষীৰ ভূমিকা সম্পূর্ণৰূপে ৰহস্যৰ আৱর্তত সোমাই পৰিছে৷