নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাগ্য কলিতাৰ কার্যালয়–ঘৰত দ্বিতীয় দিনাও আয়কৰৰ তালাচী

কোটি কোটি কৰ ফাঁকি

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ কৰ ফাঁকিৰ অভিযোগত আয়কৰ বিভাগৰ দলে আজি দ্বিতীয় দিনাও বিতর্কিত ঠিকাদাৰ ভাগ্য কলিতাৰ মহানগৰস্থিত বাসগৃহ, কার্যালয় আৰু এখন ৰিজ’টত অভিযান চলায়৷ ঠিকাদাৰজনৰ ৰিহাবাৰীস্থিত বাসগৃহ, গণেশগুৰিৰ বি কে টাৱাৰত থকা কার্যালয় আৰু খানাপাৰাত থকা গ্রীনউড ৰিজ’টত আয়কৰ বিভাগৰ দলে কৰ ফাঁকিৰ অভিযোগ সন্দর্ভত মাৰাথন তালাচী অভিযান চলায়৷ উল্লেখ্য যে আয়কৰ বিভাগৰ বিষয়াৰ দলে কালি পুৱাৰে পৰা প্রভাৱশালী ঠিকাদাৰ ভাগ্য কলিতাৰ লগতে আন দুগৰাকী প্রতিষ্ঠিত ঠিকাদাৰ অনুপম শর্মা আৰু যুগল কিশোৰ মহন্তৰ মহানগৰত থকা কেইবাটাও স্থানত মাজনিশা পর্যন্ত তালাচী অভিযান চলাইছিল৷ বিশেষকৈ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ ঠিকাত ব্যৱহাৰিক প্রমাণ–পত্রৰ ব্যাপক বিসংগতি আৰু কোটি কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগত আয়কৰ বিভাগে কালি ঠিকাদাৰ তিনিজনৰ ব্যৱসায়িক সাম্রাজ্য পৰিচালনা কৰা কার্যালয় আৰু বাসগৃহত তালাচী চলাইছিল৷ অভিযানকালত ঠিকা সংক্রান্তীয় কামৰ বিভিন্ন নথিপত্র আৰু বেংকৰ জৰিয়তে ধন লেনদেন কৰা নথিপত্র তন্ন তন্নকৈ পৰীক্ষা কৰিছিল৷ প্রাক্তন আলফা নেতা তথা ঠিকাদাৰ যুগল কিশোৰ মহন্তৰ মহানগৰীৰ চানমাৰিস্থিত ঊষা ক’ট আৰু নাতিদূৰৈত থকা আইভৰী এনক্লেভত তালাচী চলোৱাৰ উপৰি একে সময়তে ঠিকাদাৰজনৰ ডিব্রুগড়ৰ বাসগৃহ আৰু দিল্লীত থকা বাসগৃহ আৰু কার্যালয়ত আয়কৰ বিভাগৰ দলে তালাচী চলায়৷ আয়কৰ বিভাগৰ আন এটা দলে কালি জু–ৰোডৰ ভাস্কৰ নগৰত থকা আইভৰী এনক্লেভত থকা ঠিকাদাৰ অনুপম শর্মাৰ বাসগৃহ আৰু কার্যালয়ত পুৱাৰে পৰা নিশা পর্যন্ত অভিযান চলায়৷ এই দুজন ঠিকাদাৰক বাদ দি আয়কৰ বিভাগৰ দলে প্রতিষ্ঠিত ঠিকাদাৰ ভাগ্য কলিতাৰ ঘৰত আজিও পুৱাৰে পৰা নিশালৈকে তালাচী চলায়৷ ভাগ্য কলিতাৰ ৰিহাবাৰীত থকা বাসগৃহত আয়কৰ বিভাগৰ দলে তালাচী চলোৱাৰ সময়তে ঠিকাদাৰজনৰ পুত্রক লগত লৈ বিভাগটোৰ আন এটা দলে গণেশগুৰিৰ বি কে টাৱাৰত থকা কার্যালয়ত তালাচী চলায়৷ আনহাতে, বিভাগটোৰ আন এটা দলে ঠিকাদাৰজনৰ খানাপাৰাস্থিত গ্রীনউড ৰিজ’টতো তালাচী চলায়৷

আয়কৰ বিভাগৰ এক সূত্রই জনোৱা মতে, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ পথ নির্মাণৰ ঠিকা কৰা ভাগ্য কলিতাৰ কামৰ বিপৰীতে বার্ষিক হিচাপ বহীত (অডিট ফাইল) লিপিবদ্ধ আছে নে নাই, সেই দিশটো তন্ন তন্নকৈ পৰীক্ষা কৰে৷ একেদৰে ঠিকাদাৰজনৰ দৈনিক ‘লেজাৰ বুক’ত হিচাপৰ খতিয়ান লিপিবদ্ধ আছে নে নাই, তাৰো পৰীক্ষা কৰি চায়৷ অভিযোগ মতে, শ শ কোটি টকাৰ কাম কৰা ঠিকাদাৰসকলে ঠিকাৰ কামত লাভ হোৱা এক বৃহৎ পৰিমাণৰ ধন বেংকত জমা নাৰাখি কৰ ফাঁকি দিয়ে৷ উদাহৰণস্বৰূপে ১০০ কোটিৰ ঠিকাত প্রায় ৩০ শতাংশ টকা লাভ হয়৷ সেই অনুসৰি ১০০ কোটিৰ ঠিকাৰ বিপৰীতে লাভ হোৱা ৩০ শতাংশ ধনৰ ১০ শতাংশ ধন বেংকত জমা ৰাখি ২০ শতাংশ ধন নিজৰ লগত জমা ৰাখি কৰ ফাঁকি দিয়ে৷ সূত্রটোৰ মতে, ভাগ্য কলিতাৰ বাসগৃহ আৰু কার্যালয়ত এনে দিশবোৰো তন্ন তন্নকৈ পৰীক্ষা কৰে৷ এই সম্পর্কে আয়কৰ বিভাগৰ দলে চার্টার্ড একাউণ্টেটক লগত ৰাখি পৰীক্ষা কৰে৷ উল্লেখ্য যে ঠিকাদাৰ ভাগ্য কলিতাই ঠিকাৰ উপৰি অন্যান্য ব্যৱসায় আৰু ভাৰা ঘৰ আদিৰ পৰাও মাহিলি কোটি কোটি টকা আহৰণ কৰে৷ এনে উৎসৰ পৰা লাভ কৰা ধন নগদ হিচাপে নিজৰ লগত ৰাখিব নোৱাৰে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, আয়কৰ বিভাগৰ দলে ভাগ্য কলিতাৰ বাসগৃহ আৰু কার্যালয়ৰ পৰা কোটি কোটি টকা জব্দ কৰাৰ লগতে হীৰা–সোণ আৰু বহু গুৰুত্বপূর্ণ নথিপত্র জব্দ কৰিবলৈ সক্ষম হয়৷ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকাৰীৰ পথ নির্মাণৰ ঠিকা কৰা আন দুই ঠিকাদাৰ অনুপম শর্মা আৰু যুগল কিশোৰ মহন্তৰ কার্যালয়ৰ পৰাও কেইবালাখ টকা আৰু কৰ ফাঁকি সংক্রান্তীয় নথিপত্র জব্দ কৰা বুলি বিভাগীয় সূত্রে জানিব পৰা গৈছে৷ অৱশ্যে এই সংক্রান্তত আয়কৰ বিভাগে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমত এই পর্যন্ত একো তথ্য জনোৱা নাই৷

You might also like