নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দন দাধৰাৰ নাৰী আৰু অসহায় ছবিয়ে লাভ কৰিলে সন্মানঃ ছাউথ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ডত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ

বিশেষ বাৰ্তা ৯ মে: ছাউথ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল এৱাৰ্ড ২০২২ত নগাঁৱৰ চন্দন দাধৰাৰ নাৰী (The Women)য়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইতিপূৰ্বে অনলাইনযোগে অনুষ্ঠিত চুটি ছবি প্ৰতিযোগিতাত দেশৰ ৪০৭২খন বিভিন্ন ভাষাৰ ছবিয়ে ভাগ লৈছিল ৷ নগাঁৱৰ পুৰণিগুদাম ৰান্ধনীচুকৰ চন্দন দাধৰাৰ পৰিচালনাৰ নাৰী ছবিখনিয়ে শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ খিতাপ লাভ কৰাৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মানো লাভ কৰিছে । নাৰী প্ৰযোজনাত আছে ৰাম ৰায় ।ছবিখনৰ পৰিকল্পনা বাবী কুমাৰ গোস্বামীৰ আৰু কাহিনী সুনীতা শৰ্মাৰ ৷ আন হাতে আন এখন চুটি ছবি “অসহায়” (Helpless) য়েও মহোৎসৱটিত সন্মান বুটলিবলৈ সক্ষম হৈছে । অসহায়ে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে ৷ অসহায়ৰ পৰিকল্পনা নমিতা বৰা আৰু প্ৰৱাহন কাশ্যপৰ ৷ কাহিনী মুকুল বৰাৰ ৷ বিভিন্ন শিতানত সন্মন বুটলিবলৈ সক্ষম হোৱা দুয়োখন চুটি ছবিৰে পৰিচালক চন্দন দাধৰা ৷

প্ৰেৰক কনক হাজৰিকা

You might also like