নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ১৬ ফেব্ৰুৱাৰীঃ নামঘৰ, মণিকূট, গুৰু আখনখনে আমাৰ জাতিৰ পৰিচয়। নামঘৰ নাথাকিলে হয়তো শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জন্ম ন’হল হেতেন। আমি সকলোৱে ব্যক্তিক কেন্দ্ৰীক হৈ গৈছো। ভাগৱতপাঠ, নাম প্ৰসংগ নামঘৰত হ’ব লাগিব। এই বক্তব্য ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ। শ্ৰীমন্ত শঙ্কপদেৱ সংঘ, ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত তথা গোৰেশ্বৰ আঞ্চলিক শাখাৰ শিল্কীঝাৰ মনিকাঞ্চন প্ৰাথমিক শাখাৰ ২৮ সংখ্যক বাৰ্ষিক অধিবেশন আৰু স্থায়ী গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে আজি অনুষ্ঠিত হোৱা মুকলি ধৰ্মালোচনী সভাত অতিথি হিচাবে অংশ গ্ৰহন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে নিজৰ ভাষনত কয় যে- আমি আজি সকলোৱে ব্যক্তি কেন্দ্ৰীক হৈ গলো। নামঘৰ, সত্ৰৰ কথা পাহৰি গৈছো। কিন্তু আজিৰ পৰা ৫৭৩ বছৰ আগতে গুৰুজনাই নামঘৰ, সত্ৰ আদি প্ৰতিষ্ঠা কৰি বৃহত্তৰ অসমীয়া জাতি যেনেদৰে গঢ়ি থৈ গ’ল। শিল্কীঝাৰ মনিকাঞ্চন প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গনত ( বালিৰাম ক্ষেত্ৰ ) দূদিনীয়া কাৰ্যসূছীৰে অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশন আৰু গুৰু আসন প্ৰতিষ্ঠাৰ মুকলি সভাত উদ্ধোধনি ভাষন ৰাখে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন সদস্য কুমুদ ডেকাই। অভ্যৰ্থনা সমিতিৰ সাধাৰন সম্পাদক শৰৎ চন্দ্ৰ ডেকাই আতধৰা মুকলি ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহন কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিক্ষা সচীৱ কৃষ্ণ কিংকৰ সাতুনিয়াৰে নিজৰ ভাষনত কয় যে নতুন প্ৰজন্মক আধ্যাত্মিক আৰু নৈতিক শিক্ষা প্ৰদানৰ একমাত্ৰ অনুষ্ঠান হৈছে নামঘৰ। এই নামঘৰৰ পৰা বিচ্ছিন্ন হ’লে অসমতে অসমীয়া ভগনীয়া হব। কেবা শতাধিক ভক্তৰ সমাগমেৰে আৰম্ভ হোৱা মুকলি ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকা, আমন্ত্ৰিত অতিথি হিচাবে অংশ গ্ৰহন কৰে ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ এম চি এলে পবিত্ৰ কুমাৰ বড়ো, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় প্ৰচাৰ শাখাৰ সম্পাদক নৱীন দাস, ৰঙিয়া জিলা শাখাৰ সভাপতি নৰেশ্বৰ ডেকা, গোৰেশ্বৰ আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি নৰেন কলিতা , প্ৰাক্তন সম্পাদক ধৰ্মকান্ত ৰাজবংশী, গোৰেশ্বৰ ব্লক যুৱ ইউ পি পি এলৰ সভাপতি সদানন্দ বড়োকে কেবাজনো বিশিষ্ট ব্যক্তিয়ে। উল্লেখ্য যে মুকলি সভাৰ পূৰ্বে পূৱা নাম প্ৰসংগ আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিচতে সাংস্কৃতিৰ সমাৰোহৰে সমূহ অনুষ্ঠানৰ সামৰনি পৰে।